ETV Bharat / entertainment

Ekta Kapoor: আন্তঃৰাষ্ট্ৰীয় এমি বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰযোজক হিচাপে পৰিগণিত হৈছে একতা কাপুৰ

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:29 PM IST

ভাৰতীয় টেলিভিছন আৰু চিনেমা ক্ষেত্ৰৰ অসাধাৰণ কামৰ বাবে চলচ্চিত্ৰ নিৰ্মাতা একতা কাপুৰক আন্তঃৰাষ্ট্ৰীয় এমি বঁটাৰে সন্মানিত কৰা হ’ব । এই বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী ভাৰতীয় প্ৰযোজক হিচাপে পৰিগণিত হৈছে একতা ।

ekta kapoor becomes first indian producer to win international emmy directorate award
চলচ্চিত্ৰ নিৰ্মাতা একতা কাপুৰক আন্তঃৰাষ্ট্ৰীয় এমি বঁটাৰে সন্মানিত কৰা হ’ব

চিটাৰা ডেস্ক, 30 আগষ্ট: একতা কাপুৰ কেৱল এটা নাম নহয়, এটা ব্ৰেণ্ড ৷ পিতৃ জিতেন্দ্ৰৰ পৰিচয়েৰে নহয়, নিজৰ প্ৰতিভাৰে মনোৰঞ্জন উদ্যোগটোত এক সুকীয়া স্থান বনাবলৈ সক্ষম হৈছে একতাই ৷ সেয়াহে এই প্ৰতিভাৰ বাবে নিউয়ৰ্কত আন্তঃৰাষ্ট্ৰীয় এমি সঞ্চালকালয় বঁটাৰে সন্মানিত কৰা হ’ব বলীউডৰ তাৰকা প্ৰযোজক একতা কাপুৰক । মনোৰঞ্জন জগতৰ অন্যতম শ্ৰেষ্ঠ টেলিভিছন আৰু চলচ্চিত্ৰ প্ৰযোজক একতা কাপুৰ । বালাজী টেলিফিল্মছ নামেৰে একতাৰ নিজা প্ৰডাকচন হাউচ আছে, যিটো 1994 চনত প্ৰতিষ্ঠা হৈছিল ।

এই জনপ্ৰিয় শ্ব’সমূহ প্ৰযোজনা কৰিছিল একতাই

একতাই ‘নাগিন’, ‘কিউংকি সাছ ভি কভি বহু থি’, ‘কুমকুম ভাগ্য’, ‘কচটি জিন্দেগী কি’ আৰু ‘বড়ে আচ্ছে লগতে হ্যায়’ আদি জনপ্ৰিয় টেলিভিছন শ্ব’ৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ শেহতীয়াকৈ তেওঁ শোভা কাপুৰৰ সৈতে আয়ুষ্মান খুৰানা আৰু অনন্যা পাণ্ডেৰ অভিনীত ‘ড্ৰিম গাৰ্ল ২’ ছবিখন প্ৰযোজনা কৰিছে। ইয়াৰ উপৰিও তেওঁ ‘ৱান্স আপন এ টাইম ইন মুম্বাই’, ‘এক ভিলেইন’, ‘ৰাগিনী এম এম এছ’, ‘দ্য ডাৰ্টি পিকচাৰ’ আদি ছবিও নিৰ্মাণ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় এমি সঞ্চালকালয় বঁটা

এতিয়া একতাই এটা ডাঙৰ কৃতিত্ব লাভ কৰিব ৷ মনোৰঞ্জন উদ্যোগত কৰা উজ্জ্বল কামৰ বাবে তেওঁক আন্তঃৰাষ্ট্ৰীয় এমি বঁটাৰে সন্মানিত কৰা হ’ব । এইখিনিতে উল্লেখ কৰিব লাগিব যে এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰযোজক হ’ব একতা । এই কৃতিত্বৰ ওপৰত একতাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে হৃদয়স্পৰ্শী টোকা । একতাই লিখিছে, ‘এই সন্মান লাভ কৰাৰ পিচত মই নম্ৰতা আৰু উৎসাহেৰে ভৰি পৰিছোঁ । এই বঁটাটোৱে মোৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে, সমগ্ৰ বিশ্বতে মোৰ দেশক প্ৰতিনিধিত্ব কৰাটো এক সন্মান । বিশেষকৈ নাৰীৰ বাবে কাহিনী সৃষ্টি কৰা এগৰাকী নাৰী হিচাপে টেলিভিছন মোৰ বাবে আত্ম-আৱিষ্কাৰৰ দৰে হৈ আহিছে ।’

তেওঁ লগতে কয়, ‘এই সন্মানে মোক বিশ্বৰ মঞ্চত থিয় দিবলৈ অধিক শক্তিশালী কৰি তুলিছে । 2023 চনৰ আন্তঃৰাষ্ট্ৰীয় এমি সঞ্চালকালয় বঁটাৰ বাবে ধন্যবাদ ।’

চেলিব্ৰিটিসকলে অভিনন্দন জনাইছে

মনোৰঞ্জন উদ্যোগৰ লোকসকলে একতাক এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছে । অনিল কাপুৰে কমেণ্ট ছেকচনত লিখিছে, ‘এয়া এক বৃহৎ কৃতিত্ব একতা, আপোনাক লৈ বহুত গৌৰৱান্বিত’। মনীষ মালহোত্ৰাই লিখিছে, ‘বহুত অভিনন্দন’। লগতে আয়ুষ্মান খুৰানা, মৌনি ৰয়, অৰ্জুন কাপুৰ, চুজেন খান, জাৰিন খানেও একতাক অভিনন্দন জনাইছে ।

লগতে পঢ়ক: Allu Arjun new video: ৰামোজী ফিল্ম চিটিৰ পৰা পুষ্পা ২ ৰ চুটিঙৰ ভিডিঅ’ শ্বেয়াৰ আল্লু অৰ্জুনৰ, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.