ETV Bharat / entertainment

National Film Awards 2023: তিৱা ছবি "ফায়াৰ অন এজ"ৰ সফলতাত উৎফুল্লিত ডিমৰীয়াবাসী

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 2:18 PM IST

তিৱা ভাষাৰ ছবি "ফায়াৰ অন এজ"য়ে আজুৰি আনিলে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ৷ বঁটা লাভ কৰি নিজ গৃহলৈ অহাৰ সময়ত ডিমৰীয়াত উষ্ম আদৰণি নিবাসী প্ৰণৱজ্যোতি ডেকাৰ লগতেই চিনেমাখনৰ প্ৰযোজক সুজিত দেৱবাৰ্মাক ৷

National Film Awards 2023
তিৱা ছবি "ফায়াৰ অন এজ"ৰ সফলতাত উৎফুল্লিত ডিমৰীয়াবাসী

গুৱাহাটী, 21 অক্টোবৰ: শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2023ত কেইবাখনো চলচ্চিত্ৰই বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল ৷

ইয়াৰ ভিতৰত বহুকেইখন ৰাষ্ট্ৰীয় ছবিৰ সৈতে ফেৰ মাৰি ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰিলে অসমীয়া ছবিয়েও । এই বৰ্ষৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে মঞ্জুল বৰুৱাৰ 'অনুৰ' নামৰ ছবিখনে ।

ইয়াৰ মাজতে অসমৰ অন্যতম জ্যেষ্ঠ অভিনেত্ৰী ডাঃ জাহানৰা বেগমলৈ 'অনুৰ' ছবিৰ বাবে আগবঢ়োৱা হয় জুৰীৰ বিশেষ উল্লেখ সন্মান । ইফালে শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হয় কুলদা কুমাৰ ভট্টাচাৰ্যলৈ । কৃপাল কলিতাৰ 'হাতীবন্ধু'ৰ বাবে ভট্টাচাৰ্যলৈ এই বঁটা আগবঢ়োৱা হয় ।

আনহাতে তিৱা ছবি FIRE ON EDGE লৈ শ্ৰেষ্ঠ এন্থ্ৰপলজিকেল ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হয় । তিৱা ভাষাত ছবি "ফায়াৰ অন এজ"য়েও আজুৰি আনিলে ৰাষ্ট্রীয় চলচ্চিত্ৰ বঁটা । ইফালে, বঁটা লাভ কৰি নিজ গৃহলৈ অহাৰ সময়ত ডিমৰীয়াত প্ৰণৱজ্যোতি ডেকাৰ লগতেই চিনেমাখনৰ প্ৰযোজক সুজিত দেৱবাৰ্মাক উষ্ম আদৰণি জনোৱা হয় ৷

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ৰ বিভিন্ন শিতানত অসমৰ কেইবাখনো চলচ্চিত্ৰ তথা কলা-কুশলীয়ে অসমলৈ সুনাম কাঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ অসমীয়া বহু কেইখন ছবিৰ লগতেই তিৱা ভাষাত নিৰ্মাণ কৰা ছবি "ফায়াৰ অন এজ"ছবি খনৰ বাবে ডিমৰীয়াৰ সুযোগ্য সন্তান কলংপাৰ নিবাসী প্ৰণৱজ্যোতি ডেকাই ৰজতকমল বঁটা পাবলৈ সক্ষম হৈছে ৷চিনেমা খনৰ প্ৰযোজক হিচাপে আছিল সুজিত দেৱবাৰ্মা ।

উল্লেখ্য যে, ১৭ অক্টোবৰ তাৰিখে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ উপস্থিতিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুমুৰ্ৱে প্ৰদান কৰে এই বঁটা ৷ বঁটা আছে মাননীৰ লগতে মানপত্ৰ আৰু স্মাৰক । প্ৰণৱজ্যোতি ডেকাৰ লগতেই ছবি খনৰ এই সফলতাৰ বাবে উৎফুল্লিত ডিমৰিয়াবাসী ৷বঁটা লাভ কৰি নিজ গৃহলৈ অহাৰ সময়ত আধা বাটতে আত্মীয় তথা স্থানীয় ৰাইজে ঢোলে-দগৰে ফটকা ফুটাই উস্ম আদৰণি জনালে প্ৰণৱজ্যোতি ডেকা লগতেই কলা-কুশলী সকলক ।

এই সন্দৰ্ভত মন্তব্য কৰি ছবি খনৰ নিৰ্মাতা প্ৰণৱ জ্যোতি ডেকাই মন্তব্য কৰি কয়,'আমি তিৱা ডকুমেন্টৰী এনথ্ৰপ'লজি ছবিৰ বাবে ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছোঁ ৷ ছবিখনৰ কাম ২০১৬ চনত আৰম্ভ হৈ ২০২১ চনত শেষ হৈছিল ৷ছবিখনৰ এই সফলতাৰ বাবে উৎফুল্লিত নিৰ্মাতা প্ৰণৱ জ্যোতি ডেকা ৷

লগতে পঢ়ক: Bhagyadevi Theatre: ভাগ্যদেৱীৰ দুৰ্ভাগ্য; অভিনেতা কলা-কুশলীৰ থিয়েটাৰ ত্যাগ; বন্ধ নাট প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.