ETV Bharat / entertainment

Happy Birthday Rani Mukerji: বক্স অফিচত জনপ্ৰিয়তা লাভ কৰিছিল ৰাণী মুখাৰ্জীৰ এই পাঁচখন ছবিয়ে

author img

By

Published : Mar 21, 2023, 7:21 PM IST

৯০ৰ দশকৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ আজি জন্মদিন (Happy Birthday Rani Mukerji) ৷ কুচ কুচ হোতা হে ছবিৰ পৰা মিচেছ চেটাৰ্জী বনাম নৰৱে’লৈকে ছবি জগতত তেওঁৰ যাত্ৰাৰ বিষয়ে চাও আহক ৷

Happy Birthday Rani Mukerji: A look at the actor's amazing filmography
অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ আজি জন্মদিন

চিটাৰা ডেস্ক, 21 মাৰ্চ: ৰাণী মুখাৰ্জী নিঃসন্দেহে হিন্দী চলচ্চিত্ৰ জগতৰ এগৰাকী অন্যতম বহুমুখী অভিনেত্ৰী । ৯০ৰ দশকৰ মাজভাগত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছল অভিনেত্ৰীগৰাকীয়ে ৷ পৰবৰ্তী সময়ত গুলাম, কুচ কুচ হোতা হেৰ দৰে ছবিত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল অভিনেত্ৰীগৰাকী (Rani Mukerji films) ৷

ৰাণীয়ে নিজৰ ছবিত নিখুঁত অভিনয়ৰে আজৰি আনিছিল বহু সন্মান :

আজি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ ৪৫ সংখ্যক জন্মদিন (Rani Mukerji birthday) ৷ অভিনেত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে জানো আহক তেওঁৰ কেইখন শ্ৰেষ্ঠ অভিনয়ৰ ছবিৰ বিষয়ে (Rani Mukerji filmography) ৷

ব্লেক (Black)

২০০৫ চনত মুক্তি লাভ কৰা ব্লেক ছবিত অমিতাভ আৰু ৰাণী মুখাৰ্জীয়ে মূল চৰিত্ৰত অভিনয় কৰিছিল । ইয়াৰ পৰিচালনা কৰিছিল সঞ্জয় লীলা ভাঞ্চালীয়ে । ছবিখনত ৰাণীৰ অভিনয়ক প্ৰশংসা কৰে অনুৰাগীআৰু সমালোচকসকলে । লগতে ছবিখনত বক্স অফিচৰ স্মাছ হিচাপে প্ৰশংসা কৰা হৈছিল । শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ সাজ-পোছাক ডিজাইন শাখাত ব্লেক ছবিখনক তিনিটা ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰা হয় (Rani Mukerji 45th birthday) ।

মাৰ্দানী (Mardaani)

প্ৰদীপ চৰকাৰৰ পৰিচালনাত নিৰ্মিত মিষ্ট্ৰী-থ্ৰিলাৰ ছবিখনত এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছিল ৰাণীয়ে ৷ ৰাণীৰ অভিনয়ক দৰ্শকে অভূতপূৰ্ব প্ৰেম দিয়ে ৷ অভিনেতা তাহিৰ ৰাজ ভাছিনেও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । ২০১৪ চনৰ হিট ছবি মাৰ্দানী সফল হোৱা পিচত, মাৰ্দানী ছিকুৱেল মাৰ্দানী ২, ২০১৯ চনত মুক্তি লাভ কৰে ৷ মাৰ্দানী ২ ছবিখনৰ জৰিয়তে অভিনেতা বিশাল জেথৱাই বলীউডত আত্মপ্ৰকাশ কৰে ৷

হিচকি (Hichki)

হিচকি ছবিখনত ৰাণীৰ অভিনয়ক তেওঁৰ অভিনয় জীৱনৰ অন্যতম শ্ৰেষ্ঠ অভিনয় হিচাপে গণ্য কৰা হয় । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ছবিখনৰ পৰা প্ৰায় ২৫০ কোটি টকা উপাৰ্জন কৰা হৈছিল । আৰ্থিক সফলতাৰ লগতে হিচকিয়ে অসংখ্য আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো শীৰ্ষ পুৰস্কাৰ লাভ কৰিছিল ৷ ৰাণীয়ে ছবিখনত এগৰাকী শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছিল ।

ন’ ৱান কিল্ড জেচ্চিকা (No One Killed Jessica)

এই ছবিখনত নিৰ্মিত হৈছে সঁচা ঘটনাৰ আধাৰ ৷ ছবিখনত ৰাণীয়ে এগৰাকী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু এগৰাকী মৃত ছোৱালীৰ ন্যায় বিচাৰিছিল । ৰাজ কুমাৰ গুপ্তাৰ পৰিচালিত আৰু অভিনেতা বিদ্যা বালানে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনে বক্স অফিচত সফলতা লাভ কৰে ।

বন্টি ঔৰ বাবলি (Bunty aur Babli)

অভিষেক বচ্চন, ৰাণী মুখাৰ্জী, অমিতাভ বচ্চনে অভিনয় কৰা ছবিখনে বক্স অফিচত সফলতা লাভ কৰিছিল । বন্টি ঔৰ বাবলি ছবিখনৰ Kajra re, Dhadak Dhadak, Nach Baliye আদি গীতবোৰ অবিস্মৰণীয় ।

শেহতীয়াকৈ ৰাণীয়ে মিচেছ চেটাৰ্জী বনাম নৰৱে’ত অভিনয় কৰিছে ৷ ছবিখন ৰিলিজ হোৱাৰ পিচতে তেওঁৰ অভিনয়ৰ প্ৰতি দৰ্শকে অনুকূল সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Mrs Chhatterjee Vs Norway: মিচেছ চেটাৰ্জী বনাম নৰৱে ছবিখনে নৰৱেৰ বক্স অফিচত পৰাস্ত কৰে পাঠানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.