ETV Bharat / entertainment

Dream Girl 2: ড্ৰিম গাৰ্ল ২ মুক্তিৰ বাবে মাজত মাত্ৰ ২ দিন বাকী; কিমান টিকট বুক হ’ল জানেনে ?

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 12:38 PM IST

Updated : Aug 23, 2023, 2:50 PM IST

আয়ুষ্মান খুৰানাৰ অভিনীত ছবি ‘ড্ৰিম গাৰ্ল ২’ মুক্তিৰ বাবে বাকী আছে মাত্ৰ ২ দিন । ছবিখনৰ আগতীয়া বুকিং আৰম্ভ হৈছে ৷ পূজাৰ নতুন অৱতাৰ চাবলৈ কিমান টিকট বুকিং কৰা হৈছে জানো আহক ৷

Dream Girl 2 Ayushmann Khurrana's film advance bookings
ড্ৰিম গাৰ্ল ২ টিকট বুক

চিটাৰা ডেস্ক, ২৩ আগষ্ট: ‘ড্ৰিম গাৰ্ল ২’ৰ সৈতে পূজাৰ চৰিত্ৰত ঘূৰি আহিছে আয়ুষ্মান খুৰানা । পূজা আয়ুষ্মানৰ অন্যতম প্ৰিয় চৰিত্ৰ । ভাৰতীয় বক্স অফিচত বৰ্তমানলৈকে আয়ুষ্মান খুৰানাৰ সৰ্ববৃহৎ হিট ছবি হৈছে ‘ড্ৰিম গাৰ্ল’ । ছবিখনৰ উন্মাদনা দেখি নিৰ্মাতাসকলে ইয়াৰ ছিকুৱেল আনিবলৈ সিদ্ধান্ত লয় । ছবিখনৰ ছিকুৱেলৰ পৰা নিৰ্মাতাসকলৰ বহু আশা আছে । বহুকেইগৰাকী অভিনেতাক ছবিখনৰ ছিকুৱেলত ৰখা হৈছে । একে সময়তে ছবিখনৰ মুখ্য অভিনেত্ৰী হিচাপে নিৰ্বাচিত হৈছে অনন্যা পাণ্ডে । কিছুদিন পূৰ্বে মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰটোৱে দৰ্শকৰ পৰা পূৰ্ণ সঁহাৰি লাভ কৰিছে । সেয়াহে ইতিমধ্যেই আৰম্ভ হৈছে ছবিখনৰ এডভান্স বুকিং ৷ দ্ৰুতগতিত বিক্ৰী হৈছে টিকট ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২২ আগষ্টৰ নিশা ১১:৫৯ বজালৈকে অৰ্থাৎ মুক্তিৰ প্ৰায় ২ দিন পূৰ্বে ‘ড্ৰিম গাৰ্ল ২’ৰ শীৰ্ষ ৩ নেচনেল চেইন পিভিআৰ, ইনক্স আৰু চিনেপলিছত প্ৰায় ১৪ হাজাৰ এডভান্স টিকট বুকিং কৰা হৈছে । আয়ুষ্মান খুৰানাৰ ড্ৰিম গাৰ্ল-২ ৰ উন্মাদনা যিদৰে দেখা গৈছে, ইয়াৰ অনুমান কৰিব পাৰি যে মুক্তিৰ প্ৰথম দিনাই ছবিখনৰ প্ৰায় ৬০ হাজাৰ টিকট বুকিং হ’ব । এতিয়ালৈকে কৰা এডভান্স বুকিং অনুসৰি ছবিখনে প্ৰথম দিনাই ৯ কোটিতকৈ অধিক টকা সংগ্ৰহ কৰিব পাৰে বক্স অফিচত ৷ যদিও, এই সংখ্যা ‘ড্ৰিম গাৰ্ল’তকৈ কম, কিন্তু ছবিখনে লাভ কৰা ইতিবাচক সঁহাৰিয়ে ছবিখনক সফল কৰি তুলিব পাৰে বুলি ধাৰণা কৰা হৈছে ।

আয়ুষ্মান খুৰানা আৰু অনন্যা পাণ্ডেৰ অভিনীত ছবিখন অহা ২৫ আগষ্টত চিনেমাগৃহত মুক্তি লাভ কৰিব । ছবিখনত আয়ুষ্মান খুৰানা আৰু অনন্যা পাণ্ডেৰ উপৰিও অনু কাপুৰ,পৰেশ ৰাৱাল, বিজয় ৰাজ, ৰাজপাল যাদৱ, আছৰাণী, মনোজ যোশী,সীমা পাহোৱা,মনজোত সিং, অভিষেক বেনাৰ্জী আৰু ৰঞ্জন ৰাজকো দেখা যাব ৷

উল্লেখ্য যে, দুসপ্তাহ ধৰি বক্স অফিচত নিজৰ স্থান দখল কৰি থকা গদৰ-২, অ’এমজি-২, জেইলাৰ আদি ছবিৰ সন্মুখত আছে । এনে পৰিস্থিতিত আয়ুষ্মানৰ ছবিখনে বক্স অফিচত নিজৰ যাদু প্ৰদৰ্শন কৰাটো যথেষ্ট প্ৰত্যাহ্বানজনক হ’ব ।

লগতে পঢ়ক: Ayushmann Khurrana: চলন্ত বিমানত এগৰাকী মহিলা অনুৰাগীয়ে দিলে আয়ুষ্মান খুৰানাক চাৰপ্ৰাইজ

Last Updated : Aug 23, 2023, 2:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.