চিটাৰা ডেস্ক, ৮ জুন: আজি অভিনেত্ৰী ডিম্পল কাপাড়িয়াৰ জন্মদিন ৷ অভিনেত্ৰীগৰাকীয়ে আজি ৬৬ বছৰ সম্পূৰ্ণ কৰিলে যদিও আজিও ছবি আৰু ৱেব ছিৰিজত উজ্জ্বল অভিনয়ৰ বাবে শিৰোনামত আছে (Dimple kapadia age)। ১৯৫৭ চনৰ ৮ জুনত গুজৰাটী ব্যৱসায়ীৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ডিম্পল কাপাড়িয়া । শৈশৱৰ পৰাই ডিম্পলে অভিনয় জগতত কেৰিয়াৰ গঢ়িব বিচাৰিছিল ৷ ৰাজেশ খান্নাৰ ছবি চাই ডাঙৰ হোৱা ডিম্পলে অভিনেতাজনৰ প্ৰেমত পৰিছিল । আনকি ডিম্পলে ৰাজেশ খান্নাক অনুৰাগী হিচাপে কেইবাবাৰো ফোন কৰিছিল (Dimple Kapadia Birthday)।
ডিম্পল কাপাড়িয়াক সেই সময়ত বয়সতকৈ অধিক ডাঙৰ যেন লাগিছিল ৷ হয়তো আপুনি নাজানে যে ‘ববি’ ছবিখনৰ প্ৰথম ৰাউণ্ডৰ অডিচনত ডিম্পলক নাকচ কৰা হৈছিল (Dimple Kapadia Movies )। কাৰণ সেইসময়ত ২১ বছৰীয়া ঋষি কাপুৰতকৈ ডাঙৰ যেন লাগিছিল ডিম্পলক । অৱশ্যে পুনৰ অডিচনত ৰাজ কাপুৰে অভিনেত্ৰীগৰাকীক বাছনি কৰে আৰু এইদৰে ১৫ বছৰ বয়সত তেওঁ প্ৰথমখন ছবি ‘ববী’ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
ববি ছবিখনত ডিম্পল কাপাড়িয়াৰ চমৎকাৰী অভিনয় আৰু আচৰিত ফেশ্বন চেন্স হৈ পৰিল ডিম্পলৰ সফলতাৰ ৰহস্য। এই ছবিখনত পলকা ডটৰ সাজ আৰু বিকিনিৰ দৃশ্যই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল ৷ ছবিখনৰ সমান্তৰালকৈ ডিম্পল আৰু ঋষি কাপুৰৰ বিষয়েও আলোচনা হ’বলৈ ধৰিলে । দুয়োকে প্ৰায়ে একেলগে দেখা গৈছিল (Dimple Kapadia first film bobby) ।
উল্লেখনীয় যে, ববীৰ শ্বুটিঙৰ সময়তে ডিম্পলে তেওঁৰ শৈশৱৰ ক্ৰাছ ৰাজেশ খান্নাক লগ পাইছিল । ইফালে প্ৰথম সাক্ষাততে ডিম্পলক ভাল পাইছিল ৰাজেশ খান্নাই । সেয়াহে অভিনেতাগৰাকীয়ে পলম নকৰাকৈ অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে কথা পাতিলে আৰু তেওঁলোকৰ সন্মুখত এটা চৰ্ত ৰাখে। চৰ্তটো আছিল যে ৰাজেশ খান্নাই এসপ্তাহৰ ভিতৰত ডিম্পলক বিয়া কৰাব বিচাৰিছিল । কথা মতেই কাম ৷ ১৯৭৩ চনৰ ২৭ মাৰ্চত ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ডিম্পল (Dimple kapadia Rajesh khanna) । সেই সময়ত ৰাজেশ খান্নাৰ বয়স আছিল ৩১ আৰু ডিম্পলৰ বয়স আছিল মাত্ৰ ১৬ বছৰ।
বিয়াৰ প্ৰথম অৱস্থাত দুয়োৰে মাজত সকলো ঠিকেই আছিল কিন্তু লাহে লাহে সলনি হ’বলৈ ধৰে সকলো দৃশ্যপট ৷ বিয়াৰ পিচত ডিম্পলে ছবি জগতৰ পৰা আঁতৰি আহি দুগৰাকী কন্যা টুইংকল আৰু ৰিংকি খান্নাৰ সৈতে সময় কটাবলৈ আৰম্ভ কৰে (Dimple kapadia daughter)। ইফালে লাহে লাহে ৰাজেশ খান্না আৰু ডিম্পলৰ মাজত সংঘাতৰ সৃষ্টি হ’বলৈ ধৰে আৰু বিবাহৰ ৯ বছৰৰ পাচত ডিম্পলে ৰাজেশ খান্নাক এৰি মাকৰ ঘৰলৈ গুচি যায়।
- " class="align-text-top noRightClick twitterSection" data="">
ইয়াৰ পিচত ডিম্পলে আকৌ এবাৰ ছবিজগতত ভৰি দিয়ে আৰু ঋষি কাপুৰৰ সৈতে সাগৰ ছবিত অভিনয় কৰে । এই ছবিখন হিট হৈছিল আৰু ডিম্পলক শীৰ্ষ অভিনেত্ৰীৰ ভিতৰত গণ্য কৰা হৈছিল। ডিম্পলৰ জনপ্ৰিয় ছবিসমূহৰ ভিতৰত আছে মঞ্জিল-মঞ্জিল, অৰ্জুন, এতেবাৰ, জাম্বাজ, দৃষ্টি, কাশ্ব আৰু ৰুদালী ।
শেহতীয়াকৈ ডিম্পল কাপাড়িয়াক শ্বাহৰুখ খানৰ ছবি পাঠানত দেখা পোৱা গৈছিল । ইয়াৰ পিচত ডিম্পল কাপাড়িয়াই ৰণবীৰ কাপুৰৰ তু ঝুঠি মে মক্কাৰ ছবিত মাতৃৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল । একে সময়তে তেওঁৰ ৱেব ছিৰিজ সাছ বাহু আৰু ফ্লেমিংগো অ’টিটিত আহিছে (Dimple Kapadia Web Series)। এই ধাৰাবাহিকখনত ডিম্পল কাপাডিয়াৰ উজ্জ্বল অভিনয়ে সকলোকে বহুত আপ্লুত কৰিছে।