ETV Bharat / entertainment

পুষ্পা ষ্টাইলৰ গণেশ মূৰ্তিৰ লৈ বাক বিতণ্ডা সামাজিক মাধ্যমত

author img

By

Published : Aug 31, 2022, 1:46 PM IST

আল্লু অৰ্জুনৰ অনুৰাগীয়ে নিৰ্মাণ কৰি উলিয়ালে পুষ্পা ষ্টাইলত বহি থকা গণেশ বাবাৰ মূৰ্তি ৷ এই মূৰ্তিৰ ফটোখন সাংঘাতিক ধৰণে ভাইৰেল হৈছে ইণ্টাৰনেটত ৷ হিট ছবি পুষ্পা দ্য ৰাইজত জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনৰ পুষ্পাৰাজ চৰিত্ৰটোৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই মূৰ্তিটো ৷ চাওক ফটো-

ganesh chaturthi 2022
পুষ্পা ষ্টাইলৰ গণেশ মূৰ্তিৰ লৈ বাক বিতণ্ডা সামাজিক মাধ্যমত

চিটাৰা ডেস্ক, 31 আগষ্ট : আজি সমগ্ৰ দেশতে উলহ-মালহকৈ পালন কৰা হৈছে গণেশ চতুৰ্থী । এই উপলক্ষে চাৰিওদিশে গণপতি বাপ্পাক নিজ গৃহলৈ আদৰণি জনাইছে ভক্তসকলে । গণেশ চতুৰ্থীক লৈ বলীউড আৰু টিভি তাৰকাসকলৰ মাজতো দেখিবলৈ পোৱা যায় এক বিৰাট উৎসাহ (Ganesh Chaturthi 2022 ) ৷ বাপ্পাক ঘৰলৈ আনি সকলোৱে চলাইছে পূজাৰ বাবে প্ৰস্তুতি ।

পিছে এতিয়া গণেশ চতুৰ্থীৰ উছাহৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বাপ্পাৰ এটি বিশেষ মূৰ্তিয়ে ৷ চুপাৰহিট ছবি ‘পুষ্পা - দ্য ৰাইজ’ৰ অভিনেতা আল্লু অৰ্জুনৰ চৰিত্ৰ পুষ্পৰাজৰ ষ্টাইলত নিৰ্মিত গণপতি বাপ্পাৰ এটা মূৰ্তিক লৈ সৰৱ আলোচনা চলিছে ছ’চিয়েল মিডিয়াত ৷ এই মূৰ্তিৰ ফটোখন ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে ।

বগা সাজত পুষ্পা ষ্টাইলত বাপ্পা

ভাইৰেল হৈ থকা মূৰ্তিটোত বগা সাজ পিন্ধি গণপতি বাপ্পাক পুষ্পৰাজ ষ্টাইলত বহি থকা দেখা গৈছে (Ganpati idol inspired by Allu Arjun pushpa style)। আল্লু অৰ্জুনৰ হাতৰ স্বাক্ষৰ শৈলী দিয়া হৈছে মূৰ্তিটোত । ছবিখনত আল্লুয়ে এই ষ্টাইলত মে ঝুকেগা নাহি... সংলাপ কোৱা দেখা গৈছিল ৷

এতিয়া এই ভাইৰেল মূৰ্তিটোক লৈ ইউজাৰ সকলে নানা ধৰণৰ মন্তব্য কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "মই ভাবো ভগৱান গণেশক আমি সকলোৱে ভগৱান হিচাপেই গণ্য কৰোঁ আৰু ঈশ্বৰৰ সৈতে এই ধৰণৰ কাম কৰা উচিত নহয় । আপুনি যদি আল্লু অৰ্জুনৰ অনুৰাগী তেন্তে সেইয়া অনুভৱ নিজৰ মাজতে ৰাখক" ।

আন এজন ইউজাৰেও খং কৰি লিখিছে, "এইটো কি আজেবাজে কথা, বিশ্বাস কৰিব পৰা নাই, মই জানো আপুনি আল্লু অৰ্জুনৰ অনুৰাগী কিন্তু আপুনি ভগৱান গণেশক ঠাট্টা কৰিছে" । যদিও কিছুমান ব্যৱহাৰকাৰীয়ে গণপতি বাপ্পাৰ এই ৰূপটো ভাল পাইছে, অধিকাংশই কিন্তু সমালোচনাহে কৰিছে ।

‘পুষ্পা - দ্য ৰাইজ’ এ লগাইছিল খলকনি

2021 চনৰ ডিচেম্বৰ মাহত আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দন্না অভিনীত ছবি পুষ্পাই ছবিগৃহত মুক্তি লাভ কৰিছিল । তেলুগু ভাষাত মুক্তি লাভ কৰাৰ লগতে হিন্দী ভাষাতো ছবিখনে বক্স অফিচত বৃহৎ সফলতা লাভ কৰে । ছবিখনৰ সংলাপৰ সমান্তৰালকৈ ছবিখনৰ গীতসমূহেও সমগ্ৰ বিশ্বতে শিৰোনাম দখল কৰিছিল ।

এতিয়া আৰম্ভ হৈছে এই ছবিখনৰ পাৰ্ট 2 'পুষ্পা-দ্য ৰুল'ৰ শ্বুটিং । 2023 চনত ছবিগৃহত মুক্তি পাব দ্বিতীয় খণ্ডই ।

লগতে পঢ়ক : ক্ৰিকেটাৰ সুবমন গীলৰ সৈতে চৰ্চাত ছাৰা আলী খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.