চিটাৰা ডেস্ক, 25 মে’: চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে বলীউডত আলিয়া ভাট, জাহ্নৱী কাপুৰ আৰু সিদ্ধাৰ্থ মালহোত্ৰাকে ধৰি কেইগৰাকীও ষ্টাৰ কিডছক চিনাকি কৰাই দিছে ৷ নিৰ্মাতাগৰাকীয়ে আন কেইবাগৰাকীও অভিনেতাক মুকলি কৰিছে যিয়ে সঁচাকৈয়ে প্ৰতিভাশালী বুলি প্ৰমাণ কৰিছে আৰু দৰ্শকে তেওঁলোকক পৰ্দাত দেখি অতিকৈ পছন্দ কৰিছে (Karan Johar aka KJo turns 51) ৷
আজি (25 মে’) বৃহস্পতিবাৰে কৰণ জোহৰ ওৰফে কেজোৰ ৫১ সংখ্যক জন্মদিন (Happy Birthday Karan Johar) ৷ গতিকে কৰণ জোহৰৰ জন্মদিন উপলক্ষে জানো আহক সেইসকল অভিনেতা-অভিনেত্ৰীৰ বিষয়ে যিসকলক কৰণ জোহৰে বলীউডত মুকলি কৰিছে (Karan Johar launched star kids) ৷
১/ আলিয়া ভাট
![Happy Birthday Karan Johar: Bollywood stars launched by the filmmaker](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18592088_16x9_ani-20230524153141-5.png)
অভিনেত্ৰী আলিয়া ভাটে ২০১২ চনত কৰণ জোহৰৰ পৰিচালিত ছবি ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে ৷ অনুৰাগীৰ ব্যাপক সঁহাৰি লাভ কৰে অভিনেত্ৰীগৰাকীয়ে (Alia Bhatt) । ধৰ্ম প্ৰডাকচনৰ সৈতে সহযোগিতা অব্যাহত ৰাখি আলিয়াই ‘২ ষ্টেটছ’ আৰু ‘হাম্পটি শৰ্মা কি দুলহানিয়া’, শ্বান্দাৰ’, ‘কাপুৰ এণ্ড ছন্স’, ‘বদ্ৰীনাথ কি দুলহানিয়া’, ‘ডিয়াৰ জিন্দাগী’, চোৰাংচোৱা ছবি ‘ৰাজী’ আদি ছবিতো অভিনয় কৰে ।
2) বৰুণ ধাৱন
![Happy Birthday Karan Johar: Bollywood stars launched by the filmmaker](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18592088_16x9_ani-20230524153141-6.png)
অভিনেতা বৰুণ ধাৱন হৈছে আন এজন তাৰকা, যাক চিনাকী কৰি দিছিল কৰণ জোহৰে ৷ ২০১২ চনত বলীউডত মুক্তি পোৱা ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ ছবিখনৰ জৰিয়তে মুকলি কৰে (Varun Dhawan) । মূল চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীক দৰ্শকে আঁকোৱালি লয় । ইয়াৰ পিচত তেওঁ কৰণ জোহৰৰ ‘হাম্পটি শৰ্মা কি দুলহানিয়া’, ‘বদ্ৰীনাথ কি দুলহানিয়া’ আৰু ‘কলংক’ৰ দৰে ছবিত অভিনয় কৰিছিল বৰুণে ।
3) সিদ্ধাৰ্থ মালহোত্ৰা
![Happy Birthday Karan Johar: Bollywood stars launched by the filmmaker](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18592088_16x9_ani-20230524153141-7.png)
বৰুণ আৰু আলিয়াৰ লগতে অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই ২০১২ চনত কৰণৰ ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২’ ছবিখনেৰে বলীউডত আত্মপ্ৰকাশ কৰে (Sidharth Malhotra) ৷ পিছলৈ মালহোত্ৰাই অক্ষয় কুমাৰৰ বিপৰীতে ‘ব্ৰাদাৰ্ছ’ৰ দৰে আন কেইবাখনো ছবি যেনে ‘জবৰীয়া জোডি’, 'কাপুৰ এণ্ড সন্স', 'হাছি তোহ ফাছি', 'বাৰ বৰ দেখো', 'ইত্তেফাক' আৰু 'শ্বেৰশ্বাহ'ত অভিনয় কৰে ।
4) অনন্যা পাণ্ডে
![Happy Birthday Karan Johar: Bollywood stars launched by the filmmaker](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18592088_16x9_ani-20230524153141-1.png)
কৰণে ২০১৯ চনত অভিনেতা চাংকি পাণ্ডেৰ কন্যা অনন্যা পাণ্ডেক ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২’ ছবিৰে অভিষেক ঘটাইছিল ৷ য’ত অভিনেতা টাইগাৰ শ্ৰফেও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল (Ananya Panday)। পুনিত মালহোত্ৰাৰ নেতৃত্বত নিৰ্মিত ছবিখনে বক্স অফিচত দৰ্শকক আকৰ্ষণ কৰাত ব্যৰ্থ হয় । পুনৰ কৰণৰ ধৰ্ম প্ৰডাকচনৰ সৈতে ‘গেহৰাইয়া’ আৰু ‘লিগাৰ’ৰ দৰে ছবিত টিম আপ কৰে ।
5) তাৰা সুতাৰিয়া
![Happy Birthday Karan Johar: Bollywood stars launched by the filmmaker](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18592088_16x9_ani-20230524153141-2.png)
অভিনেতা তাৰা সুতাৰিয়াই অনন্যা পাণ্ডে আৰু টাইগাৰ শ্ৰফৰ সৈতে ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰে (Tara Sutaria) ৷ তাৰাই ধৰ্ম প্ৰডাকচনৰ বেনাৰত আন কোনো প্ৰজেক্টত কাম কৰা নাই ।
6) জাহ্নৱী কাপুৰ
![Happy Birthday Karan Johar: Bollywood stars launched by the filmmaker](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18592088_16x9_ani-20230524153141-3.png)
প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱী আৰু প্ৰযোজক বনী কাপুৰৰ কন্যা জাহ্নৱী কাপুৰে ২০১৮ চনত কৰণ জোহৰৰ ৰোমান্টিক ছবি ‘ধড়ক’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে (Janhvi Kapoor)। ধৰ্ম প্ৰডাকচনৰ সৈতে সহযোগিতা অব্যাহত ৰাখি জাহ্নৱীয়ে ‘গুঞ্জন সাক্সেনা’ আৰু তেওঁৰ আগন্তুক ছবি ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ৰ দৰে ছবিতো অভিনয় কৰে ।
7) ঈশান খাট্টাৰ
![Happy Birthday Karan Johar: Bollywood stars launched by the filmmaker](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18592088_16x9_ani-20230524153141-4.png)
অভিনেতা শ্বাহিদ কাপুৰৰ ভাতৃ ঈশান খাট্টাৰে ২০১৮ চনত জাহ্নৱী কাপুৰৰ সৈতে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল ‘ধড়ক’ ছবিত (Ishaan Khatter) । যদিও ছবিখনে বক্স অফিচত দৰ্শকক আপ্লুত কৰিবলৈ ব্যৰ্থ হৈছিল, কিন্তু ঈশানৰ অভিনয়ৰ প্ৰশংসা কৰা হৈছিল । (ANI)
লগতে পঢ়ক: Salman Khan: বিমানবন্দৰত ভাইজানক দেখি দৌৰি আহিল এটি কণমানি অনুৰাগী, তাৰ পিচত কি হ’ল চাওক