ETV Bharat / entertainment

বিয়াৰ পূৰ্বে মিনি স্কাৰ্ট পিন্ধি পাৰ্লাৰলৈ গ’ল আমিৰ খানৰ কন্যা ইৰা খান, চাওক ভিডিঅ’

Ira Khan Wedding: আজি প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব আমিৰ খানৰ কন্যা ইৰা খান । ইৰাই বিয়াৰ বাবে সাজু হ’বলৈ উপস্থিত হৈছে পাৰ্লাৰত । চাওক ভিডিঅ’ ৷

Ira Khan flaunts 'Bride-to-be' headband as she visits salon ahead of her wedding
ইৰা খানৰ বিয়া
author img

By ANI

Published : Jan 3, 2024, 2:45 PM IST

চিটাৰা ডেস্ক, ৩ জানুৱাৰী: আজি বিবাহপাশত আৱদ্ধ হ’ব আমিৰ খানৰ কন্যা ইৰা খান । দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব ইৰা খানে । অৱশ্যে আজি ইৰা আৰু নুপুৰৰ আইনী বিয়া হে সম্পন্ন হ’ব ৷ ইফালে এই বিশেষ দিনৰ বাবে সাজু হ’বলৈ পাৰ্লাৰলৈ যোৱা দেখা গ’ল ইৰাক। সম্প্ৰতি পাৰ্লাৰৰ বাহিৰৰ পৰা ইৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত আমিৰ খানৰ কন্যাক অতি সাধাৰণ সাজ-পোছাকত দেখা গৈছে । ইফালে একাংশই ইৰাৰ সাজ-পোছাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

পাৰ্লাৰৰ বাহিৰত কেজুৱেল লুকত দেখা গৈছিল ইৰা খানক । মিনি স্কাৰ্ট আৰু টি-চাৰ্ট পৰিহিত ইৰাক গোলপীয়া ৰঙৰ চুলিৰ বেণ্ড পৰিধান কৰা দেখা গৈছিল ৷ এই বেণ্ডটোত লিখা আছিল ‘Bride to be’ । ইৰাই ইয়াৰ স’তে পৰিধান কৰিছিল ক’লহাপুৰী চপ্পল ।

ইৰাৰ এই লুকটোৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । এই ভিডিঅ’টোত ব্যৱহাৰকাৰীয়ে প্ৰকাশ কৰিছে নিজৰ মতামত । একাংশই ইৰাৰ ড্ৰেছিং চেন্সৰ ওপৰত মন্তব্য কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে – বেচেলৰ পাৰ্টি বেণ্ডটো খুলিবলৈ পাহৰিলে । আনহাতে আন এজনে লিখিছে – আপুনি এতিয়াও এই শৈশৱৰ পোছাক পৰিধান কৰে ? এজনে লিখিছে – এনেকৈ খোজ কঢ়াৰ কি প্ৰয়োজন ?

বিয়াৰ পূৰ্বে চেলফি শ্বেয়াৰ

বিয়াৰ পূৰ্বে দুখন মৰমলগা চেলফিও শ্বেয়াৰ কৰিছে ইৰাই । ইৰাই চেলফিত ক’লা টি-চাৰ্ট আৰু হেয়াৰবেণ্ড পৰিধান কৰা দেখা গৈছে । যাৰ ওপৰত লিখা আছে – ‘Bride to be’। ফটোখন শ্বেয়াৰ কৰি ইৰাই লিখিছে - ৰেডি... গোটেই দিনটো এইখন পিন্ধিম মই । আনখন চেলফিত ইৰাক বহি থকা দেখা গৈছে আৰু কেপচনত লিখিছে - বেলেগ বেলেগ ঠাইত এই হেয়াৰবেণ্ডৰ সৈতে বহি আছো ৷

Ira Khan flaunts 'Bride-to-be' headband as she visits salon ahead of her wedding
ইৰা খানৰ বিয়া

উল্লেখ্য যে, ইৰা আৰু নুপুৰে বহু বছৰ ধৰি ডেট কৰি আছিল । বহু বছৰ ধৰি ডেট কৰাৰ পিচত এতিয়া বিয়াৰ সিদ্ধান্ত লৈছে এই যুটিটোৱে । ২০২২ চনত ইৰা আৰু নুপুৰৰ এংগেজমেণ্ট হৈছিল । এতিয়া আজি বিবাহপাশত আৱদ্ধ হ’ব ইৰা আৰু নুপুৰ ৷ পৰিয়ালৰ লগত কিছু বিশেষ বন্ধু-বান্ধৱীয়ে এই বিয়াত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: আমিৰ খানৰ কন্যা ইৰা খানৰ হালধি অনুষ্ঠান, মাৰাঠী লুকত অভিনেতাগৰাকীৰ দুই প্ৰাক্তন পত্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.