ETV Bharat / entertainment

Himesh Reshammiya Birthday: ভাতৃৰ মৃত্যু আৰু পিতৃৰ ইচ্ছাই কেনেকৈ হিমেশ ৰেশমীয়াক বনালে সংগীতজ্ঞ - হিমেশ ৰেশমীয়া

হিমেশ ৰেশমিয়াই তেওঁৰ অনন্য শৈলীৰে অনুৰাগীৰ হৃদয় জিকিবলৈ সক্ষম হৈছে ৷ আজি তেওঁ উদ্যোগটোৰ অন্যতম সফল তাৰকা । আজি হিমেশৰ জন্মদিন ৷ তেওঁৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা ৷

Himesh Reshammiya Birthday know all about teraa surroor singer salman khan give break
আজি হিমেশৰ জন্মদিন
author img

By

Published : Jul 23, 2023, 3:16 PM IST

চিটাৰা ডেস্ক, 23 জুলাই: হিমেশ ৰেশমিয়াক ছবি জগতৰ এনে এজন সংগীতজ্ঞ বুলি গণ্য কৰা হয় যিয়ে নিজৰ কামৰ বাবে যি স্বীকৃতি লাভ কৰিব লাগিছিল, সেই স্বীকৃতি নাপালে । নিজৰ সুকীয়া শৈলীৰ বাবে পৰিচিত হিমেশ ৰেশমীয়া । যদিও তেওঁৰ শৈলীৰ বাবে বহু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল, কিন্তু ইয়াৰ পিচতো এই শৈলীৰ বাবেই তেওঁক অনুৰাগীয়ে ভাল পাইছিল ৷

১৯৭৩ চনৰ ২৩ জুলাইত গুজৰাটৰ ভৱনগৰত জন্মগ্ৰহণ কৰিছিল হিমেশ ৰেশমিয়াই । আজি কণ্ঠশিল্পীগৰাকীয়ে উদযাপন কৰিছে ৫০ বছৰীয়া জন্মদিন । তেওঁৰ পিতৃ আছিল সংগীত পৰিচালক । এজন ককায়েকো আছিল হিমেশৰ ৷ পিতৃৰ ইচ্ছা আছিল যে তেওঁৰ পুত্ৰ তেওঁৰ দৰে সংগীতজ্ঞ হওক । কিন্তু ভাগ্যত অন্য কিবা এটা হে লিখা আছিল হিমেশৰ ৷ কিয়নো ১১ বছৰ বয়সতে মৃত্যুক সাৱটি লয় হিমেশৰ ভাতৃয়ে । হিমেশৰ পিতৃয়ে কামনা কৰিছিল যে তেওঁৰ সন্তানেও তেওঁৰ দৰেই সংগীতৰ লগত যোগদান কৰক । এতিয়া পিতৃৰ এই অপূৰণীয় কামনা ডাঙৰ পুত্ৰৰ মৃত্যুৰ পিচত সৰু পুত্ৰই পুৰণ কৰিবলগীয়া হ’ল ৷

ছলমান খানৰ সৈতে পেছাদাৰী সম্বন্ধ বহুত ভাল হিমেশৰ

হিমেশ ৰেশমিয়াৰ পিতৃয়ে এখন ছবি নিৰ্মাণ কৰিব বিচাৰিছিল আৰু তেওঁ সেই ছবিখনত ছলমান খানে অভিনয় কৰাটো বিচাৰিছিল। এই ছবিখনৰ জৰিয়তে তেওঁ হিমেশ ৰেশমিয়াকো এক প্ৰকাৰে লঞ্চ কৰিব বিচাৰিছিল । কিন্তু এয়া হ’ব সম্ভৱ হৈ নুঠিল ৷ কিন্তু ছলমান খানে হিমেশৰ কাম দেখি আপ্লুত হৈ তেওঁৰ ছবিখনত হিমেশৰ কম্পোজিচন ল’ব বুলি প্ৰতিশ্ৰুতি দিছিল ।

১৯৯৮ চনত ছলমান খানৰ ছবি প্যাৰ কিয়া তো ডৰ্না ক্যাৰ জৰিয়তে হিমেশে আত্মপ্ৰকাশ কৰে । ইয়াৰ পিচত ছলমান খানৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক গঢ়ি উঠে ৷ ছলমান খানৰ বহু ছবিৰ বাবে সংগীত দিছিল হিমেশে । বন্ধন আৰু হেল্ল’ ব্রাদাৰৰ দৰে ছবিতো সংগীত কৰিছিল হিমেশে । কিন্তু এইবোৰ এনেকুৱা ছবি আছিল য’ত হিমেশ ৰেশমিয়াৰ পূৰ্ণাংগ পাৰফৰমেনচ নাছিল ৷

কেৱল ছলমানৰ ছবিৰ পৰাই এককভাৱে আত্মপ্ৰকাশ কৰে হিমেশে

ছলমান খানৰ ‘দুলহান হাম লে জায়েংগে’ ছবিচ এককভাৱে আত্মপ্ৰকাশ কৰে হিমেশ ৰেশমিয়াই ৷ ইয়াৰ পিচতে স্বীকৃতি লাভ কৰিবলৈ আৰম্ভ কৰে হিমেশে । ছলমান খানৰ সৈতে হিমেশ ৰেশমিয়াৰ পেছাদাৰী বন্ধনটোও অতি বিশেষ। পিচৰ কেৰিয়াৰতো হিমেশে ভাইজানৰ বাবে বহুতো ছুপাৰহিট গীত উপহাৰ দিছে ।

কাহিন পিয়াৰ না হো যায়, তেৰে নাম, য়েহ হে জলৱা, দিল নে জিছে আপনা কহা, কিউকি, মেনে প্যাৰ কিউন কিয়া, বডিগাৰ্ড, কিক, প্ৰেম ৰতন ধন পায়ো, ৰাধে আৰু কিচি কা ভাই কিচি কি জান আদি ছবিত গীত উপহাৰ দিছে হিমেশে। মানে হিমেশ ৰেশমিয়াই যোৱা ডেৰ দশক ধৰি ছলমান খানৰ ছবিত সংগীত ৰচনা কৰি আহিছে । ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ছলমান খানে নিজৰ প্ৰিয় সংগীতজ্ঞক কিমান বিশ্বাস কৰে ।

লগতে পঢ়ক: Akshay Kumar: ৰাজীৱ ভাটিয়া কেনেকৈ হ’ল অক্ষয় কুমাৰ ? জানক অক্ষয় কুমাৰৰ সৈতে জড়িত কিছু আমোদজনক কাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.