ETV Bharat / entertainment

GISFFA Season 3 : অসমীয়া ছবি ‘চন্দ্ৰ সূৰ্য আদি’য়ে কঢ়িয়াই আনিলে শ্ৰেষ্ঠ ছবিৰ সন্মান - ৰমেন গগৈ

অসমীয়া ছবি ‘চন্দ্ৰ সূৰ্য আদি’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান ৷ শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ ফটোগ্ৰাফী আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটাও লাভ কৰিলে ছবিখনে (Chandra Surjya Aadi) ৷

GISFFA Season 3 awarded the Best Film award to Chandra Surjya Aadi
অসমীয়া ছবি ‘চন্দ্ৰ সূৰ্য আদি’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান
author img

By

Published : May 4, 2023, 2:04 PM IST

অসমীয়া ছবি ‘চন্দ্ৰ সূৰ্য আদি’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

আমগুৰি, ৪ মে’: অসমীয়া নতুন বছৰত অসমীয়া চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা ভাল খৱৰ কঢ়িয়াই আনিছে অসমীয়া কথাছবি ‘চন্দ্ৰ সূৰ্য আদি’ নামৰ চুটি ছবিখনে (Best Film award to Chandra Surjya Aadi) ।

শিৱসাগৰ জিলাৰ আমগুৰিৰ উদীয়মান যুৱক ৰমেন গগৈৰ পৰিচালিত ছবিখনে যোৱা ২৫ এপ্ৰিলত কলকাতাৰ শৰৎ সদনত অনুষ্ঠিত হোৱা গ্ৰেট ইণ্ডিয়ান ফিল্ম শ্বৰ্ট ফেষ্টিভেল চিজন-৩ শ্ৰেষ্ঠ কথাছবিৰ সন্মান লাভ কৰে (Great Indian Short Film FestivaI) ৷ কেৱল ইমানেই নহয়, আন কেইবাটাও শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হয় ছবিখনে (Kolkata Great Indian short Film Festival Season 3)।

ফিল্ম ফেষ্টিভেল জাংচনৰ উদ্যোগত আয়োজিত GISFFA চিজন ৩ ত বিশ্বৰ ১৭ খন দেশৰ ১০১৪ খন চলচ্চিত্ৰৰ মাজত শ্ৰেষ্ঠ কথাছবিৰ সন্মান লাভ কৰে ৰমেন গগৈৰ পৰিচালিত ছবিখনে (Assamese movie Chandra Surjya Aadi) ৷ ‘চন্দ্ৰ সূৰ্য আদি’ ছবিখন নিৰ্মাণ কৰা হৈছিল অসমৰ গৌৰৱ, পৃথিৱী বিখ্যাত এশিঙীয়া গঁড় সুৰক্ষাত নিয়োজিত বনকৰ্মীসকলৰ ওপৰত ।

ৰমেন গগৈৰ কাহিনী, চিত্ৰনাট্য, পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মিত ছবিখন ছবিগৃহত মুক্তি লাভ কৰিছিল যোৱা ২০২২ বৰ্ষৰ জুলাই মাহত (Ramen Gogoi) । ছবিখনৰ পৰিচালক প্ৰযোজক ৰমেন গগৈয়ে জানিবলৈ দিয়া মতে এই ফিল্ম ফেষ্টিভেলত "চন্দ্ৰ সূৰ্য আদি"য়ে শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটাও লাভ কৰে ।

উল্লেখযোগ্য যে, ছবিখনৰ চিত্ৰগ্ৰহণ আৰু সম্পাদনা আছিল নাছিৰুল হুছেইনৰ । ছবিখনত অতনু কাশ্যপ (Atonu Kashyap), দীপ কুমাৰ শইকীয়া (Dip Kumar Saikia) আৰু ম্যুষ পি চুতীয়াক মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ গ্ৰেট ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল চিজন-৩ ত ফিলিপাইন, ভিয়েটনাম,শ্ৰীলংকা, আদিকে ধৰি বিশ্বৰ ১৭ খন দেশৰ ১০১৪ খন কথাছবি অন্তৰ্ভুক্ত হৈছিল (GISFFA Season 3) ।

লগতে পঢ়ক: The Kerala Story: প্ৰতিবাদৰ মাজতে জে এন ইউ কেম্পাছত প্ৰদৰ্শিত হ’ল ‘দ্য কেৰালা ষ্ট’ৰী’, ৫ মে’ত মুক্তি পাব ছবিখনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.