ETV Bharat / entertainment

Highest Paid South Actors:আপোনাৰ প্ৰিয় দক্ষিণৰ তাৰকাগৰাকীয়ে কিমান পাৰিশ্ৰমিক লয় জানেনে?

author img

By

Published : Jan 28, 2023, 11:01 AM IST

ৰাজনীকান্তেই হওক বা প্ৰভাসেই হওক, দক্ষিণৰ তাৰকাসকলৰ প্ৰায় প্ৰতিখন ছবিয়েই হিট লিষ্টত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে ৷ এইক্ষেত্ৰত আপোনালোকৰ নিশ্চয়কৈ জানিবলৈ মন যায় যে প্ৰকৃততে দক্ষিণৰ অভিনেতাসকলে এখন এখন ছবিৰ বাবে কিমানকৈ পাৰিশ্ৰমিক লয় (Highest Paid South Actors) ?

HIGHEST PAID SOUTH ACTORS
দক্ষিণৰ তাৰকাৰ পাৰিশ্ৰমিক

চিটাৰা ডেস্ক, 28 জানুৱাৰী : এছ এছ ৰাজামৌলীৰ আৰ আৰ আৰয়েই হওক বা বাহুবলীয়েই হওক, দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ প্ৰায় প্ৰতিখন ছবিয়েই ছুপাৰহিট ছবিৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে । বলীউডৰ সমান্তৰালকৈ এতিয়া চলচ্চিত্ৰপ্ৰেমী দৰ্শক দক্ষিণৰ ছবিৰ অনুৰাগী হৈ পৰিছে ৷ দক্ষিণৰ তাৰকাসকলৰ অনুৰাগী দেশজুৰি বিয়পি আছে ৷ পাৰিশ্ৰমিকৰ ক্ষেত্ৰত দক্ষিণৰ অভিনেতাসকলে বলীউডৰ অভিনেতাসকলকো পিছ পেলাইছে (Highest Paid South Actors) ৷ জানো আহক এইসকল তাৰকাই প্ৰতিখন ছবিৰ বিনিময়ত কিমানকৈ পাৰিশ্ৰমিক লয় (South Actors fees) ?

ৰজনীকান্ত 120 কোটি টকা: কলীউডৰ প্ৰথমজন অভিনেতা হ’ল ৰজনীকান্ত যিয়ে তিনি অংকৰ পাৰিশ্ৰমিক লয় । অৱশ্যে তেওঁৰ শেহতীয়া ছবিবোৰে বৰ সুন্দৰ প্ৰদৰ্শন কৰিব পৰা নাছিল, সেয়েহে এতিয়া পূৰ্বতকৈ তেওঁৰ মাচুল কমিছে ।

কমল হাছান: বিক্ৰমৰ মেগা বক্স অফিচ সফলতাৰ পিছত কমল হাছানৰ বজাৰ মূল্য ৫০ কোটি টকা বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি তেওঁ প্ৰতিখন ছবিৰ বাবে ৫০ কোটিৰো অধিক পাৰিশ্ৰমিক লয় ।

বিজয় 115 কোটি: বিজয় তামিল চিনেমাৰ সেই বিৰল তাৰকাসকলৰ ভিতৰত অন্যতম, যাৰ ছবি যিকোনো প্ৰকাৰেই হিট হয় । বিজয়ৰ মূল্য বহু বলীউড তাৰকাতকৈ ওপৰত ৷

অজিত 105 কোটি: দক্ষিণৰ জনপ্ৰিয় তাৰকাসকলৰো কথা কওঁতে অজিতৰ নাম শীৰ্ষত আহে । তথ্য অনুসৰি বনী কাপুৰৰ সৈতে তেওঁৰ 3 খন ছবিৰ চুক্তি আছে ।

সূৰ্য়া 70 কোটি: 2022 চনত অভিনেতা সূৰ্য়াক এখন ছবিৰ বাবে 55 কোটি টকা দিয়া হৈছিল ।

ৰাম চৰণ তেজা 40 কোটি: ৰাম চৰণ গোলকীয়ভাৱে জনপ্ৰিয় এগৰাকী চলচ্চিত্ৰ অভিনেতা । কিংবদন্তি অভিনেতা মেগাষ্টাৰ চিৰঞ্জীৱী পুত্ৰ তেওঁ ৷

শিৱকৰ্থিকেয়ন 35 কোটি: শিৱকৰ্থিকেয়ান হৈছে নৱ প্ৰজন্মৰ অভিনেতাসকলৰ মাজৰ এজন যিয়ে দ্ৰুতগতিত ওপৰলৈ গতি কৰিছে । ইখনৰ পিছত সিখনকৈ হিট ছবিৰ বাবে তেওঁৰ পাৰিশ্ৰমিক বৃদ্ধি পাইছে ।

ধনুশ 30 কোটি: তথ্য অনুসৰি প্ৰতিখন চিনেমাত কাম কৰাৰ বাবদ ধনুশে 30 কোটিকৈ টকা লয় ।

মোহনলাল 8 কোটিৰ পৰা 20 কোটি টকা: খবৰ অনুসৰি মোহনলালে 8 কোটিৰ পৰা 20 কোটি টকাৰ ভিতৰত পাৰিশ্ৰমিক লয় । মোহনলাল আচলতে সৰ্বাধিক দৰমহা পোৱা মালয়ালম অভিনেতা । তেওঁ নিজৰ চলচ্চিত্ৰ জীৱনত বহু হিট ছবি দিছিল । যেনে ‘দৃশ্যাম’, ‘পুলিমুৰুগান’ আৰু ‘লুচিফাৰ’, যিয়ে সঁচাকৈয়ে তেওঁৰ মূল্য বৃদ্ধি কৰিলে ।

পৃথ্বীৰাজ সুকুমাৰণ 3 কোটিৰ পৰা 10 কোটিলৈ: সৰ্বাধিক দৰমহা পোৱা মালয়ালম অভিনেতাৰ শাৰীত অহা পৰৱৰ্তী মলীউড অভিনেতাজন হৈছে পৃথ্বীৰাজ সুকুমাৰণ । খবৰ অনুসৰি পৃথ্বীৰাজ সুকুমাৰণে প্ৰায় 3 কোটিৰ পৰা 10 কোটি টকা পৰ্যন্ত পাৰিশ্ৰমিক লয় ।

প্ৰভাস 80 ৰ পৰা 100 কোটি: প্ৰভাস ৰাজু উপ্পালাপতি জনপ্ৰিয়ভাৱে প্ৰভাস নামেৰে পৰিচিত টলীউডৰ এজন অন্যতম অভিনেতা । প্ৰভাসৰ অভিনয় জীৱনৰ আৰম্ভণি ছবি ঈশ্বৰ আৰু ৰাঘবেন্দ্ৰই ভাল প্ৰদৰ্শন কৰা নাছিল । তেওঁ এছ.এছ. ৰাজমৌলীৰ সৈতে কাম কৰি খ্যাতি অৰ্জন কৰে ।

মহেশ বাবু 70 কোটি: জনপ্ৰিয়ভাৱে প্ৰিন্স নামেৰে পৰিচিত মহেশ বাবু তেলুগু চিনেমাৰ অন্যতম জনপ্ৰিয় যুৱ তাৰকা ।

জুনিয়ৰ এন টি আৰ 50 কোটি: জুনিয়ৰ এন টি আৰ বা তাৰক নামেৰেও পৰিচিত নন্দমুৰী তাৰকা ৰামা ৰাও এজন ভাৰতীয় অভিনেতা, গায়ক আৰু টেলিভিছন পৰিচালক, যিয়ে মূলতঃ তেলুগু চিনেমাত কাম কৰে ।

আল্লু অৰ্জুন 40 কোটি: আল্লু অৰ্জুন এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা যিয়ে প্ৰধানকৈ তেলুগু চিনেমাত কাম কৰে ।

লগতে পঢ়ক : আপুনি জানেন SRK ৰ পাঠানত অভিনয় কৰিছে আমীৰ খানৰ ভগ্নীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.