ETV Bharat / entertainment

Sunny Deol Birthday: ছানী দেওলে পত্নীক লাইমলাইটৰ পৰা আঁতৰাই ৰাখে নেকি ? এই সন্দৰ্ভত কি ক’লে ছানী দেওলে

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 5:06 PM IST

গদৰ ২ৰ তাৰা সিং অৰ্থাৎ ছানী দেওলে আজি নিজৰ ৬৬ সংখ্যক জন্মদিন উদযাপন কৰিছে ৷ এনে পৰিস্থিতিত অভিনেতাগৰাকীয়ে অনুৰাগী আৰু বন্ধু-বান্ধৱীৰ পৰা বহু অভিনন্দন লাভ কৰিছে । এই উপলক্ষে অভিনেতাজনৰ এটি পুৰণি সাক্ষাৎকাৰ খুবেই চৰ্চালৈ আহিছে । যেতিয়া তেওঁ পত্নী পূজা দেওলৰ বিষয়ে ক’লে এনেদৰে ।

Does Sunny Deol keep his wife away from limelight? When the actor said this about Pooja Deol
ছানী দেওলে পত্নীক লাইমলাইটৰ পৰা আঁতৰাই ৰাখে নেকি ? এই সন্দৰ্ভত কি ক’লে ছানী দেওলে

চিটাৰা ডেস্ক, 19 অক্টোবৰ: ২০২৩ চনৰ আটাইতকৈ চৰ্চিত তাৰকা হিচাপে পৰিগণিত হৈছে ছানী দেওল ৷ তেওঁৰ ছবি গদৰ ২ য়ে বক্স অফিচত এক বৃহৎ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ লগতে ছবিখনে বহু অভিলেখো ভংগ কৰে ছবিখনে ৷ বৰ্তমান এতিয়া নিজৰ জন্মদিনত শিৰোনাম দখল কৰিছে ছানী দেওলে ৷

গদৰ ২ৰ সফলতাই ছানী দেওলক ইতিমধ্যে সফলতাৰ শিখৰত লৈ গৈছে ৷ মুক্তিৰ প্ৰায় দুসপ্তাহ ধৰি ছবিখনে বক্স অফিচত খুবেই ভাল প্ৰদৰ্শ কৰিছিল ৷ এতিয়া ১৯ অক্টোবৰ অৰ্থাৎ আজি তেওঁৰ ৬৬ সংখ্যক জন্মদিনত পুনৰবাৰ লাইমলাইটত আহি পৰিছে ছানী দেওল ৷ কাৰণ হৈছে তেওঁৰ পত্নী পূজা দেওল ৷

লাইমলাইটৰ পৰা কিয় আঁতৰি থাকে পূজা দেওল ?

ছানী দেওলে এবাৰ তেওঁৰ এটি সাক্ষাৎকাৰত পত্নী পূজা দেওলৰ কথা উল্লেখ কৰি কৈছিল যে তেওঁৰ পত্নী পূজা দেওল সংবাদ মাধ্যমৰ সন্মুখত খুব কমেইহে আহে ৷ আন চেলিব্ৰিটি পত্নীৰ দৰে ছ’চিয়েল মিডিয়াত তেওঁ বৰ বেছি সক্ৰিয় নহয় ৷ এনে পৰিস্থিতিত ২০১৩ চনত সংবাদমাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ছানী দেওলক সোধা হৈছিল যে তেওঁৰ পত্নীক লাইমলাইটৰ পৰা আঁতৰি থাকিবলৈ তেওঁ নিৰ্দেশ দিছিল নেকি ?

ছানী দেওলে পত্নীক লাইমলাইটৰ পৰা আঁতৰাই ৰাখে নেকি ?

ছানী দেওলে উত্তৰ দিলে, "এইটো সঁচা নহয় ৷ মোৰ মা বা মোৰ পত্নীও লাইমলাইটৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হোৱা নাছিল ৷ মোৰ পত্নী নিজৰ মানুহ ৷ তাইৰ সদায় নিজৰ সিদ্ধান্ত লোৱাৰ স্বাধীনতা আছে ৷ " ৰাজহুৱা স্থানত ওলাই অহা নহয় মই কোৱাৰ দৰে মোৰ দেউতা বা মই কেতিয়াও মোৰ পৰিয়ালৰ মহিলাসকলক আমাৰ নিয়ম মানি চলিবলৈ বাধ্য কৰা নাই ৷"

দেওল পৰিয়ালৰ মুৰব্বী কোন ?

ছানী দেওলেও নিজৰ কথা ক’লে ৷ অভিনেতাজনে কয় যে, তেওঁৰ স্বভাৱ ছবিত দেখুওৱা খঙাল চৰিত্ৰৰ পৰা পৃথক ৷ নিজকে শান্ত ব্যক্তি বুলি অভিহিত কৰি ছানী দেওলে কয়, "বছৰ বছৰ ধৰি মই উপলব্ধি কৰিছো যে আমি সকলো ক্ষেত্ৰকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷ মোৰ দেউতা পৰিয়ালৰ মুৰব্বী, কিন্তু তেওঁৰ ডাঙৰ ল'ৰা হোৱাৰ বাবে মই পৰিয়ালটোৰ যত্ন ল'ব লাগিব৷" মই মোৰ ভাইটি ববি, অভয়ৰ ডাঙৰ ভাই আৰু মোৰ পুত্ৰ কৰণ আৰু ৰাজবীৰৰ এজন দায়িত্বশীল পিতৃ ৷ হয়, কিছুমান কথাই মোক আমনি কৰে ৷ "

লগতে পঢ়ক: Tiger Shroff in Singham 3: সিংঘম ৩ত এই চৰিত্ৰত দেখা যাব অভিনেতা টাইগাৰে শ্ৰফক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.