চিটাৰা ডেস্ক, 5 ডিচেম্বৰ : দক্ষিণ আৰু বলীউডৰ চলচ্চিত্ৰ জগতত অভিনয় কৰা মোহময়ী অভিনেত্ৰী হান্সিকা মোটৱানী 4 ডিচেম্বৰত ব্যৱসায়ী সোহেল খাতুৰিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় (Hansika Motwani wedding date) ৷ তেওঁলোকৰ বিয়াৰ পৰা প্ৰথম ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । বিয়াৰ দিনটোত ৰঙা পোছাক পিন্ধা হান্সিকাক বৰ ধুনীয়া দেখা গৈছিল । 450 বছৰ পুৰণি জয়পুৰৰ মুণ্ডোটা ফৰ্ট আৰু পেলেচত বিবাহ পাশত আৱদ্ধ হয় দুয়ো । ৰাজকীয় শৈলীত অনুষ্ঠিত হৈছিল বিয়াখন ।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা হান্সিকা মোটৱানীৰ বিয়াৰ ফটোবোৰৰ পৰা চকু আঁতৰাব নাই পৰা অনুৰাগীয়ে (Hansika Motwani Wedding Pics)। হান্সিকাই নিজৰ বিশেষ দিনটোৰ বাবে ৰঙা ৰঙৰ পোছাক বাছি লৈছিল আৰু ক্ৰীম ৰঙৰ শ্বেৰৱানী পিন্ধিছিল সোহেলে (Hansika Motwani husband)।
আপোনালোকক জনাও যে, পেৰিছৰ আইফেল টাৱাৰৰ সন্মুখত হান্সিকাক সোহেলে আঁঠু লৈ অতি ৰোমান্টিকভাৱে প্ৰ’পজ কৰিছিল । তেতিয়াই হান্সিকাই নিজৰ বিয়াৰ খবৰটো নিশ্চিত কৰিছিল । তেতিয়াৰে পৰাই আশাৰে ৰৈ আছিল অনুৰাগীসকল বিয়াৰ ফটো চাবলৈ ৷ এতিয়া হান্সিকা আৰু সোহেলক অনুৰাগীসকলে বৈবাহিক জীৱনৰ শুভেচ্ছা যাচিছে ৷
হান্সিকাই টিভি শ্ব’ ‘শ্বাকা-লাকা বুম-বুম’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পিছত ‘সোণ পৰী’ আৰু ‘কিউংকি সাছ ভি কভি বহু থি’ আদি ধাৰাবাহিকতো তেওঁক শিশু শিল্পী হিচাপে দেখা গৈছে । ‘কই মিল গয়া’ ছবিখনেৰে প্ৰথমবাৰৰ বাবে বলীউডত খোজ দিছিল হান্সিকাই । ইয়াৰ পিছত তামিল চলচ্চিত্ৰ জগততো নিজৰ অভিনয় প্ৰতিভা দেখৱাই অভিনেত্ৰী গৰাকীয়ে । এতিয়া জে এম ৰাজা সৰৱননৰ ছবি ‘ৰাউডি বেবী’ত দেখা যাব হান্সিকাক ।
লগতে পঢ়ক : আইফেল টাৱাৰৰ সন্মুখত প্ৰেমিকে আঁঠুকাঢ়ি প্ৰস্তাৱ দিলে হান্সিকা মোটৱানীক