ETV Bharat / entertainment

Manoj Tiwari-Naseeruddin Shah: নাছিৰুদ্দিন শ্বাহৰ ওপৰত কিয় খং উঠিল মনোজ তিৱাৰীৰ ? - মনোজ তিৱাৰীয়ে কয় যে নাছিৰুদ্দিন শ্বাহ

নাছিৰুদ্দিন শ্বাহে দ্য কেৰালা ষ্ট’ৰীৰ সন্দৰ্ভত দিয়া মন্তব্যক লৈ জাঙুৰ খাই উঠিল মনোজ তিৱাৰী ৷ বিজেপি নেতা তথা অভিনেতা মনোজ তিৱাৰীয়ে কয় যে নাছিৰুদ্দিন শ্বাহৰ উদ্দেশ্য ভাল নহয় ৷

His intent is not right: Manoj Tiwari on Naseeruddin Shah as latter criticises The Kerala Story
নাছিৰুদ্দিন শ্বাহৰ ওপৰত কিয় খং উঠিল মনোজ তিৱাৰীৰ
author img

By

Published : Jun 2, 2023, 3:50 PM IST

চিটাৰা ডেস্ক, 2 জুন : প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহ শেহতীয়াকৈ কিছুমান মন্তব্যৰ বাবে বাতৰিৰ শিৰোনামত আছে ৷ শেহতীয়াকৈ তেওঁ পৰিচালক সুদীপ্ত সেনৰ ছবি দ্য কেৰালা ষ্ট’ৰীক লৈ নিজৰ মতামত প্ৰকাশ কৰিছিল ৷ ইয়াৰ পিচতে বাতৰিৰ শিৰোনাম দখল কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে ৷ এই সন্দৰ্ভত শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত কয় যে চলচ্চিত্ৰৰ সফলতা এক বিপজ্জনক ধাৰা । লগতে তেওঁ ছবিখনক নাজী জাৰ্মানীৰ সৈতে তুলনা কৰিছিল (Manoj Tiwari on Naseeruddin Shah comment)।

এতিয়া অভিনেতাগৰাকীৰ এই মন্তব্যক লৈ ক্ষোভিত হৈ পৰিছে বিজেপি নেতা, ভোজপুৰী কণ্ঠশিল্পী তথা অভিনেতা মনোজ তিৱাৰী । মনোজক যেতিয়া দ্য কেৰালা ষ্ট’ৰীত নাছিৰুদ্দিনে দিয়া মন্তব্যৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ কৈছিল যে গধুৰ হৃদয়েৰেই ক’ব লগা হৈছে যে নাছিৰুদ্দিন এজন ভাল অভিনেতা কিন্তু তেওঁৰ উদ্দেশ্য ভাল নহয় (Manoj tiwari defends the Kerala story)।

মনোজ তিৱাৰীয়ে প্ৰশ্ন উত্থাপন কৰে যে নাছিৰুদ্দিনে কিয় মাত মতা নাছিল যেতিয়া পূৰ্বৰ ছবিবোৰত কিছুমান দুৰ্বৃত্তই নাৰীক হাৰাশাস্তি কৰিছিল আৰু মহিলাসকলৰ বাবে অনুপযুক্ত মন্তব্য কৰিছিল । তেতিয়া নাছিৰুদ্দিনৰ ক’বলগীয়া একো নাছিল । অৱশ্যে আগৰ ছবিবোৰ কাল্পনিক বুলি যুক্তি দিছিল। তেওঁ লগতে কয় যে দ্য কেৰালা ষ্ট’ৰী আৰু দ্য কাশ্মীৰ ফাইলছ তথ্যৰ ওপৰত আধাৰিত ছবি (Manoj tiwari reaction on naseeruddin)।

ইয়াৰ পিচত মনোজ তিৱাৰীয়ে কয় যে যদি তেওঁৰ ছবিখনৰ সৈতে কোনো সমস্যা হয় তেন্তে তেওঁ আদালতলৈ যাব পাৰে । ভোজপুৰী ছুপাৰষ্টাৰগৰাকীয়ে আৰু কয় যে কথা কোৱাটো অতি সহজ । এই বিষয়টোত এগৰাকী ভাৰতীয় নাগৰিক আৰু এজন মানুহ হিচাপে নাছিৰুদ্দিনে ভাল পৰিচিতি অৰ্জন কৰিব পৰা নাই (Naseeruddin intent not right) ।

তাৎপৰ্যপূৰ্ণভাৱে কিছুদিন পূৰ্বে নাছিৰুদ্দিনে কৈছিল যে ‘ভীৰ, ‘আফৱা’ আৰু ‘ফৰাজ’ৰ দৰে ছবি আটাইকেইখনেই ফ্লপ হৈছিল যদিও ‘দ্য কেৰালা ষ্ট’ৰী’ চাবলৈ মানুহৰ ভিৰ হৈছিল । তেওঁ উল্লেখ কৰিছিল যে তেওঁ ছবিখন চোৱা নাই আৰু চোৱাৰ কোনো উদ্দেশ্য নাই কাৰণ তেওঁ ছবিখনৰ বিষয়ে বহু কথা পঢ়িছে (Naseeruddin criticises the kerala story)।

লগতে পঢ়ক: Sudipto Sen: পশ্চিমবংগ চৰকাৰৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য পৰিচালক সুদীপ্ত সেনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.