ETV Bharat / entertainment

Sanjay Dutt Birthday: সঞ্জয় দত্তৰ ৩০৮ গৰাকী প্ৰেমিকাৰ কাহিনী কিমান দূৰ সত্য ? প্ৰেমিকাৰ বাবে পত্নীকো আওকাণ কৰিছিল নেকি তেওঁ ?

author img

By

Published : Jul 29, 2023, 12:24 PM IST

HBD Sanjay Dutt: জীৱনত ইমানেই উত্থান-পতন ঘটিছে যে জীৱনৰ বহু ঘটনা ছবিৰ পৰ্দাত ইতিমধ্যে অৱতৰণ কৰি এক আলোড়নৰ সৃষ্টি কৰিছে । আমি আন কাৰো কথা কোৱা নাই আমি কৈছোঁ বলীউডৰ খলনায়ক সঞ্জু বাবা অৰ্থাৎ সঞ্জয় দত্তৰ কথা, যাৰ আজি জন্মদিন । তেওঁ জন্মদিন উপলক্ষে জানো আহক তেওঁৰ বিষয়ে জনা-নজনা কিছু কথা ৷

HBD Sanjay Dutt love life affairs girlfriends wife career films controversy some unknown facts of Sanjay Dutt
সঞ্জয় দত্তৰ ৩০৮ গৰাকী প্ৰেমিকাৰ কাহিনী কিমান দূৰ সত্য

চিটাৰা ডেস্ক, 29 জুলাই: সৰুৰে পৰাই অভিনয়ৰ এবিচিডি পঢ়িবলৈ আৰম্ভ কৰিছিল যদিও তাৰকাত্বই তেওঁক এনে পথত লৈ গৈছিল, য’ত তেওঁ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল । অৱশ্যে এই সকলোবোৰ বিষয়ৰ মাজত তেওঁৰ প্ৰেম কাহিনীৰ ওপৰত অধিক আলোচনা হয় । আমি ক’বলৈ ওলাইছো ১৯৫৯ চনৰ ২৯ জুলাইত সুনীল দত্ত আৰু নৰ্গিছ দত্তৰ ঘৰত জন্মগ্ৰহণ কৰা সঞ্জয় দত্তৰ কথা । জন্মদিনৰ বিশেষ অনুষ্ঠানত আমি সঞ্জয় দত্তৰ প্ৰেম সম্পৰ্কৰ ওপৰত ক’বলৈ ওলাইছো ।

৩০৮ গৰাকী প্ৰেমিকাৰ বাস্তবিকতা কি ?

১৯৮১ চনত ৰকি ছবিৰে বলীউডত অভিষেক ঘটোৱা সঞ্জয় দত্তই এতিয়ালৈকে ১৮৭খনতকৈও অধিক চিনেমাত কাম কৰিছে । ইয়াৰ ভিতৰত নায়কৰ পৰা খলনায়কলৈকে বিভিন্ন চৰিত্ৰত তেওঁ অভিনয় কৰিছে । আপোনালোকক জনাই দিও যে, সঞ্জয় দত্তৰ সংবাদ মাধ্যমৰ বাতৰিত ৩০৮ গৰাকী প্ৰেমিকা আছে বুলি দাবী কৰা হয়, যিটো বাস্তৱ । দৰাচলতে সঞ্জয় দত্তৰ জীৱনক লৈ সঞ্জু নামৰ এখন চিনেমা নিৰ্মাণ কৰা হৈছে । এই ছবিখনত তেওঁ নিজেই স্বীকাৰ কৰিছিল যে তেওঁৰ ৩০৮ গৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ।

একেলগে তিনিগৰাকী মহিলাৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক

আপুনি জানি আচৰিত হ’ব যে, সঞ্জয় দত্তৰ জীৱনত এটা সময় আছিল যেতিয়া তেওঁৰ তিনিগৰাকী মহিলাৰ সৈতে একে সময়তে প্ৰেমৰ সম্পৰ্কত আছিল । এই কথা সঞ্জয় দত্তই নিজেই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে । তেওঁ স্পষ্টকৈ কৈছিল যে একে সময়তে তিনিগৰাকী মহিলাৰ সৈতে সম্পৰ্কত আছিল, কিন্তু কেতিয়াও ধৰা পৰা নাছিল ।

যেতিয়া অসুস্থ পত্নীক প্ৰেমিকাৰ বাবে আওকাণ কৰিছিল

১৯৮৭ চনৰ ভিতৰত সঞ্জয় দত্তই ৰিচা শৰ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । বিবাহৰ কেইদিনমানৰ পিছত ৰিচাৰ ব্ৰেইন টিউমাৰ হৈছিল, যাৰ বাবে তেওঁক চিকিৎসাৰ বাবে আমেৰিকালৈ গৈছিল । সেই সময়ছোৱাত তেওঁ বলীউডত ব্যস্ত হৈ পৰিছিল । কোৱা হয় যে ১৯৯১ চনত চাজন ছবিখনৰ শ্বুটিংৰ সময়ত সঞ্জয় দত্ত আৰু মাধুৰী দীক্ষিতৰ মাজৰ সম্পৰ্ক অতি ঘনিষ্ঠ হৈ পৰিছিল । সঞ্জয় আৰু মাধুৰীৰ প্ৰেমৰ খবৰ যেতিয়া ৰিচাৰ ওচৰ পালে, তেওঁ চিকিৎসা গ্ৰহণ কৰিব এৰি ভাৰতলৈ ঘূৰি আহে । সেই সময়ত সঞ্জয় দত্তই ৰিচাক নিবলৈ বিমানবন্দৰলৈও যোৱা নাছিল বুলি জানিব পৰা যায় ।

ইফালে আজি জন্মদিন উপলক্ষে অভিনেতাগৰাকীয়ে তেওঁ আহিবলগীয়া ছবি ডাবল ইচমাৰ্টৰ পোষ্টাৰ ছ’চিয়েল মিডিয়াযোগে পোষ্টাৰ শ্বেয়াৰ কৰে ৷

লগতে পঢ়ক: SRK Gauri : শ্বাহৰুখ-গৌৰীয়ে বিয়াৰ বাবে সলনি কৰিবলগীয়া হৈছিল নাম, কি আছিল শ্বাহৰুখ-গৌৰীৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.