ETV Bharat / entertainment

Sunny Deol: নিলাম নহয় ছানী দেওলৰ বাংলো, বেংকে প্ৰত্যাহাৰ কৰিলে জাননী, কিন্তু কিয় ? - গদৰ ২

শেহতীয়াকৈ গদৰ ২ৰ অভিনেতা ছানী দেওললৈ বেংক অৱ বৰোদাই প্ৰেৰণ কৰিছিল এক জাননী ৷ জাননীটোত উল্লেখ আছিল যে বেংকৰ ঋণ পৰিশোধ নকৰিলে নিলাম কৰা হ’ব ছানী দেওলৰ বাংলো ৷ এতিয়া এই সন্দৰ্ভত বেংকে আন এক জাননী প্ৰকাশ কৰিছে ৷ আজি প্ৰেৰণ কৰা জাননীত বেংকে প্ৰত্যাহাৰ কৰিছে নিলামৰ জাননী ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

In a U-turn, Bank of Baroda withdraws auction notice for Sunny Deol's bungalow, Congress curious
ছানী দেওলৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ
author img

By

Published : Aug 21, 2023, 12:41 PM IST

চিটাৰা ডেস্ক, ২১ আগষ্ট: ‘গদৰ ২’ ছবিখনেৰে আলোড়নৰ সৃষ্টি কৰা ছানী দেওলৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ । দেওবাৰে ছানী দেওলৰ সন্দৰ্ভত এটা বেয়া খবৰ পোৱা গৈছিল ৷ কোৱা হৈছিল যে ছানী দেওলে ঋণ পৰিশোধ নকৰাৰ বাবে বেংক অৱ বৰোদাই তেওঁৰ জুহু বাংলো নিলাম কৰাৰ জাননী প্ৰেৰণ কৰিছিল ৷ এতিয়া এই বিষয়ত ছানী দেওলে লাভ কৰিছে সকাহ ৷ বাংলোটো নিলামৰ জাননী প্ৰত্যাহাৰ কৰিছে বেংকে । বেংকে ২৫ ছেপ্টেম্বৰত ছানী দেওলৰ এই বাংলোটো নিলাম কৰাৰ কথা ঘোষণা কৰিছিল ৷

মুম্বাইৰ জুহুত অৱস্থিত অভিনেতা তথা বিজেপি সাংসদ ছানী দেওলৰ মালিকানাধীন বাংলোটোৰ সন্দৰ্ভত নিলামৰ জাননী প্ৰত্যাহাৰ কৰা হৈছে বুলি আজি বেংক অৱ বৰোদাৰ এক ঘোষণাত প্ৰকাশ পাইছে । ২৫ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ই-নিলামৰ জৰিয়তে ৫৬ কোটি টকা আদায় কৰাৰ লক্ষ্যৰে দেওবাৰে বেংক অৱ বৰোদাই গদৰ ২ অভিনেতাৰ সম্পত্তি নিলামৰ সিদ্ধান্ত ৰাজহুৱা কৰে ।

  • Yesterday afternoon the nation got to know that Bank of Baroda had put up the Juhu residence of BJP MP Sunny Deol for e-auction since he has not paid up Rs 56 crore owed to the Bank.

    This morning, in less than 24 hours, the nation has got to know that the Bank of Baroda has…

    — Jairam Ramesh (@Jairam_Ramesh) August 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বেংক অৱ বৰোদাই আজি এক বিবৃতিত ব্যাখ্যা কৰে যে, তেওঁৰ পৰ্দাৰ নাম ছানী দেওল নামেৰে পৰিচিত অজয় সিং দেওলৰ সৈতে জড়িত নিলামৰ জাননীখন কাৰিকৰী কাৰণত প্ৰত্যাহাৰ কৰা হৈছে ৷ পূৰ্বে প্ৰকাশ পোৱা অনুসৰি বেংকে প্ৰকাশ কৰিছিল যে ছানী ভিলা নামৰ জুহুৰ সম্পত্তিটোৰ নিলাম ৫১.৪৩ কোটি টকাত আৰম্ভ হোৱাৰ সম্ভাৱনা আছিল, য’ত নিলামৰ ন্যূনতম পৰিমাণ ৫.১৪ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল । দেওবাৰে জাৰি কৰা জাননীখনত লগতে উল্লেখ কৰা হৈছিল যে দেওল পৰিয়ালে যদি এই ঋণ পৰিশোধ কৰে তেন্তে এই নিলামি বন্ধ হৈ যাব পাৰে ৷

ইফালে নিলামৰ জাননীখন দ্ৰুতগতিত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ বাবে ইয়াক লৈ আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া । এই ঘটনাৰ সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়ে জয়ৰাম ৰমেশে প্ৰত্যাহাৰৰ আঁৰৰ কাৰণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ।

ৰমেশে ছ’চিয়েল মিডিয়াত প্ৰশ্ন কৰি কয়, "দেওবাৰে বিয়লি জাতিটোৱে গম পালে যে বেংক অৱ বৰোদাই বেংকৰ ওচৰত পাবলগীয়া ৫৬ কোটি টকা পৰিশোধ নকৰাৰ বাবে বিজেপি সাংসদ ছানী দেউলৰ জুহু বাসগৃহ ই-নিলামৰ বাবে ৰাখিছিল । আজি পুৱা, ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰতে জাতিটোৱে জানিব পাৰিছে যে বেংক অৱ বৰোদাই ‘কাৰিকৰী কাৰণ’ৰ বাবে নিলামৰ জাননী প্ৰত্যাহাৰ কৰিছে ৷ আচৰিত কথাটো হ’ল যে এই ‘কাৰিকৰী কাৰণ’বোৰ কোনে ট্ৰিগাৰ কৰিলে ?

লগতে পঢ়ক: Sunny Deol: বেংকৰ পৰা ছানী দেওললৈ প্ৰেৰণ জাননী; ঋণ পৰিশোধ নকৰিলে শীঘ্ৰেই নিলাম হ’ব বাংলো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.