চিটাৰা ডেস্ক, 12 আগষ্ট : দিনক দিনে বেয়ালৈ গৈ আছে উৰ্ৱশী ৰৌতেলা আৰু ঋষভ পাণ্টৰ মাজৰ সম্পৰ্ক ৷ তেওঁলোকৰ ইনষ্টাগ্ৰাম পোষ্ট চাই এনেকুৱা লাগিছে যেন এই কথাৰ কটাকটিৰ অন্ত নহ’ব কেতিয়াও ৷ বৃহস্পতিবাৰে ঋষভ পাণ্টে এটা ভাইৰেল ভিডিঅ’ত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যিটো ভিডিঅ’ত অভিনেত্ৰী উৰ্ৱশীয়ে কৈছিল যে হোটেলৰ লবীত এজন নিৰ্দিষ্ট ‘আৰ পি’ য়ে তেওঁৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰি আছিল ।
ঋষভ পাণ্টে ইয়াক খাৰিজ কৰি কয় যে "সামান্য জনপ্ৰিয়তা অৰ্জনৰ খাতিৰতে সাক্ষাৎকাৰত কিছুমান মানুহে মিছা কথা কয়" ৷ অৱশ্যে এই পোষ্টটো দি তেওঁ কেইঘণ্টামানৰ পিছত ডিলিট কৰিছিল । এতিয়া উৰ্ৱশীয়ে তেওঁৰ ইনষ্টাগ্ৰামত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
ঋষভ পাণ্টৰ ‘Mera Picha Chhoro Behen’ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উৰ্ৱশীয়ে ইনষ্টাগ্ৰামত এটা দীঘলীয়া টোকা লিখিছে । তেওঁ লিখিছে, "সৰু ভাইটিয়ে বেট বল খেলাই ভাল...মই কোনো মুন্নী নহয় যে তোমাৰ সৈতে বদনাম হৈ যাম.. #ৰাখী বন্ধনৰ শুভেচ্ছা" ৷ "RP CHOTU BHAIYYA, Cougar Hunter, আৰু Don't take advantage of a silent girl", এইদৰে নিজৰ পোষ্টটো শেষ কৰে উৰ্ৱশীয়ে ।
- " class="align-text-top noRightClick twitterSection" data="
">
2018 চনত মুম্বাইৰ বহু জনপ্ৰিয় ৰেষ্টুৰেণ্ট, পাৰ্টী, অনুষ্ঠানত একেলগে প্ৰৱেশ আৰু প্ৰস্থান কৰা দেখা পোৱাৰ পিছত দুয়োৰে মাজৰ সম্পৰ্কক লৈ বাতৰি আৰম্ভ হয় । একে বছৰতে অলপ সময় পিছলৈ হোৱাটছএপত দুয়োজনে ইজনে সিজনক ব্লক কৰা বুলি বাতৰি প্ৰকাশ পায় । ঋষভ পাণ্টে অৱশ্যে 2019 চনৰ জানুৱাৰী মাহত উৰাবাতৰি খাৰিজ কৰি প্ৰেমিকা ঈশা নেগীৰ সৈতে সম্পৰ্কৰ কথা ঘোষণা কৰে । ঋষভে ঈশাৰ সৈতে ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰি তেওঁৰ বাবে এটা মেছেজ লিখিছিল, "মাত্ৰ তোমাক সুখী কৰিব বিচাৰো কাৰণ তুমিয়েই মোৰ সুখী হোৱাৰ কাৰণ" ৷
উৰ্ৱশীয়ে অলপতে এটা জনপ্ৰিয় মনোৰঞ্জন প’ৰ্টেলত সাক্ষাৎকাৰ দিয়াৰ ক্লিপ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । সাক্ষাৎকাৰটোত উৰ্ৱশীয়ে কয় যে এজন নিৰ্দিষ্ট "মিষ্টাৰ আৰ পি" য়ে অলপ টোপনি অহাৰ সময়ত তেওঁক লগ কৰিবলৈ হোটেলৰ লবীত প্ৰায় ১০ ঘণ্টা ধৰি অপেক্ষা কৰি আছিল আৰু মানুহজনে ইমান সময় অপেক্ষা কৰাৰ বাবে তেওঁৰ বেয়া লাগিছিল ।
ক্লিপটো ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীসকলে পুনৰ ঋষভ পাণ্টক উৰ্ৱশীৰ সৈতে সংযোগ কৰিবলৈ আৰম্ভ কৰে । নেটিজেনে কমেণ্ট কৰিবলৈ ধৰিলে যে সাক্ষাৎকাৰত উৰ্ৱশীয়ে যি "আৰ পি"ৰ কথা কৈছে তেওঁ আন কোনো নহয় ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পাণ্ট ।
এই কথাত ঋষভে 'Mera Picha Chhoro Behen', আৰু 'Jhuth Ki Bhi Limit Hoti Hai' এইদৰে ইনষ্টাগ্ৰামত পোষ্ট দিছিল কিছু সময় পিছত পোষ্টটো আঁতৰাই দিছিল ৷ শুকুৰবাৰে খুব সময়ৰ ভিতৰতে উৰ্ৱশীয়েও ইনষ্টাগ্ৰামত ঋষভৰ মন্তব্যকলৈ নিজৰ মত প্ৰকাশ কৰে । এইদৰে চলি আছে দুয়ো তাৰকাৰ মাজত খুটখাট ৷ কিমান দূৰ আগবাঢ়ি যায় এই ছ’চিয়েল মিডিয়া গেম সেইয়াহে লক্ষণীয় হ’ব ৷
লগতে পঢ়ক : অৰ্জুন কানুংগো কাৰ্লা ডেনিছৰ বিবাহৰ ফটোৱে মুগ্ধ কৰিব আপোনাকো