ETV Bharat / entertainment

Atlee twitter:এটলীৰ শেহতীয়া পোষ্টে কৌতুহলী কৰি তুলিছে অনুৰাগীক

বলীউড তাৰকা শ্বাহৰুখ খানৰ অভিনীত ছবি ‘জোৱান’ বৰ্তমান চৰ্চাত আছে (Shah Rukh Khans Jawan) ৷ উৰাবাতৰি চলি আছে যে তেলুগু তাৰকা থালাপতি বিজয় ছবিখনৰ অংশ হ’ব পাৰে ।

author img

By

Published : Sep 23, 2022, 5:24 PM IST

Shah Rukh Khan's 'Jawan'
চিনেমাৰ খবৰ

চিটাৰা ডেস্ক, 23 ছেপ্টেম্বৰ : বলীউডৰ তাৰকা শ্বাহৰুখ খানৰ অভিনীত ছবি ‘জোৱান’ শেহতীয়া কালছোৱাত সৰ্বাধিক প্ৰত্যাশিত ছবি হিচাপে পৰিগণিত হৈছে ৷ উৰাবাতৰি চলিছে যে তেলুগু তাৰকা থালাপাথী বিজয় ছবিখনৰ অংশ হ’ব পাৰে ।

শনিবাৰে এটলীয়ে তেওঁৰ টুইটাৰ হেণ্ডেলত দুয়োজন চুপাৰষ্টাৰৰ সৈতে ফটো দি নিজৰ জন্মদিনটো আটাইতকৈ শ্ৰেষ্ঠ জন্মদিন হিচাপে গণ্য কৰে ৷ ফটো দেখাৰ পিছত কিন্তু অনুৰাগীসকল উদগ্ৰীৱ হৈ পৰে ৷ শ্বাহৰুখ আৰু বিজয়ক একেলগে ছবিত দেখা পোৱাৰ আশা কৰিছে অনুৰাগীয়ে ৷

ফটোত এজন অনুৰাগীয়ে মন্তব্য কৰে, "এখন আইকনিক ছবি! #ThalapathyVijay আৰু #ShahRukhKhan দুয়োজনেই ভাৰতীয় চিনেমা ইতিহাসৰ দুজন ডাঙৰ চুপাৰষ্টাৰ । ব্লকবাষ্টাৰৰ পিছত ব্লকবাষ্টাৰ, অতুলনীয় চুপাৰষ্টাৰডম & কেতিয়াও শেষ নোহোৱা ক্ৰেজ । দেশৰ দুজন ডাঙৰ মানি-স্পিনাৰ" । আন এজনে লিখে, "ৰলেক্স ৰিচ্চ । এতিয়া বিজয়ে কেমিঅ' গ্ৰহণ কৰিলে । প্ৰেৰণাদায়ক সূৰ্য়া" । "মই এইটো বিশ্বাস কৰিব পৰা নাই । এইটো সঁচা নেকি ? অনুগ্ৰহ কৰি নিশ্চিত কৰক", আৰু এজন অনুৰাগীয়ে প্ৰশ্ন কৰে ।

ইণ্টাৰনেটত প্ৰথমবাৰৰ বাবে এই উৰাবাতৰি ওলোৱা নাই । পূৰ্বেও ছ’চিয়েল মিডিয়াত দুয়োজন তাৰকাৰ এখন ছবি ভাইৰেল হৈছিল, য’ত শ্বাহৰুখক বগা চাৰ্টত আৰু বিজয়ে বেঙুনীয়া ৰঙৰ চাৰ্ট পিন্ধি থকা দেখা গৈছিল । ইফালে শ্বাহৰুখ খান আগন্তুক ছবি ‘জোৱান’ৰ শ্বুটিংত ব্যস্ত । এটলী কুমাৰৰ নেতৃত্বত গৌৰী খানে প্ৰযোজনা কৰিছে ‘জোৱান’, আৰু উপস্থাপন কৰিছে ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে ।

শ্বাহৰুখে শ্বেয়াৰ কৰা ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰে ইতিমধ্যে যথেষ্ট খলকনি তুলিছে ৷ বিশেষকৈ কিং খানৰ অলৌকিক লুকত মতলীয়া হৈছে । 2023 চনৰ 2 জুনত হিন্দী, তামিল, তেলেগু, মালয়ালম আৰু কানাড়া পাঁচটা ভাষাত ছবিগৃহত মুক্তি পাব ‘জোৱান’ । খান সম্প্ৰতি আৰু দুটা প্ৰজেক্টত ব্যস্ত হৈ আছে, সিদ্ধাৰ্থ আনন্দৰ নতুন ছবি দীপিকা পাডুকনৰ সৈতে ‘পাঠান’ আৰু তাপসী পন্নুৰ বিপৰীতে ৰাজকুমাৰ হিৰাণীৰ ‘ডুংকী’ ।

লগতে পঢ়ক :বলীউডত 30 বছৰ সম্পূৰ্ণ কিং খানৰ, শ্বেয়াৰ কৰিলে পাঠান ছবিখনৰ পৰা তেওঁৰ নতুন লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.