ETV Bharat / entertainment

Mumtaz Bday Special: এটা চৰ্ত মানি নোলোৱাৰ বাবেই শাম্মী কাপুৰৰ পত্নী হ’ব নোৱাৰিলে মুমতাজ, কি আছিল সেই চৰ্ত !

author img

By

Published : Jul 31, 2023, 1:38 PM IST

৭০ দশকৰ বলীউডৰ শ্ৰেষ্ঠ অভিনেত্ৰী মুমতাজৰ আজি ৭৬ সংখ্যক জন্মদিন । সেই যুগৰ উদ্যোগত সৰ্বাধিক ধন পোৱা নায়িকা আছিল তেওঁ । জানো আহক অভিনেত্ৰীগৰাকীৰ জীৱনৰ বিষয়ে কিছু কথা ৷

HBD Mumtaz Unknown Facts Career Relationship With Shammi Kapoor And Life Story Intersting Facts
মুমতাজৰ আজি ৭৬ সংখ্যক জন্মদিন

চিটাৰা ডেস্ক, 31 জুলাই: ৭০ ৰ দশকত বলীউডত বহুকেইগৰাকী শ্ৰেষ্ঠ তথা মোহময়ী অভিনেত্ৰী আছিল যদিও এই সকলোবোৰৰ ভিতৰত এগৰাকী অন্যতম আছিল মুমতাজ। চিৰসেউজ অভিনেত্ৰীগৰাকীৰ প্ৰকাশভংগী, অভিনয় আৰু শৈলীৰ বাবেই অতি কম সময়তে অতি জনপ্ৰিয় হৈ পৰিছিল ৷ মুমতাজ আৰু ৰাজেশ খান্নাৰ কেমেষ্ট্ৰী সেইসময়ত অতি চৰ্চিত হৈছিল ৷ অৱশ্যে দুয়োগৰাকী ভাল বন্ধু আছিল ৷

এগৰাকী সফল অভিনেত্ৰী হোৱাৰ পূৰ্বে জীৱনটোত বহু উত্থান-পতন দেখিছিল মুমতাজে ৷ দৰিদ্ৰতাত পাৰ হৈছিল শৈশৱ । আনকি বি গ্ৰেডৰ ছবিতো কাম কৰিছিল মুমতাজে ৷ কেৱল ইমানেই নহয় তেওঁৰ সৈতে অভিনয় কৰিবলৈ দ্বিধাবোধ কৰিছিল উদ্যোগটোৰ বহু অভিনেতাই । অভিনেত্ৰীগৰাকীৰ জন্মদিনত জানো আহক তেওঁৰ জীৱনৰ বিষয়ে কিছু কথা...

আজি মুমতাজৰ জন্মদিন । ৭৬ বছৰীয়া হ’ল মুমতাজ । ১৯৪৭ চনৰ ৩১ জুলাইত জন্মগ্ৰহণ কৰিছিল মুমতাজে । মূলতঃ তেওঁৰ পৰিয়ালটো আছিল ইৰাণৰ মাছহাদৰ । তেওঁৰ জন্মৰ এবছৰৰ পিচতে পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল । অভিনেত্ৰীগৰাকীয়ে চলচ্চিত্ৰ কেৰিয়াৰত প্ৰায় ২৫ খন ছবিত কাম কৰিছিল আৰু সকলোবোৰেই আছিল হিট । কিন্তু কেৰিয়াৰৰ উচ্চতাত থকা স্বত্বেও ২৬ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হয় মুমতাজ ৷ বি গ্ৰেডৰ ছবিৰে মুমতাজে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও নিজৰ অভিনয়ৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি এ গ্ৰেডৰ নায়িকা হৈ পৰিছিল ।

দৰিদ্ৰতাত কটাবলগীয়া হৈছিল শৈশৱ

মুমতাজৰ শৈশৱ অতি দৰিদ্ৰতাত পাৰ হৈছিল । পৰিয়ালটোক পোহপাল দিবলৈ মাতৃয়ে উদ্যোগত সৰু-সুৰা কাম কৰিছিল । মুমতাজৰ মাতৃয়ে যেতিয়াই শিশুসকলক ছবিত কাম কৰা দেখিছিল, তেতিয়াই তেওঁ নিজৰ কন্যাজনীক ছবিত কাম কৰাৰ সপোন দেখিছিল ৷ ইয়াৰ বাবেই তেওঁ দুয়োজনী কন্যাক ছবিৰ চেটলৈ লৈ যাবলৈ ধৰিলে । অৱশেষত সেই দিন আহিল আৰু মুমতাজে লাভ কৰিছিল প্ৰথমখন ছবি ৷ ছবিখনৰ নাম আছিল ‘সোনে কি চিড়িয়া’ । সেই সময়ত মুমতাজৰ বয়স আছিল মাত্ৰ ১১ বছৰ।

১৪ বছৰ বয়সত দাৰা সিঙৰ নায়িকা হয় মুমতাজ

সেই সময়ত নায়িকাসকলে ওখ অভিনেতাৰ সৈতে কাম কৰিব বিচৰা নাছিল । এনে পৰিস্থিতিত পৰিচালক মহম্মদ হুছেইনে দাৰা সিঙৰ বিপৰীতে অভিনয় কৰিবলৈ এগৰাকী অভিনেত্ৰী বিচাৰি আছিল আৰু সেই সময়তে তেওঁৰ চকু পৰে মুমতাজৰ ওপৰত ৷ ইয়াৰ পিচত তেওঁ দাৰা সিঙৰ নায়িকা হৈ পৰে ৷ অভিনেত্ৰীগৰাকীয়ে কাম কৰিব বিচাৰিছিল, গতিকে ছবিখনত অভিনয় কৰিবলৈ তেওঁ মান্তি হ’ল ৷ দুয়োগৰাকীয়ে প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছিল ‘ফৌলাদ’ ছবিখনত । এতিয়াও মুমতাজে কয় যে দাৰা সিঙৰ বাবেই তেওঁৰ কেৰিয়াৰ সফল হৈছিল ।

মুমতাজৰ সৈতে অভিনয় কৰিবলৈ কুণ্ঠাবোধ কৰিছিল অভিনেতাসকলে

মুমতাজ বি গ্ৰেডৰ নায়িকা হোৱাৰ বোজা বহন কৰিবলগীয়া হৈছিল । এ-লিষ্টৰ অভিনেতাসকলে তেওঁৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিবলৈ লাজ কৰিছিল । শশী কাপুৰৰ দৰে ডাঙৰ তাৰকাই তেওঁৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিবলৈ অস্বীকাৰ কৰিছিল । একে সময়তে দিলীপ কুমাৰেও তেওঁৰ সৈতে কাম কৰিব বিচৰা নাছিল । ইয়াৰ লগতে অভিনেতা জিতেন্দ্ৰও অভিনেত্ৰীগৰাকীৰ সৈতে পৰ্দা শ্বেয়াৰ কৰাৰ পৰা অস্বীকাৰ কৰিছিল ৷

শাম্মী কাপুৰৰ সৈতে ভাঙিছিল সম্পৰ্ক

শাম্মী কাপুৰ আৰু মুমতাজৰ প্ৰেমক লৈ সেইসময়ত চৰ্চা চলিছিল । দুয়োকে একেলগে দেখা গৈছিল ‘ব্ৰহ্মচাৰী’ ছবিখনত । ইয়াৰ মাজতে তেওঁৰ হিট গীত ‘আজকাল তেৰে মোৰে প্যাৰ কে চৰ্চে’ অতি জনপ্ৰিয় হৈ পৰিছিল । এই ছবিখনৰ শ্বুটিঙৰ সময়ত শম্মি আৰু মুমতাজে ইগৰাকীয়ে সিগৰাকীক ভাল পাবলৈ আৰম্ভ কৰে । সেয়াহে দুয়ো বিবাহপাশত আৱদ্ধ হ’ব বিচাৰিছিল ৷ কিন্তু কাপুৰ পৰিয়ালৰ পৰম্পৰাৰ বাবে তেওঁলোকৰ সম্পৰ্ক ভাঙি যায় । বিয়াৰ পিচত বোৱাৰীয়েকে ছবিত কাম নকৰাটো কাপুৰ পৰিয়ালৰ এক পৰম্পৰা আছিল । এই কাৰণতে অভিনেত্ৰীগৰাকীয়ে বিয়া হ’বলৈ অস্বীকাৰ কৰাৰ ফলত তেওঁলোকৰ সম্পৰ্ক ভাঙি যায় ৷

ইয়াৰ পিচত মুমতাজে ২৬ বছৰ বয়সত পৰিয়ালৰ লোকৰ নিৰ্দেশনা অনুসৰি ব্যৱসায়ী ময়ুৰ মাধৱনীৰ সৈতে বিবাহপাশত আবদ্ধ হয় । তেওঁৰ দুগৰাকী কন্যা আছে, এগৰাকীৰ নাম নাটাছা আৰু আনগৰাকীৰ নাম তানিয়া । কিন্তু ময়ুৰৰ লগত বিয়া হোৱাৰ পিচত অন্ত পৰিল তেওঁৰ কেৰিয়াৰৰ ৷ বিয়াৰ পিচত তেওঁৰ ছবিবোৰ ফ্লপ হ’ব ধৰিছিল । বিয়াৰ সিদ্ধান্তত অভিনেতা ৰাজেশ খান্নাই খং কৰিছিল । ইমান বয়সতে তেওঁৰ কেৰিয়াৰ শেষ হোৱাটো নিবিচাৰিছিল ৰাজেশ খান্নাই । মুমতাজৰ শেষৰখন ছবি আছিল ১৯৯০ চনত আন্ধিয়ান ।

লগতে পঢ়ক: HBD Kiara Advani: 31 বছৰ বয়সত কোটি টকাৰ সম্পত্তিৰ মালিক কিয়াৰা আদৱানী, গাড়ীৰ সংগ্ৰহ দেখি স্তম্ভিত হ’ব আপুনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.