ETV Bharat / entertainment

অন্নপূৰ্ণি ছবিত ৰামক অপমান কৰাৰ অভিযোগত নয়নতৰাৰ বিৰুদ্ধে FIR দাখিল - Annapoorani controversy

Annapoorani film controversy: বিতৰ্কৰ আৱৰ্তত নয়নতৰা অভিনীত ছবি ‘অন্নপূৰ্ণি’ ৷ যোৱা ৮ জানুৱাৰীত হিন্দু সেৱা পৰিষদে জবলপুৰৰ ওমাতী থানাত প্ৰযোজক-পৰিচালকৰ বিৰুদ্ধে সমগ্ৰ তাৰকা অভিনেতাৰ বিৰুদ্ধে FIR দাখিল কৰি ‘অন্নপূৰ্ণি’ ছবিখনক হিন্দু বিৰোধী বুলি অভিহিত কৰে ।

FIR Filed Against Nayanthara's Annapoorani film; Know the behind reason
অন্নপূৰ্ণি বিতৰ্ক
author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 12:42 PM IST

চিটাৰা ডেস্ক, ১০ জানুৱাৰী: বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুকলি হোৱা ছবি ‘অন্নপূৰ্ণি’ ৷ ছবিখনৰ বিৰুদ্ধে শ্ৰীৰামক অপমান কৰি হিন্দু সমাজৰ আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে । মধ্যপ্ৰদেশৰ জবলপুৰত ধৰ্মীয় আৱেগক উচটনি দিয়াৰ অভিযোগত ছবিখনৰ প্ৰযোজক-পৰিচালক আৰু মুখ্য অভিনেত্ৰী নয়নতৰাকে ধৰি সমগ্ৰ তাৰকা অভিনেতাৰ বিৰুদ্ধে FIR দাখিল কৰিছে হিন্দু সংগঠনে ।

হিন্দু সেৱা পৰিষদৰ অতুল জেছৱানীয়ে কয় যে অন্নপূৰ্ণি ছবিখনত এনে বহু দৃশ্য আছে, য’ত হিন্দু ধৰ্মৰ আৰাধ্য মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামক অপমান কৰা হৈছে । ছবিখনত শ্ৰীৰামৰ বিৰুদ্ধে অনুচিত মন্তব্য কৰি হিন্দুসকলৰ আৱেগক আঘাত হানিছে । জেছৱানীৰ মতে ছবিখনত লাভ জেহাদ দেখুওৱা হৈছে । এই কথাও ছবিখনত দেখুৱাইছে যে শ্ৰীৰামে নিৰ্বাসনৰ সময়ত জীৱ-জন্তু হত্যা কৰি মাংস খাইছিল ।

এফআইআৰ পঞ্জীয়ন

দৰাচলতে হিন্দু সেৱা পৰিষদে ‘অন্নপূৰ্ণি’ ছবিখনক হিন্দু বিৰোধী বুলি অভিহিত কৰি মঙলবাৰে (৯ জানুৱাৰী) জবলপুৰৰ ওমাতী থানাত তাৰকা অভিনেতাৰ সৈতে প্ৰযোজক-পৰিচালকৰ বিৰুদ্ধে FIR দাখিল কৰিছে । আৰক্ষীয়ে নীলেশ কৃষ্ণ (পৰিচালক), নয়নতৰা (অভিনেত্ৰী), যতীন ছেঠী (প্ৰযোজক), আৰ ৰবিন্দ্ৰন (প্ৰযোজক), পুনিত গইকা (প্ৰযোজক), শৰিক পেটেল আৰু মনিকা শ্বেৰগিলৰ বিৰুদ্ধে ১৫৩ আৰু ৩৪ নং আই পি চি ধাৰাত গোচৰ ৰুজু কৰিছে ।

ছবিখনৰ এই দৃশ্যসমূহৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন

১) চিনেমাখনৰ শেষৰ দৃশ্যটোত বিৰিয়ানী বনোৱাৰ আগতে মন্দিৰৰ পুৰোহিতৰ কন্যাই হিজাব পৰিধান কৰি নামাজ পঢ়ে ।

২) অভিনেতাজনৰ বন্ধু ফাৰহানে অভিনেত্ৰীগৰাকীক ফুচুলাই মাংস কাটিবলৈ বাধ্য কৰায় ৷ কাৰণ ফাৰহানে কয় যে শ্ৰী ৰাম আৰু মাতা সীতাইও মাংস খাইছিল ।

৩) ছবিখনত অভিনেত্ৰীগৰাকীয়ে মন্দিৰলৈ যোৱাৰ সলনি ৰমজানৰ ইফতাৰৰ বাবে ফাৰহানৰ ঘৰলৈ যায় । ছবিখনত ছোৱালীজনীৰ পিতৃয়ে সন্ধ্যা আৰতি কৰি আছে যদিও কন্যাই মাংস খোৱাৰ দৃশ্যবোৰে বিচলিত কৰিছে ।

৪) অভিনেত্ৰীগৰাকীৰ পিতৃ এজন মন্দিৰৰ প্ৰধান পুৰোহিত । তেওঁ ভগৱান বিষ্ণুৰ বাবে সাতটা প্ৰজন্মকে ধৰি প্ৰসাদ আগবঢ়াই আহিছে যদিও তেওঁৰ কন্যাক কুকুৰাৰ মাংস প্ৰস্তুত কৰা দেখা গৈছে ।

৫) হিন্দু পুৰোহিতৰ কন্যাই এজন মুছলমান ল’ৰাৰ প্ৰেমত পৰে ৷ যাক ৰমজানৰ ইফতাৰলৈ যোৱা দেখা যায় । হিন্দু ছোৱালীক নামাজ পঢ়িবলৈ উৎসাহিত কৰা হয় ।

৬) চিনেমাখনত ফাৰহান নামৰ এজন শিল্পীয়ে কৈছে যে শ্ৰীৰাম, মাতৃ সীতা আৰু লক্ষ্মণ, শিৱ আৰু মুৰুগনেও জীৱ-জন্তু বধ কৰি মাংস খাইছিল ।

৭) চিনেমাখনত ফাৰহান নামৰ এজন শিল্পীয়ে ভগৱান শ্ৰীৰামৰ নিৰ্বাসনৰ সময়ত হাবিত জীৱ-জন্তু হত্যা, কাটি, ৰান্ধি খোৱাৰ কথা কৈছে ।

৮) চিনেমাখনত এগৰাকী ব্ৰাহ্মণ হিন্দু ছোৱালীক মুছলমান ধৰ্মৰ বাবে প্ৰৰোচিত কৰা আৰু আমাৰ ধৰ্মগ্ৰন্থ যেনে ৰামায়ণ, পুৰাণ আদি ধৰ্মগ্ৰন্থৰ ভুৱা তথ্যৰে ভুল ব্যাখ্যা কৰি দেৱতাক অপমান কৰা দেখা গৈছে ।

লগতে পঢ়ক : যশৰ জন্মদিন উদযাপন কৰিবলৈ গৈ মৃত্যু অনুৰাগীৰ, ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ অভিনেতাগৰাকীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.