ETV Bharat / entertainment

Happy Birthday Taapsee Pannu: তাপসী পান্নুক কোৱা হৈছিল অশুভ, অভিনেত্ৰীগৰাকীয়ে নিজেই প্ৰকাশ কৰিছিল দুখ - তাপসী পান্নু

দক্ষিণৰ ছবিৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তাপসী পান্নুৱে ৷ আজি অভিনেত্ৰীগৰাকীয়ে ৩৬ সংখ্যক জন্মদিন উদযাপন কৰিছে।

HBD Taapsee Pannu: When Taapsee Pannu was called 'unlucky charm' as her Telugu films didn't work
তাপসী পান্নুৰ জন্মদিন
author img

By

Published : Aug 1, 2023, 6:44 PM IST

চিটাৰা ডেস্ক, 1 আগষ্ট: পিংক, বদলা, হাছিন দিলৰুবা আদি ছবিত উৎকৃষ্ট অভিনয় কৰা তাপসী পান্নুৰ আজি জন্মদিন ৷ দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তাপসীয়ে । নিজৰ কঠোৰ পৰিশ্ৰমৰ ভিত্তিত উদ্যোগটোত এই পদবী অৰ্জন কৰিছে অভিনেত্ৰীগৰাকীয়ে । যদিও এনেকুৱা এটা সময়ো আছিল যেতিয়া তাপসীক অশুভ বুলি মন্তব্য কৰিছিল ৷ শিক্ষাৰ ক্ষেত্ৰত বলীউডৰ বহু অভিনেত্ৰীতকৈ বহু আগবাঢ়ি আছে তাপসী । গুৰু টেগ বাহাদুৰ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰাৰ পিচত তেওঁ এটা প্ৰতিষ্ঠানত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰে । য’ত তেওঁ বহুতো এপ ডেভেলপ কৰিছিল । ইয়াৰ পৰাই মডেলিঙৰ অফাৰ পাবলৈ আৰম্ভ কৰিলে তাপসীয়ে ৷ পৰৱৰ্তী সময়ত অভিনয়ৰ সুযোগ লাভ কৰে তাপসীয়ে ৷ যদিও এই যাত্ৰা সহজ নাছিল তাপসীৰ বাবে । ধাৰাবাহিকভাৱে ফ্লপ হোৱা ছবিয়ে তেওঁৰ কেৰিয়াৰত বেয়া প্ৰভাৱ পেলাইছিল ।

তাপসীক উদ্যোগটোত অশুভ বুলি কোৱা হৈছিল

তাপসীয়ে কেতিয়াও ভবা নাছিল যে তেওঁ এগৰাকী অভিনেত্ৰী হ’ব । অৱশ্যে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ সময়ত বহু সংগ্ৰামো কৰিবলগীয়া হৈছিল । এটা সময়ত তেওঁক উদ্যোগটোত আনলাকী বুলি কোৱা হৈছিল । এটা সাক্ষাৎকাৰত তাপসীয়ে কৈছিল, ‘তেলেগু ভাষাৰত মোৰ কিছুমান ছবি বক্স অফিচত ফ্লপ হোৱাৰ বাবে সকলোৱে মোক অনলাকী গাৰ্ল আৰু অনলাকী চাৰ্ম বুলি অভিহিত কৰিছিল । সঁচা কথা ক’বলৈ গ’লে মই ক’ব নোৱাৰো যে এই ছবিবোৰ চহী কৰাৰ আগতে মই এই ছবিবোৰৰ বিষয়ে বহুত চিন্তা কৰিছিলোঁ, কাৰণ সেই সময়ত মোৰ কোনো নাছিল ।

কিছুমান দৃশ্যৰ বাবেই আনলাকী বুলি কৈছিল তাপসীক

তাপসীয়ে কয়, ‘মই জনপ্ৰিয় নামক বিশ্বাস কৰি ছবিত চহী কৰিছিলো । যিটোৱে মোৰ বাবে কাম নকৰিলে, কাৰণ মই চলচ্চিত্ৰ উদ্যোগটোৰ পৰা অহা নাছিলো, গতিকে মোৰ ভুলৰ পৰা শিকিলোঁ । সেইবোৰ ছবিৰ বাবে মোক দোষাৰোপ কৰা হৈছিল, য’ত মোক মাত্ৰ তিনিটা গীত আৰু পাঁচটা দৃশ্যহে কৰিবলৈ দিয়া হৈছিল ৷ কিন্তু মই প্ৰায়ে ভাবিছিলো কিয় মই ? এই সকলোবোৰে মোক বৰ বিচলিত কৰিছিল যদিও মই বুজি পাইছিলো যে মই কি কৰিব বিচাৰো । তেতিয়া মই আৰু কাৰো কথা নুশুনিলোঁ। ’’

লগতে পঢ়ক: Shehnaaz Gill: শ্বেহনাজে ভাতৃক দিলে বিলাসী উপহাৰ, উপহাৰৰ মূল্য জানিলে আচৰিত হ’ব আপুনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.