চিটাৰা ডেস্ক, 6 জুন: অসমীয়া সংগীত জগতলৈ অনবদ্য অৱদান আগৱঢ়োৱা সংগীত পৰিচালক তথা কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি 83 সংখ্যক জন্মদিন (Ramen Baruah Birthday special) ৷ সংগীত পৰিচালকগৰাকীয়ে ঊনৈশ বছৰ বয়সতে জেষ্ঠ্য ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়া ভাবে ১৯৫৯ ত মুক্তি পোৱা নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত ছবি আমাৰ ঘৰত সংগীত পৰিচালনা কৰিছিল । ইয়াৰ পিচতেই আৰম্ভ হয় তেখেতৰ চলচ্চিত্ৰ যাত্ৰা ৷
ইয়াৰ পিচত ১৯৬৯ চনত মুক্তি লাভ কৰা ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱা ছবিখনত তেখেতে প্ৰথম স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰে । এই ছবিখনৰ সুৰীয়া গীতসমূহে ছবিখন চুপাৰ হিট হোৱাৰ অন্যতম কাৰণ ৰূপে পৰিগণিত হয় । ইয়াৰ পিচত কেৰিয়াৰত কেতিয়াও তেখেতে পিচ হুঁহকিব লগা হোৱা নাই (Ramen Baruah) ৷
সংগীত পৰিচালকগৰাকীয়ে মুঠ ২৭ খন ছবিত স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰিছে (Ramen Barua songs) ৷ ইয়াৰে ভিতৰত আছে দুখন বাংলা ছবি । এই বাংলা ছবি দুখন আছিল অসমীয়া ছবি সোণমা আৰু ককাদেউতা নাতি আৰু হাতীৰ বাংলা ৰিমেক । ৰমেন বৰুৱা কেৱল এগৰাকী সংগীত পৰিচালকেই নহয়, বৰঞ্চ এগৰাকী কণ্ঠশিল্পীও ৷ তেখেতে মুঠ ৫ খন অসমীয়া ছবিত কণ্ঠদান কৰিছে (Music director Ramen Barua) ।
কণ্ঠশিল্পীগৰাকীয়ে প্ৰথম কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল ১৯৫৫ চনত নিপ বৰুৱা পৰিচালনাত নিৰ্মিত স্মৃতিৰ পৰশ । গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা নিৰ্বাচিত কণ্ঠশিল্পী আছিল ৰমেন বৰুৱা । পিচলৈ আকাশবাণীৰ মিউজিক কম্পোজাৰলৈ পৰিণত হয় তেখেত ।
উল্লেখ্য যে নৱকান্ত বৰুৱা, অজিৎ বৰুৱা, কেশৱ মহন্ত, ভূপেন ডেকা, সতীশ দাস আদি বহু জনপ্ৰিয় নবীন-প্ৰবীন গীতিকাৰৰ গীতত তেখেতে সুৰ প্ৰদান কৰিছে । কেৱল ইমানেই নহয়, তেখেতে পাহাৰী দাস, অণিমা চৌধুৰী, নীলিমা খাতুন, যুথিকা চৌধুৰী, ৰুণজুণ ফুকন, কবিতা বৰঠাকুৰ,আদি কণ্ঠশিল্পীক ছবিৰ নেপথ্য গায়িকা হোৱাৰ সুযোগ প্ৰদান কৰিছিল ।
১৯৪০ চনৰ ৬ জুনত গুৱাহাটীৰ লতাশিলত জন্ম হৈছিল ৰমেন বৰুৱাৰ (Ramen Baruah age)। চন্দ্ৰনাথ বৰুৱা আৰু জোনপ্ৰভা বৰুৱাৰ পুত্ৰ ৰমেন বৰুৱা । জনপ্ৰিয় বৰুৱা পৰিয়ালৰ দশম পুত্ৰ সন্তান আছিল তেখেত ।
লগতে পঢ়ক: Shah Rukh Khan Look Alike : কিং খানৰ সাইলাখ কপি; অনুৰাগীয়ে ক’লে- ৯০ ৰ দশকৰ শ্বাহৰুখ খান