ETV Bharat / entertainment

Emergency ত ছেম মানেকশ্ব’ৰ চৰিত্ৰ ৰূপায়ণ কৰিব মিলিন্দ সুমনে

author img

By

Published : Aug 25, 2022, 1:52 PM IST

Updated : Aug 25, 2022, 4:47 PM IST

ছবিখনত অভিনেতা মিলিন্দ সোমনে ভাৰতীয় সেনাৰ প্ৰাক্তন সেনাধ্যক্ষ ছেম মানেকশ্ব’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে (Milind Soman latest news)। ছবিখনৰ পৰা অভিনেতা গৰাকীৰ ফাৰ্ষ্ট লুক মুকলি কৰিছে কংগনা ৰানাৱটে ।

Emergency
Emergency ত ছাম মানেকশ্ব’ৰ চৰিত্ৰ ৰূপায়ণ কৰিব মিলিন্দ সুমনে

চিটাৰা ডেস্ক, 25 আগষ্ট : কুইন কংগনা ৰানাৱটে মুকলি কৰিছে আগন্তুক ছবি ‘ইমাৰ্জেন্সী’ৰ আন এক চৰিত্ৰৰ ফাৰ্ষ্ট লুক । ছবিখনত অভিনেতা মিলিন্দ সুমনে ভাৰতীয় সেনাৰ প্ৰাক্তন সেনাধ্যক্ষ ছেম মানেকশ্ব’ৰ চৰিত্ৰত অভিনয় কৰিব (Milind Soman latest updates) । কংগনা ৰানাৱটে মুকলি কৰিছে অভিনেতা গৰাকীৰ ফাৰ্ষ্ট লুক । এই চৰিত্ৰটোত মিলিন্দক শক্তিশালী ৰূপত দেখা গৈছে ।

কংগনাই ছবিখনৰ পৰা মিলিন্দৰ প্ৰথম ৰূপটো শ্বেয়াৰ কৰি লিখিছে (Kangana Ranaut instagram), 'ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতৰ সীমা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ছেম মানেকশ্ব’, যাৰ সেৱা আৰু সততা আজিও বিৰাজমান তেওঁৰ চৰিত্ৰত দ্য ডাইনামিক @milindrunnin'

কংগনাই নিজেই ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে । অভিনেত্ৰী গৰাকীয়ে ছবিখনৰ প্ৰতিটো বিশেষ চৰিত্ৰৰে ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰি আহিছে ৷ অনুপম খেৰে ‘জয়প্ৰকাশ নাৰায়ণ’, শ্ৰেয়স তালপাড়েই ‘অটল বিহাৰী বাজপেয়ী’ আৰু মহিমা চৌধুৰীয়ে সাংস্কৃতিক কৰ্মী পুপুল জয়কাৰৰ চৰিত্ৰত অভিনয় কৰিব ৷

অনুৰাগীসকলে প্ৰশংসা কৰিছে মিলিন্দৰ লুকটো ৷

মিলিন্দ সুমনৰ প্ৰথম লুক দেখাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । তেওঁৰ এই লুকটো অনুৰাগীসকলে অতিশয় পছন্দ কৰিছে আৰু মানেকশ্ব আৰু তেওঁৰ লুকৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াবলৈ অক্ষম হৈছে । কংগনাৰ পোষ্টটো অনুৰাগীসকলে প্ৰশংসাৰে উপচাই পেলাইছে ।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘আৰু ছবিখনৰ বাবে অপেক্ষা কৰিব নোৱাৰো’। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘বিশ্বাস কৰিব নোৱাৰি এইয়া মিলিন্দ সুমন’।

লগতে পঢ়ক : স্তন কেঞ্চাৰক পৰাস্ত কৰি পুনৰ বলীউডলৈ উভতিল মহিমা চৌধুৰী

Last Updated : Aug 25, 2022, 4:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.