চিটাৰা ডেস্ক, 31 জুলাই: মুক্তিৰ বাবে সাজু হৈছে আয়ুষ্মান খুৰানাৰ আগন্তুক ছবি ড্ৰিম গাৰ্ল 2 । ইফালে আজি মুক্তি পাইছে ছবিখনৰ টিজাৰ ৷ ইতিমধ্যেই Dream Girl 2 ৰ বহু প্ৰচাৰমূলক ভিডিঅ’ ছ’চিয়েল মিডিয়াত মুক্তি পাইছে ৷ প্ৰচাৰমূলক ভিডিঅ’সমূহত পূজা নামৰ ছোৱালী এজনীয়ে কেতিয়াবা যদি পাঠান শ্বাহৰুখ খানৰ লগত আকৌ কেতিয়াবা ভাইজান ছলমান খানৰ লগত ফ্লাৰ্ট কৰা দেখা পোৱা গৈছিল ।
অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ
আয়ুষ্মান খুৰানাৰ ড্ৰিম গাৰ্ল 2 ছবিখনকলৈ বহুদিনৰে পৰা অপেক্ষা কৰি আছিল অনুৰাগীসকলে । একে সময়তে এতিয়া ছবিখনৰ টিজাৰ (31 জুলাই) মুক্তি লাভ কৰিছে । ইয়াৰ লগতে ড্ৰিম গাৰ্ল 2 ৰ ট্ৰেইলাৰ মুক্তিৰ বিষয়েও তথ্য শ্বেয়াৰ কৰিছে ৷
মুকলি হ’ল টিজাৰ
আজি মুকলি হ’ল টিজাৰ ৷ অৱশ্যে ছবিখনৰ সৈতে জড়িত বিশেষ তথ্য ড্ৰিম গাৰ্ল 2 ৰ টিজাৰত দিয়া হোৱা নাই । ভিডিঅ’টোত পূজাক ৰঙা শাৰী পৰিধান কৰি খোজ দিয়া দেখা গৈছে। এই ছবিখন 2019 চনত অহা ড্ৰিম গাৰ্লৰ ছিকুৱেল । প্ৰথম খণ্ডত আয়ুষ্মান খুৰানাৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল নুছৰত ভাৰুচাই । বক্স অফিচত হিট হৈছিল ছবিখন।
- " class="align-text-top noRightClick twitterSection" data="">
কেতিয়া মুক্তি পাব ট্ৰেইলাৰ ?
ড্ৰিম গাৰ্ল ২ৰ টিজাৰ মুক্তিৰ পূৰ্বে মুখ্য অভিনেতা আয়ুষ্মান খুৰানাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ছবিখনৰ এটা আপডেট শ্বেয়াৰ কৰিছিল । টিজাৰ-ট্ৰেইলাৰ ৰিলিজ আপডেটৰ লগতে মুকলি কৰিছে ড্ৰিম গাৰ্ল 2 ৰ নতুন পোষ্টাৰ । অভিনেতাগৰাকীয়ে কয় যে টিজাৰ আজি অৰ্থাৎ 31 জুলাই আৰু ট্ৰেইলাৰ কাইলৈ অৰ্থাৎ 2 আগষ্টত মুক্তি পাব । ইয়াৰ সমান্তৰালকৈ তেওঁ ছবিখনৰ নায়িকা অনন্যা পাণ্ডেৰ চৰিত্ৰৰ সৈতে জড়িত তথ্যও আগবঢ়ায় ।
কেতিয়া মুক্তি পাব ছবিখন ?
আয়ুষ্মান খুৰানাৰ ড্ৰিম গাৰ্ল ২ ৰ মুক্তিৰ কথা ক’বলৈ গ’লে 2023 চনৰ 25 আগষ্টত মুক্তি পাব ছবিখন । ইয়াৰ পূৰ্বে এই ছবিখন 2023 চনৰ 25 জুলাইত মুক্তি পোৱাৰ কথা আছিল । ড্ৰিম গাৰ্ল 2 প্ৰযোজনা কৰিছে একতা কাপুৰ আৰু শোভা কাপুৰে । আনহাতে পৰিচালনা কৰিছে ৰাজ শণ্ডিল্যই। ছবিখনত আয়ুষ্মান খুৰানাৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে অনন্যা পাণ্ডেই ।