চিটাৰা ডেস্ক, 8 অক্টোবৰ: বলীউডৰ অভিনেতা শ্বাহৰুখ খানৰ পত্নী গৌৰী খানৰ আজি ৫৩ সংখ্যক জন্মদিন । বি-টাউনৰ আটাইতকৈ ষ্টাইলিছ ষ্টাৰ পত্নী গৌৰী । ইয়াৰ উপৰিও গৌৰীয়ে ব্যৱসায়ৰ জগতখনতো বহু নাম অৰ্জন কৰিছে । আজি জন্মদিন উপলক্ষে গৌৰী খান কেনেকৈ প্ৰযোজক আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰ হ’ল আৰু কিমান ধন-সম্পত্তিৰ গৰাকী তেওঁৰ জানো আহক ।
বলীউডৰ বহু তাৰকাৰ পত্নী বলীউডৰ অন্তৰ্গত নহয়, কিন্তু ছুপাৰষ্টাৰ স্বামীৰ বাবেই তেওঁলোকে লাইমলাইট লাভ কৰে ৷ কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যতিক্ৰম গৌৰী খান ৷ চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি গৌৰী খানে নিজৰ সামৰ্থ্যৰ ভিত্তিত এক অন্য পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে ৷ যদি শ্বাহৰুখ খান বি-টাউনৰ কিং তেন্তে গৌৰী হৈছে ইণ্টেৰিয়ৰ ডিজাইনিঙৰ কুইন ।
দিল্লীত জন্মগ্ৰহণ কৰা গৌৰীৰ শিক্ষা জীৱন
১৯৭০ চনৰ ৮ অক্টোবৰত পাঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ কৰা গৌৰী ছিব্বৰ দিল্লীৰ বাসিন্দা । ইয়াৰ পৰাই গৌৰীয়ে পঢ়া-শুনা সম্পন্ন কৰিছিল । দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ পৰা ইতিহাসত বি এ অনাৰ্ছ কৰাৰ পিচত গৌৰীয়ে নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (NIFT)ৰ পৰা ৬ মাহৰ ফেশ্বন ডিজাইনিং পাঠ্যক্ৰম কৰে। অৱশ্যে গৌৰীয়ে কেনেকৈ ফেশ্বন ডিজাইনিঙৰ পৰা ইণ্টেৰিয়ৰৰ ক্ষেত্ৰখনলৈ আহিলে তাৰ কাহিনী অতি আকৰ্ষণীয় ।
গৌৰী কেনেকৈ হ’ল প্ৰযোজক ?
১৯৯১ চনত গৌৰী ছিব্বৰে শ্বাহৰুখ খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ স্বামীৰ সৈতে মুম্বাইলৈ আহে । মুম্বাইত খ্যাতি আৰু ধন অৰ্জন কৰাৰ পিচত শ্বাহৰুখ খানে পত্নীৰ সৈতে ২০০২ চনত প্ৰডাকচন কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট প্ৰতিষ্ঠা কৰে আৰু গৌৰীয়ে ‘মে হুন না’ ছবিৰ জৰিয়তে হিন্দী চিনেমাত প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰে ।
এই ছবিখন পৰিচালনা কৰিছিল ফাৰাহ খানে । শ্বাহৰুখ খান, অমৃতা ৰাও, সুষ্মিতা সেনৰ অভিনীত ছবি বক্স অফিচত ছুপাৰহিট হিচাপে প্ৰমাণিত হয় । ইয়াৰ পিচত গৌৰীয়ে ‘ওম শান্তি ওম’, ‘পাহেলী’, ‘বিল্লু’, ‘চেন্নাই এক্সপ্ৰেছ’, ‘বদলা’, ‘ৰয়িছ’ আৰু ‘জৱান’ আদি ছবি প্ৰযোজনা কৰে ৷ ‘জৱান’ৰ সফলতাৰ পিচত গৌৰী খানে তেওঁৰ পৰৱৰ্তী ছবি ‘ডাংকি’ প্ৰযোজনা কৰিছে, য’ত শ্বাহৰুখ খান মূল চৰিত্ৰত অভিনয় কৰিছে ।
কেনেকৈ ফেশ্বনৰ পৰা ইণ্টেৰিয়ৰলৈ গতি কৰিছিল গৌৰীয়ে ?
গৌৰী খান প্ৰযোজক হোৱাৰ পিচত ইণ্টেৰিয়ৰ ডিজাইনাৰ হৈছিল আৰু ইয়াৰ আৰম্ভণি হৈছিল তেওঁৰ বিলাসী ঘৰ মন্নতৰ পৰা । হয়, শ্বাহৰুখে নিজৰ কষ্টোপাৰ্জিত ধনেৰে ২০০১ চনত মুম্বাইত এটা ঘৰ ক্ৰয় কৰিবলৈ সক্ষম হয় । এটা সাক্ষাৎকাৰত শ্বাহৰুখ খানে প্ৰকাশ কৰিছিল যে তেওঁ নিজৰ বিলাসী ঘৰখন ক্ৰয় কৰিছিল, কিন্তু ইয়াৰ অভ্যন্তৰীণ কাম কৰিবলৈ তেওঁৰ হাতত নাছিল পৰ্যাপ্ত পৰিমাণৰ ধন ।
সেই সময়ত শ্বাহৰুখ খানে পত্নী গৌৰীক ৬ মহলীয়া ঘৰটোৰ ভিতৰৰ কাম কৰিবলৈ কৈছিল । নিজৰ সৃষ্টিশীলতা আৰু বুদ্ধিৰে গৌৰীয়ে ঘৰখন এনেদৰে সজাই পৰাই তুলিলে যে আজি ই পৰ্যটনস্থলীলৈ পৰিণত হৈছে । ইয়াৰ পৰাই গৌৰীয়ে ইণ্টেৰিয়ৰ ডিজাইনিঙৰ দিশে গতি কৰে ৷
২০১০ চনত গৌৰী খানে পেছাদাৰীভাৱে নিজৰ চখটো আগবঢ়াইছিল আৰু বন্ধু চুজেন খানৰ সৈতে ইণ্টেৰিয়ৰ প্ৰজেক্টত কাম কৰিছিল । গৌৰী আৰু চুজানে একেলগে মুম্বাইত দ্য চাৰ্কোল প্ৰজেক্ট ফাউণ্ডেশ্যনো আৰম্ভ কৰিছে ।
গৌৰী খানে বহু জনপ্ৰিয় তাৰকাৰ ঘৰ সজাইছে
২০১৪ চনত গৌৰী খানে মুম্বাইৰ ৱৰ্লিত দ্য ডিজাইন চেল নামৰ প্ৰথমটো কনচেপ্ট ষ্ট’ৰ মুকলি কৰে । তিনি বছৰৰ পাচত গৌৰীয়ে ‘গৌৰী খান ডিজাইনছ’ নামৰ ডিজাইন ষ্টুডিঅ’ আৰম্ভ কৰে । গৌৰী খানে এতিয়ালৈকে বহু বলীউডৰ তাৰকাৰ ঘৰৰ ডিজাইন কৰিছে । তালিকাত মুকেশ আম্বানী আৰু নীতা আম্বানীৰ ঘৰ এন্টিলিয়া, কৰণ জোহৰৰ বাংলো, আলিয়া ভাটৰ ভেনিটি ভ্যান আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ ঘৰ অন্তৰ্ভুক্ত আছে ।
গৌৰী খানৰ মুঠ সম্পত্তিৰ মূল্য কিমান ?
১৫০ কোটি টকাৰ ষ্ট’ৰৰ মালিক গৌৰী খান বলীউডৰ আটাইতকৈ ধনী তাৰকা পত্নী । সংবাদ মাধ্যমৰ তথ্য অনুসৰি গৌৰী খানৰ সম্পত্তিৰ পৰিমাণ ১৬০০ কোটি টকা । মুম্বাইৰ পৰা দিল্লী, আলিবাগ, লণ্ডন, ডুবাই আৰু লছ এঞ্জেলছলৈকে তেওঁৰ কোটি কোটি মূল্যৰ অট্টালিকা আছে ।