ETV Bharat / entertainment

Mor ghorar duronto goti,মহৰ্ষি তুহিন-অতুল পাচনীৰ সহযোগিতাৰে অস্কাৰলৈ এণ্ট্ৰি প্ৰথমখন অসমীয়া চুটি ছবিৰ

author img

By

Published : Oct 20, 2022, 6:46 PM IST

গৌৰাৱান্বিত অসম, গৌৰাৱান্বিত ভাৰত ৷ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত এটা প্ৰকল্পৰ বাবে কলকাতাৰ সত্যজিত ৰায় ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউটত অধ্যয়নৰত অসমৰ এজন ছাত্ৰই নিৰ্মাণ কৰা এখন চুটি ছবিয়ে এণ্ট্ৰি লাভ কৰিছে অস্কাৰত (Assamese short film mor ghorar duronto goti) ৷ গুৱাহাটীৰ নিৱাসী মহৰ্ষি তুহিন কাশ্যপৰ এই অভূতপূৰ্ব সফলতাই আৰু অধিক চহকী কৰি তুলিলে অসমৰ সাংস্কৃতিক তথা চলচ্চিত্ৰ জগতখনৰ মানদণ্ড ৷

first assamese short film
অস্কাৰত এণ্ট্ৰি লাভ কৰা প্ৰথমখন অসমীয়া চুটি ছবি

চিটাৰা ডেস্ক, 20 অক্টোবৰ : অস্কাৰত এণ্ট্ৰি লাভ কৰা প্ৰথমখন অসমীয়া চুটি ছবি ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ (First assamese short film to enter in oscar) ৷ 15 মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখন নিৰ্মাণ কৰি উলিয়াইছে অসম সন্তান মহৰ্ষি তুহিন কাশ্যপে ৷ কলকাতাৰ সত্যজিত ৰায় ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউটৰ তৃতীয় বাৰ্ষিকৰ ছাত্ৰ তুহিনে এই ছবিখন দ্বিতীয় বাৰ্ষিকৰ ফাইনেল প্ৰজেক্টৰ বাবে নিৰ্মাণ কৰি উলিয়াইছিল ৷ চলিত বছৰৰ জানুৱাৰী মাহত ছবিখন সম্পূৰ্ণ হৈ উঠিছিল ৷

ছবিখনৰ বিষয় বস্তু সচৰাচৰ জীৱনত ঘটি থকা ঘটনাৰ ওপৰতে আধাৰিত ৷ ইটিভি ভাৰত অসম ডেস্কৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ছবিখনৰ পৰিচালক মহৰ্ষিয়ে কয় যে, তেওঁ অবাস্তৱ কাহিনীৰ প্ৰতি আকৰ্ষিত ৷ তেওঁৰ ভাষাত Life is anyways more absurd than reality ৷ আইতাকৰ সৎকাৰৰ সময়ত হোৱা এটা ঘটনাৰ আলমতেই এই ছবিখনৰ কাহিনী মহৰ্ষিৰ মনলৈ আহিছিল ৷ পিতৃৰ সৈতে সৎকাৰৰ বাবে ওলাই যোৱা মহৰ্ষিয়ে লগ পাইছিল এজন আচৰিত মানুহ, যিয়ে নিজৰ ঘোঁৰা থকাৰ কাহিনী শুনাবলৈ উঠি পৰি লাগিছিল পিতা-পুত্ৰ দুয়োকে ৷ ঘৰলৈ উভতি অহাৰ পৰত পিতৃৰ সৈতে হোৱা কথোপকথনতে জন্ম হৈছিল ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ ৰ কাহিনী (The Horse from Heaven) ৷

মহৰ্ষি তুহিন কাশ্যপে বিশ্বাস কৰে যে প্ৰতিটো কাহিনীৰে আঁৰত আন এটা কাহিনী লুকাই থাকে ৷ জীৱনৰ যিকোনো সৰু বৰ অভিজ্ঞতাইহে দৰাচলতে একো একোটা কাহিনীৰ সৃষ্টি কৰিব পাৰে ৷ আমি হাঁহি ধেমালিৰে পাতি থকা কথাতকৈয়ো কেতিয়াবা অধিক ৰোমাঞ্চকৰ ঘটনা আমাৰ জীৱনত ঘটি যায় ৷ বহুসময়ত সেই ঘটনা কথাৰে মানুহৰ মাজলৈ লৈ যাব নোৱাৰি যাৰ বাবে প্ৰয়োজন আহি পৰে অন্য মাধ্যমৰ ৷ মহৰ্ষি তুহিন কাশ্যপৰ ক্ষেত্ৰত এনেধৰণৰ শব্দৰে বৰ্ণনা কৰিব নোৱাৰা কাহিনীয়েই ছবিৰ মাজেৰে প্ৰাণ পাই উঠে ৷

মহৰ্ষিয়ে ইটিভি ভাৰত অসম ডেস্কৰ সাংবাদিকক জানিবলৈ দিয়ে যে কাহিনী লিখিবলৈ আৰম্ভ কৰোতেই তেওঁৰ গুৰু মাণিক ৰয়ে অতুল পাচনীৰ কথা কৈছিল ৷ চৰিত্ৰটোৰ বাবে একমাত্ৰ অতুল পাচনীয়েই উপযুক্ত বুলি দুয়োৰে বিশ্বাস হৈছিল ৷ সৰুৰে পৰাই অসমৰ বলিষ্ঠ অভিনেতা অতুল পাচনীৰ অভিনয় চাই ডাঙৰ হোৱা মহৰ্ষি তেওঁৰ সৈতে প্ৰথম কথা বতৰাতে আপ্লুত হৈছিল ৷ তেওঁ জানিবলৈ দিয়ে ছবিখনৰ কাহিনী লিখি শেষ হোৱাৰ আগৰে পৰাই অতুল পাচনী তেওঁলোকৰ লগত জড়িত হৈ পৰিছিল ৷

first assamese short film
মহৰ্ষি তুহিন কাশ্যপ-অতুল পাচনী

এটা কাহিনীয়ে সুন্দৰকৈ গতি কৰিবলৈ শ্বুটিঙৰ পূৰ্বৰ পৰাই অভিনেতা এজন সেই কাহিনীৰ আঁৰৰ প্ৰতিজনৰে সৈতে জড়িত হৈ থাকিলে কিমান লাভ হয় বা কিমান সুন্দৰকৈ কাহিনীভাগ আগবঢ়াই লৈ যাব পাৰি সেই সন্দৰ্ভতো মত প্ৰকাশ কৰে পৰিচালকে ৷ অতুল পাচনীৰ ইমান নিস্বাৰ্থ সহযোগিতাৰ বাবে তেওঁ কৃতজ্ঞ বুলি আমাক জানিবলৈ দিয়ে ৷ ছবিখনৰ কাহিনী ভাগ মনলৈ অহাৰে পৰা পৰচালকৰ প্ৰথম আৰু একমাত্ৰ পছন্দ আছিল অতুল পাচনী ৷ লগতে কাহিনীৰো চাহিদা আছিল অতুল পাচনীৰ দৰে এগৰাকী বৰেণ্য অভিনেতা ৷

মহৰ্ষিয়ে নিৰ্মাণ কৰা এই চুটি ছবিখন আছিল তেওঁৰ পাঠ্যক্ৰমৰ অন্তৰ্গত এটা প্ৰজেক্ট ৷ কলিকতাৰ পৰা অসমলৈ গৈ অতুল পাচনীক ছবিখনৰ কাহিনী বৰ্ণনা কৰোতেই এবাৰতে মান্তি হৈছিল অভিনেতাজন ৷ কলিকতাত ছবিখনৰ দৃশ্যগ্ৰহণ কৰিবলৈ যোৱা অভিনেতা অতুল পাচনী ইনষ্টিটিউটৰ মানুহৰ আতিথ্যত অভিভূত হৈ পৰে ৷ ইটিভি ভাৰত অসম ডেস্কৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ছবিখনৰ মূল অভিনেতা অতুল পাচনীয়ে কয় যে, কলকাতাত সত্যজিত ৰায় ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউটৰ চৌহদতে তেওঁলোকে শ্বুটিং কৰিছিল ৷ প্ৰায় 12 দিন ধৰি তেওঁলোকে শ্বুটিং কৰিছিল ৷ অৱশ্যে ছবিখনৰ ৰাতিৰ দৃশ্যাংশ তেওঁলোকে কলকাতা নগৰীৰ মাজ অংশত কৰিছিল ৷

first assamese short film
মহৰ্ষি তুহিন কাশ্যপ

এই ছবিখনৰ কাহিনীত দৰঙী কলা-কৃষ্টি দেখুওৱা হৈছে ৷ দৰঙৰ ওজাপালিৰ আলমতেই ছবিখনৰ কাহিনী ভাগ আগবাঢ়ে ৷ ছবিখনত ওজাৰ লগত থকা পালি জনৰ চৰিত্ৰ ৰূপায়ন কৰিছে অতুল পাচনীয়ে ৷ ছবিখনৰ কাহিনী ভাগ কিছু এনেধৰণৰ- এদিন ৰাতি ওজাপালি গাই ঘৰলৈ উভতি আহোতে ওজাই জংঘলৰ মাজতে দেখিলে মুকুট পিন্ধি থকা এটা ঘোঁৰা ৷ তেওঁৰ অনুভৱ হ’ল যে ই যেন স্বৰ্গৰ পৰা নামি অহা ইন্দ্ৰৰ ঘোঁৰা ৷ ঘোঁৰাটোৱে নিজেই পালিৰ ওচৰলৈ অহাত তেওঁ ঘোঁৰাটোক লৈ ঘৰ পালেহি ৷ তাৰ পিছত তেওঁ ঘোঁৰাটোক লৈ সপোন দেখিবলৈ ল’লে যে সেই ঘোঁৰাটো পৃথিৱীৰ ভিতৰতেই একমাত্ৰ তীব্ৰবেগী ঘোঁৰা ৷ পালিজনৰ অনুভৱ হ’ল যে সেই ঘোঁৰাটোক লৈ তেওঁ যিকোনো কাম কৰিব পাৰিব ৷ তাকে ভাবি ঘোঁৰা লৈ চহৰ পালেগৈ পালি ৷ তাত ঘোঁৰা দৌৰ প্ৰতিযোগিতাত অংশ ল’বলৈ আগবঢ়াই দিলে তেওঁৰ তীব্ৰবেগী ঘোঁৰা ৷ কিন্তু সেই ঘোঁৰাটোৰ প্ৰকৃত সত্য অন্য কিবাহে !

first assamese short film
মহৰ্ষি তুহিন কাশ্যপ

ছবিখনত তিনিটা মুখ্য চৰিত্ৰ আছে ৷ কলিকতাৰ সত্যজিত ৰায় ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউটৰ ছাত্ৰ মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অতুল পাচনীৰ এইয়া প্ৰথম সহযোগিতা ৷ আন্তঃৰাষ্ট্ৰীয় শ্বৰ্ট ফিল্ম মহোৎসৱ অনুষ্ঠিত হোৱা কেইবা ঠাইতো শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰিছে মোৰ ঘোঁৰাৰ দূৰন্ত গতিয়ে লগতে নেশ্যনেল শ্বৰ্ট ফিল্ম ফেষ্টিভেলতো শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে (Mor ghorar duronto goti) ৷ অভিনেতা অতুল পাচনীয়ে দুঠাইত ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে ৷

শ্বৰ্ট ফিল্মৰ ফিকছন শাখাত অস্কাৰলৈ ছবি পঠিয়াবলৈ যোগ্যতা থকা ভাৰতৰ একমাত্ৰ ফিল্ম ফেষ্টিভেল হ’ল বাংগালুৰু ইণ্টাৰনেশ্যনেল শ্বৰ্ট ফিল্ম ফেষ্টিভেল ৷ বাংগালুৰু ইণ্টাৰনেশ্যনেল শ্বৰ্ট ফিল্ম ফেষ্টিভেলে নিৰ্বাচন কৰে মহৰ্ষি তুহিনৰ এই ছবিখন ৷ মহৰ্ষিয়ে প্ৰথমে বাংগালুৰু ইণ্টাৰনেশ্যনেল শ্বৰ্ট ফিল্ম ফেষ্টিভেললৈ মোৰ ঘোঁৰাৰ দূৰন্ত গতি ছবিখন পঠিয়াইছিল আৰু সৌভাগ্য ক্ৰমে তাত তেওঁলোকৰ এই ছবিখনে বিজয়ী বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ তাত বিজয়ী হোৱাৰ পিছতে মোৰ ঘোঁৰাৰ দূৰন্ত গতিয়ে অস্কাৰত এণ্ট্ৰি লাভ কৰে ৷

ইটিভি ভাৰত চিটাৰা পৰিয়ালৰ তৰফৰ পৰা এই বৃহৎ কৃতিত্বৰ বাবে মহৰ্ষি তুহিন কাশ্যপ আৰু অভিনেতা অতুল পাচনী লগতে ছবিখনৰ লগত জড়িত সমূহ কৰ্মকৰ্তালৈ অভিনন্দন যাচিলো ৷

লগতে পঢ়ক: God on the balcony: অসমীয়া কথাছবি বেলকনিত ভগৱানৰ সফল যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.