ETV Bharat / entertainment

Gandhi Jayanti 2023: মহাত্মা গান্ধীয়ে নিজৰ জীৱনত চাইছিল মাত্ৰ দুখন ছবি, সেয়া কি কি জানেনে ?

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 4:48 PM IST

জাতিৰ পিতা মহাত্মা গান্ধীক লৈ বহুতো ছবি নিৰ্মাণ কৰা হৈছে ৷ কিন্তু আপুনি জানেনে তেওঁ নিজৰ জীৱনত মাত্ৰ দুখন ছবিহে চাইছিল ৷ সেই দুখন কি কি জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Gandhi Jayanti 2023: 'Father of Nation' who influenced several films watched only two
গান্ধী জয়ন্তী ২০২৩

চিটাৰা ডেস্ক, 2 অক্টোবৰ: বলীউডত মহাত্মা গান্ধীৰ ওপৰত বহু ছবি নিৰ্মাণ কৰা হৈছে । কেতিয়াবা যদি তেওঁৰ চিন্তা ধাৰাক লৈ ছবি নিৰ্মাণ কৰা হৈছে, আন কেতিয়াবা আকৌ তেওঁৰ স্বাধীনতাৰ যুঁজখন পৰ্দাত দেখুওৱা হৈছিল । প্ৰতিবাৰেই বাপুৰ চৰিত্ৰটোৱে অনুপ্ৰাণিত কৰিছে দৰ্শকক ৷ কিন্তু জাতীৰ পিতা মহাত্মা গান্ধীয়ে নিজৰ জীৱনত কিমানখন চিনেমা চাইছিল জানেনে আপুনি ? ইয়াৰ উত্তৰ হৈছে মাত্ৰ দুখন ছবি । ইয়াৰে এখন ছবি বিদেশী ভাষাত আৰু আনখন হিন্দীত ভাষাত । বাপুৱে দেখা একমাত্ৰ হিন্দী ছবিখন হৈছে ‘ৰাম ৰাজ্য’ ।

১৯৪৩ চনত পৰিচালক বিজয় ভাটৰ পৰিচালনাত নিৰ্মিত ‘ৰাম ৰাজ্য’ মুকলি হৈছিল । এই ছবিখন দেশজুৰি অতি জনপ্ৰিয় হৈ পৰে আৰু মহাত্মা গান্ধীৰ বাবে এই ছবিখনৰ শ্ব’ ১৯৪৪ চনৰ ২ জুনত মুম্বাইৰ জুহুত ৰখা হয় । সেই সময়ত বাপুৰ বয়স আছিল ৭৪ বছৰ । ডি এন এৰ এক প্ৰতিবেদন অনুসৰি মহাত্মা গান্ধী সেই সময়ত সুস্থ নাছিল আৰু তেওঁ মৌনতাৰ উপবাস পালন কৰি আছিল । চিকিৎসকৰ অনুমতি লৈ আধা ঘণ্টাৰ বাবে চিনেমাখন চাবলৈ ছবিগৃহত উপস্থিত হয় তেখেত । কিন্তু ৰাম ৰাজ্যৰ কাহিনীত তেওঁ ইমানেই মগ্ন হৈ পৰে যে ছবিগৃহত এঘণ্টাৰো অধিক সময় কটায় ।

ৰাম-সীতাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল ছবিখন

ছবিখনত প্ৰেম আদীব আৰু শোভানা সমৰ্থে ৰাম আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল । এই ছবিখন সেই বছৰৰ তৃতীয় সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছিল । এইখন আছিল প্ৰথম ভাৰতীয় ছবি যি আমেৰিকাত প্ৰিমিয়াৰ হৈছিল ।

ৰাম ৰাজ্যৰ বাহিৰেও মহাত্মা গান্ধীয়ে হলিউডৰ ছবি ‘মিছন টু মস্কো’ চাইছিল যদিও খবৰ অনুসৰি এই ছবিখনে তেখেতক আপ্লুত কৰিব পৰা নাছিল । আনকি গোটেই চিনেমাখনো তেওঁ চোৱা নাছিল । একে সময়তে ‘ৰাম ৰাজ্য’ ছবিখন বাপুৱে এঘণ্টাৰো অধিক সময় চাইছিল, তেতিয়া বহু ঠাইত ছবিখনৰ ব্যক্তিগত প্ৰদৰ্শন হৈছিল আৰু এয়া ভাৰতীয় চিনেমাৰ এক ঐতিহাসিক পৰিঘটনা হিচাপে ধৰা হৈছিল । কিছুমান খবৰত গান্ধীজীক ছবিখন চোৱাৰ পিচত সুখী দেখা গৈছিল বুলিও প্ৰকাশ পাইছে ।

মহাত্মা গান্ধীয়ে গোটেই জীৱনত কেৱল এই দুখন ছবি চোৱাৰ আঁৰত আন এটা ডাঙৰ কাৰণ আছিল । কোৱা হয় যে গান্ধীজী চিনেমাৰ প্ৰতি আকৰ্ষিত নাছিল । দেশৰ লগতে যুৱক-যুৱতীসকলৰ বাবেও ই ভাল নহয় বুলি ভাবিছিল ৷ এবাৰ চিনেমাটোগ্ৰাফ কমিটীয়ে এই বিষয়ত গান্ধীজীৰ সাক্ষাৎকাৰ ল’ব বিচাৰিছিল । এই সন্দৰ্ভত গান্ধীজীয়ে কৈছিল- ‘সাক্ষাৎকাৰ দিয়াৰ কথা ভাবিলেও মই আপোনালোকৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব নোৱাৰিম কাৰণ মই কেতিয়াও চিনেমা হললৈ যোৱা নাই ।’’

উল্লেখ্য যে, ১৭ গৰাকী অভিনেতাই পৰ্দাত মহাত্মা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ সেয়া হৈছে- জে এছ কেছ্যপ, বেন কিংছেলে, ছেম দস্তৰ, জে লেভেই, যশৱন্ত সাতভিক, অনু কাপুৰ, ৰজত কাপুৰ, মোহন গোখলে, নাছিৰুদ্দিন শ্বাহ, সুৰেন্দ্ৰ ৰাজন, মোহন ঝাংগিয়ানী, দিলীপ প্ৰভালকাৰ, ডাঃ শিকাৰিপুৰাৰ কৃষ্ণমূৰ্তিৰ পৰা অভিজিত দত্তলৈ । সুৰেন্দ্ৰ ৰাজনে ছয়বাৰ গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে, সেয়া হৈছে বীৰ সাৱৰকাৰ (২০০১), দ্য লেজেণ্ড অৱ ভগত সিং (২০০২), নেতাজী সুভাষ চন্দ্ৰ বসু: দ্য ফৰ্গটেন হিৰো (২০০৫), দ্য লাষ্ট ডেজ অৱ দ্য ৰাজ (২০০৭), গান্ধী: দ্য চাইলেণ্ট গন (২০১২) আৰু শ্ৰীজিৎ মুখাৰ্জীৰ গুমনামি (২০১৯)।

লগতে পঢ়ক: Sky Force: পাকিস্তানত ভাৰতৰ প্ৰথমটো বিমান আক্ৰমণ, অক্ষয় কুমাৰৰ নতুন ছবিৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.