ETV Bharat / entertainment

Ayushmann Khurrana: চলন্ত বিমানত এগৰাকী মহিলা অনুৰাগীয়ে দিলে আয়ুষ্মান খুৰানাক চাৰপ্ৰাইজ

author img

By

Published : Aug 18, 2023, 7:19 PM IST

বৰ্তমান আগন্তুক ছবি ড্ৰিম গাৰ্ল ২ৰ প্ৰচাৰত ব্যস্ত হৈ আছে অভিনেতা আয়ুষ্মান খুৰানা ৷ ইয়াৰ মাজতে ছবিখনৰ প্ৰচাৰৰ বাবে গৈ থকা অৱস্থাত বিমানত এগৰাকী অনুৰাগীয়ে অভিনেতাগৰাকীক অতি মৰম লগা চাৰপ্ৰাইজ দিয়ে ৷ আয়ুষ্মানক কি চাৰপ্ৰাইজ দিলে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Here's how a fan made Ayushmann Khurrana's flight journey memorable
অনুৰাগীয়ে দিলে আয়ুষ্মান খুৰানাক চাৰপ্ৰাইজ

চিটাৰা ডেস্ক, ১৮ আগষ্ট: মুক্তি পাবলৈ ওলাইছে আয়ুষ্মান খুৰানাৰ ছবি ড্ৰিম গাৰ্ল ২ । এনে পৰিস্থিতিত আয়ুষ্মান খুৰানা ব্যস্ত হৈ পৰিছে ছবিখনৰ প্ৰচাৰৰ কামত। কিন্তু ছবিখনৰ প্ৰচাৰৰ যাত্ৰাত অভিনেতাগৰাকীয়ে এনে এগৰাকী অনুৰাগীক লগ পাইছিল যিয়ে অভিনেতাগৰাকীৰ যাত্ৰা আৰু অতি সুন্দৰ কৰি তুলে ৷ লগতে অভিনেতাগৰাকীয়ে অনুৰাগীগৰাকীৰ প্ৰশংসাও কৰে ৷

আয়ুষ্মান খুৰানাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত অনুৰাগীৰ এখন ছবি শ্বেয়াৰ কৰিছে ৷ আচলতে আয়ুষ্মান খুৰানাই বৰ্তমান বহু চহৰ ভ্ৰমণ কৰি আছে ড্ৰিম গাৰ্ল ২ৰ প্ৰচাৰৰ বাবে । শেহতীয়াকৈ তেওঁ মুম্বাইৰ পৰা ইন্দোৰলৈ যাত্ৰা কৰিছিল, যিটো তেওঁৰ বাবে যথেষ্ট ভাগৰুৱা আছিল যদিও ইয়াৰ মাজতে এগৰাকী অনুৰাগীয়ে তেওঁৰ দিনটো স্মৰণীয় কৰি তুলে ৷

এটা হৃদয়স্পৰ্শী চাৰপ্ৰাইজ দিয়ে অনুৰাগীগৰাকীয়ে

আয়ুষ্মান খুৰানাই ইনষ্টা ষ্ট’ৰীত এখন বিমানৰ ছবি শ্বেয়াৰ কৰিছে । ফটোখনত এগৰাকী মহিলা অনুৰাগীয়ে গোপনে আয়ুষ্মানক নিজৰ ফোন দেখুৱাই থকা দেখা গৈছে, য’ত তেওঁ অভিনেতাগৰাকীৰ বাবে এটি সুন্দৰ বাৰ্তা লিখিছিল ৷ সেই বাৰ্তাটো হৈছে, “ভাৰতীয় চিনেমাক আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ”।

এই সন্দৰ্ভত কি ক’লে আয়ুষ্মানে ?

অনুৰাগীৰ এই প্ৰশংসাই আয়ুষ্মান খুৰানাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল । অভিনেতাজনে ছবিখনেৰ সৈতে এটা কেপচন লিখিছে- ড্ৰিম গাৰ্ল ২ৰ প্ৰচাৰৰ বাবে ইন্দোৰৰ পৰা মুম্বাইলৈ ক্লান্তিকৰ ভ্ৰমণৰ মাজতে এই ছোৱালীজনীয়ে মোৰ দিনটো সুন্দৰ কৰি তুলিলে। ইয়াৰ লগতে অভিনেতাগৰাকীয়ে আৱেগ ইমোজী আৰু ৰেড হাৰ্ট ইমোজিও শ্বেয়াৰ কৰে ৷

কেতিয়া মুক্তি পাব ছবিখন ?

আয়ুষ্মান খুৰানাৰ ছবি ড্ৰিম গাৰ্ল ২ পৰিচালনা কৰিছে ৰাজ ছাণ্ডিল্যাই । আনহাতে ছবিখন পৰিচালনা কৰিছে একতা কাপুৰ আৰু শোভা কাপুৰে । ২০২৩ চনৰ ২৫ আগষ্টত ছবিগৃহত মুক্তি পাব ড্ৰিম গাৰ্ল ২।

ছবিখনৰ ষ্টাৰকাষ্ট

ড্ৰিম গাৰ্ল ২ ত আয়ুষ্মান খুৰানাৰ বিপৰীতে মহিলা নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে অনন্যা পাণ্ডেই । ইয়াৰ উপৰিও পৰেশ ৰাৱাল, ৰাজপাল যাদৱ, বিজয় ৰাজ, মঞ্জোৎ সিং, অভিষেক বেনাৰ্জী, মনোজ যোশী, আছৰানী, সীমা পাহৱা আৰু অনু কাপুৰকো ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ।

লগতে পঢ়ক: Dil Ka Telephone 2.0 Song OUT : নতুন সুৰৰে মুকলি হ’ল ড্ৰিম গাৰ্ল ২ প্ৰথমটি গীত 'দিল কা টেলিফোন ২.০', চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.