চিটাৰা ডেস্ক, 1 অক্টোবৰ: পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এজন অসমীয়াই ৷ চ’নী টিভিৰ ডান্স ৰিয়েলিটি শ্ব’ ইণ্ডিয়াছ বেষ্ট ডান্সাৰ ছিজন ৩ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে অসমৰ সমৰ্পণ লামাই ৷ কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এইজন ইণ্ডিয়াছ বেষ্ট ডান্সাৰৰ বিজয়ীৰ জন্ম অসমত হ’লেও, তেওঁৰ কৰ্মস্থান হৈছে মহাৰাষ্ট্ৰত । ইণ্ডিয়াছ বেষ্ট ডান্সাৰত যোগদান কৰাৰ পূৰ্বে সমৰ্পণ পুনেত থাকিয়েই নিজৰ কৰ্ম কৰি গৈছিল ৷ নিজৰ হাস্যৰসিক শৈলীৰে সমপৰ্ণে অডিচন ৰাউণ্ডৰ সময়তে বিচাৰকৰ সন্মুখত শ্ব’টোত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য স্পষ্ট কৰি দিছিল । সমৰ্পণে কৈছিল যে তেওঁ বহুত ধন উপাৰ্জন কৰিব বিচাৰে আৰু নিজৰ পৰিয়ালক ক’ব বিচাৰে তেওঁলোকৰ পুত্ৰ এতিয়াও জীয়াই আছে ।
উল্লেখ্য যে, সমৰ্পণৰ সম্পূৰ্ণ পৰিয়ালটো অসমতে থাকে । যিহেতু সমৰ্পণ পুনেত থাকে সেয়েহে, পিতৃ তথা পৰিয়ালৰ সৈতে বহু বছৰ ধৰি কোনো সাক্ষাৎ হোৱা নাই ৷ এই বিষয়ে তেওঁ অডিচন ৰাউণ্ডত কৈছিল - ‘‘টিভিত আহিলে মই মোৰ পৰিয়ালবৰ্গক ক'ব পাৰিম যে চোৱা, তোমাৰ সন্তান এতিয়াও জীয়াই আছে আৰু কিবা এটা কৰি আছে ।’’ অৱশ্যে ইণ্ডিয়াছ বেষ্ট ডান্সাৰ প্লেটফৰ্মে শ্ব’টোৰ গ্ৰেণ্ড ফিনালেত সমৰ্পণক পৰিয়ালৰ সৈতে পুনৰ যোগাযোগ কৰাই দিয়ে । তেওঁৰ পিতৃয়েও 17 বছৰৰ পাচত ভিডিঅ’ কলৰ জৰিয়তে সমৰ্পণৰ সৈতে কথা পাতে।
এটা বেলেগ সম্পূৰ্ণ বেলেগ সপোন লৈ শ্ব’টোত যোগদান কৰিছিল সমৰ্পণে
বিচাৰকৰ সৈতে নিজৰ অনুভৱ ব্যক্ত কৰি সমৰ্পণে কয়, ‘‘এই শ্ব’টোত জয়ী হোৱাৰ কথাও একো ভবা নাছিলো । কিন্তু মই বহু ডান্স ৰিয়েলিটি শ্ব’ত দেখিছো যে অডিচনত নৃত্যশিল্পীসকল আহি নৃত্য কৰে আৰু এবাৰ টিভিত তেওঁলোকৰ মুখখন দেখা পোৱা যায় ৷ তাৰ পিচত তেওঁলোকে পুনে বা নাচিকত বহু স্থানীয় ডান্স শ্ব’ সঞ্চালনা কৰিবলৈ আৰম্ভ কৰে । সেয়েহে, মইও অডিচন দি নিজৰ বাবে এটা ভাল উপাৰ্জনৰ উৎস সৃষ্টি কৰিব বিচাৰিছিলো ।’’
হাস্যৰসিক স্বভাৱৰ সমৰ্পণ
সমৰ্পণৰ কথা শুনি হাঁহিবলৈ বাধ্য হৈছিল শ্ব’টোৰ বিচাৰকসকল ৷ অৱশ্যে নিজৰ নৃত্যত প্ৰাণ ঢালি দিছিল আৰু প্ৰতিটো ৰাউণ্ডত নিজৰ নৃত্যত বহুত কষ্ট কৰিছিল সমৰ্পণে । টেৰেন্স লুইছে সমৰ্পণৰ প্ৰথম নৃত্য প্ৰদৰ্শন দেখাৰ পিচতে ইমানেই আপ্লুত হৈছিল যে তেওঁ নিজৰ ডিঙিৰ সোণৰ চেইনডাল উপহাৰ হিচাপে দিয়ে সমৰ্পণক । বিচাৰকৰ লগতে জনসাধাৰণৰ পৰাও সৰ্বাধিক ভোট লাভ কৰি সমৰ্পণ এই শ্ব’টোৰ বিজয়ী হয় ।
লগতে পঢ়ক: New York Fashion Week : অসমক গৌৰৱান্বিত কৰি নিউয়ৰ্ক ফেশ্বন উইকত অসমৰ শিক্ষাৰ্থীৰ কৃতিত্ব