ETV Bharat / entertainment

EXCLUSIVE: হিৰো নং ১ৰ ছিকুৱেলৰ আহিছে সন্দৰ্ভত ডাঙৰ খবৰ ! কোন হ’ব অভিনেতা-অভিনেত্ৰী ?

হিৰো নং ১ ছিকুৱেল সন্দৰ্ভত আহিছে ডাঙৰ খবৰ । এই ছবিখনত একেলগে দেখা যাব টাইগাৰ শ্ৰফ আৰু ছাৰা আলী খানৰ যুটি ।

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 6:25 PM IST

Exclusive : tiger shroff and sara ali khan to be cast in sequel of Hero No 1, Read Details
হিৰো নং ১ ছিকুৱেল সন্দৰ্ভত আহিছে ডাঙৰ খবৰ

চিটাৰা ডেস্ক, ১৩ ছেপ্টেম্বৰ: আজিৰ দিনটোত অৰ্থাৎ ১৩ ছেপ্টেম্বৰৰ তাৰিখত বলীউডৰ ছুপাৰহিৰো টাইগাৰ শ্ৰফৰ বিষয়ে দুটা এক্সক্লুছিভ খবৰ ইটিভি ভাৰতৰ হাতত আহিছে ৷ এটা হৈছে টাইগাৰ শ্ৰফৰ আগন্তুক একচন ছবি ‘ৰেম্বো’ৰ বিষয়ে ৷ আচলতে আমাৰ হাতত খবৰ আহিছে যে ৰেম্বোত টাইগাৰ শ্ৰফৰ সৈতে দেখা যাব জাহ্নৱী কাপুৰক ৷ অৱশ্য়ে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ‘পাঠান’ৰ দৰে মেগা ব্লকবাষ্টাৰ ছবিৰ পৰিচালক সিদ্ধাৰ্থ আনন্দে নিৰ্মাণ কৰিব 'ৰেম্বো' ছবিখন। একে সময়তে টাইগাৰৰ সন্দৰ্ভত দ্বিতীয়টো এক্সক্লুছিভ খবৰ আহিছে যে গোবিন্দা আৰু কৰিশ্মা কাপুৰৰ অভিনীত ব্লকবাষ্টাৰ ছবি 'হিৰো নং ১'ৰ ছিকুৱেল নিৰ্মাণ হ’ব ।

এই বিষয়ে বহুদিনৰে পৰা চৰ্চা চলি আছিল । বিশেষ কথাটো হ’ল টাইগাৰ শ্ৰফ আৰু ছাৰা আলী খানৰ যুটিটোক দেখা যাব এই ছবিখনত । জাহ্নৱী কাপুৰ আৰু ছাৰা আলী খানৰ সৈতে টাইগাৰ শ্ৰফে প্ৰথমবাৰৰ বাবে কাম কৰিব ।

উল্লেখ্য যে, ১৯৯৭ চনত মুক্তি পোৱা গোবিন্দা আৰু কৰিশ্মা কাপুৰৰ প্ৰেম-কমেডী ছবি 'হিৰো নং ১' ছবিখনে বক্স অফিচত হিট হৈছিল । গোবিন্দাৰ হিট লিষ্টত শীৰ্ষত আছে 'হিৰো নং ১'। গোবিন্দাৰ অনুৰাগীয়ে আজিও এই ছবিখন পাহৰা নাই। এতিয়া এই ছবিখনৰ ছিকুৱেলৰ বিষয়ে চৰ্চা চলি আছে । টাইগাৰ শ্ৰফ আৰু ছাৰা আলী খানৰ যুটি 'হিৰো নং ১' ছবিখনৰ ছিকুৱেলত দেখা যাব বুলি জল্পনা-কল্পনা কৰা হৈছে। অৱশ্যে ছবিখনৰ বিষয়ে আলোচনা চলিছে যদিও এতিয়ালৈকে ছবিখনৰ বিষয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ৷ যদি এনেকুৱা হয়, তেন্তে প্ৰথমবাৰৰ বাবে টাইগাৰ আৰু ছাৰাক একেলগে পৰ্দাত দেখা যাব ।

টাইগাৰ আৰু ছাৰা আলী খানৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে টাইগাৰ বৰ্তমান অক্ষয় কুমাৰৰ সৈতে 'গণপত পাৰ্ট ১' আৰু 'ছোটে মিয়াঁ বড়ে মিয়াঁৰ' দৰে দুখন একশ্যন ছবিত ব্যস্ত । একে সময়তে ছাৰা আলী খানৰ 'মেট্ৰ’ ইন দিনো' আৰু 'মাৰ্ডাৰ মুবাৰক'ৰ দৰে দুখন লাইট ভাৰ্চন ছবি আগন্তুক সময়ত মুকলি হ’ব।

লগতে পঢ়ক: Jaane Jaan Promo: কৰীণাৰ ছবি জানে জানৰ প্ৰমো মুকলি, মায়া ডিছুজাৰ ৰূপত কৰীণাৰ বিধ্বংসী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.