ETV Bharat / entertainment

The Kerala Story controversy: দ্য কেৰালা ষ্ট’ৰীক লৈ ৰাজ্যপাল আৰিফ মহম্মদ খানে ক’লে এক ডাঙৰ কথা - দ্য কেৰালা ষ্ট’ৰী

আদা শৰ্মা অভিনীত দ্য কেৰালা ষ্ট’ৰীক লৈ চলি থকাৰ বিতৰ্কৰ মাজতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে ক’লে এক ডাঙৰ কথা (Arif Mohammed Khan on The Kerala Story) ৷

If there are love jihad incidents, Arif Mohammed Khan on The Kerala Story
আৰিফ মহম্মদ খানে কি ক’লে দ্য কেৰালা ষ্ট’ৰীক লৈ
author img

By

Published : May 5, 2023, 10:19 AM IST

চিটাৰা ডেস্ক 5 মে’: ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনক লৈ চলি থকা বিতৰ্কৰ মাজতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে এই সন্দৰ্ভত ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া (The Kerala Story latest news) ৷ ৰাজ্যপালগৰাকীয়ে কয় যে ৰাজ্যখনত যিকোনো ‘লাভ জেহাদ’ কাণ্ডৰ বিৰুদ্ধে পদক্ষেপ লোৱাটো ৰাজ্য চৰকাৰৰ দায়িত্ব (Arif Mohammed Khan on The Kerala Story)।

আৰিফ মহম্মদ খানে কয় যে, "মই ছবিখন চোৱা নাই, শান্তি আৰু আইন-শৃংখলা বজাই ৰখাৰ দায়িত্বত থকাসকলে এই কথাটো চাব লাগিব । যদি কেৰালাত লাভ জেহাদৰ কাণ্ড সংঘটিত হৈছে তেন্তে ইয়াৰ বিৰুদ্ধে পদক্ষেপ লোৱাটো ৰাজ্য চৰকাৰৰ দায়িত্ব ।"

উল্লেখ্য যে, আদা শৰ্মাৰ অভিনীত ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখন ৫ মে’ত অৰ্থাৎ আজি ছবিগৃহত মুক্তি পাব (The Kerala Story release date) । কেৰালাৰ যুৱতী-মহিলাসকলক বলপূৰ্বক ধৰ্মান্তৰকৰণ কৰা আৰু উগ্ৰবাদৰ আধাৰত নিৰ্মিত কৰা হৈছে ছবিখন । প্ৰথম অৱস্থাত ইউটিউবত মুক্তি পোৱা ছবিখনৰ টিজাৰত লিখা আছিল "হৃদয়বিদাৰক আৰু আন্ত্ৰিক- কেৰালাৰ ৩২,০০০ মহিলাৰ দুখলগা কাহিনী ৷"

লগতে পঢ়ক: AR Rahman: ‘দ্য কেৰালা ষ্ট’ৰী’ৰ বিতৰ্কৰ মাজতে এ আৰ ৰহমানে শ্বেয়াৰ কৰিলে সঁচা ‘কেৰালা ষ্ট’ৰী’ৰ এটা ভিডিঅ’

ছবিখনৰ টিজাৰ মুকলি হোৱাৰ পিচতে কেৰালা ৰাজ্যখনত সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়া (Adah Sharmas movie The Kerala story) ৷ কেৱল কেৰালাতে নহয়, সমগ্ৰ দেশজুৰি ছবিখনক লৈ সৃষ্টি হয় ব্যাপক বিতৰ্ক ৷ বহু ৰাজনৈতিক নেতাই এই ছবিখনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ আহ্বান জনায় ৷ আন একাংশই আকৌ ছবিখনক ব্যাপকভাৱে সমালোচনা কৰে (The Kerala Story controversy) ৷

ছবিখনৰ টিজাৰক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা এনে বিৰূপ প্ৰতিক্ৰিয়াৰ পিচতে নিৰ্মাতাই বৃহৎ সালসলনি কৰে ছবিখনৰ টিজাৰত ৷ প্ৰথমে টিজাৰত ৩২,০০০ মহিলাৰ সঁচা কাহিনী বুলি উল্লেখ কৰে যদিও টিজাৰৰ নতুন সংস্কৰণত "কেৰালাৰ তিনিগৰাকী যুৱতীৰ সঁচা কাহিনী" বুলিহে কোৱা হয় ৷

লগতে পঢ়ক: The Kerala Story: দ্য কেৰালা ষ্ট’ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত পিআইএল দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.