ETV Bharat / entertainment

Dia Mirza niece:দিয়া মিৰ্জাৰ ভতিজী তান্যা কাকড়েৰ মৃত্যু - দিয়া মিৰ্জাৰ ভতিজী তান্যা কাকড়েৰ মৃত্যু

'Rehnaa Hai Terre Dil Mein'ৰ খ্যাতিসম্পন্ন অভিনেত্ৰী দিয়া মিৰ্জাৰ ভতিজী তান্যা কাকড়েৰ দেহাৱসান । দিয়াই ছ’চিয়েল মিডিয়াত নিজৰ ভতিজীৰ এখন ফটোৰে সৈতে এটা আৱেগিক টোকা শ্বেয়াৰ কৰিছে ।

Dia Mirza niece
দিয়া মিৰ্জাৰ ভতিজী তান্যা কাকড়েৰ মৃত্যু
author img

By

Published : Aug 2, 2022, 2:19 PM IST

চিটাৰা ডেস্ক, 2 আগষ্ট : অভিনেত্ৰী দিয়া মিৰ্জাৰ ভতিজী তান্যা কাকড়েৰ মৃত্যুত শোকত মৰ্মাহত হৈ পৰিছে তাৰকাগৰাকী (Dia Mirza niece name) ৷ প্ৰিয় ভতিজীৰ এখন ফটো শ্বেয়াৰ কৰি দিয়াই লিখিছে এটা আৱেগিক টোকা ৷

অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘মোৰ ভতিজী, মোৰ সন্তান, মোৰ জান আৰু এই পৃথিৱীত নাই, তুমি য’তেই নাথাকা, তুমি মোৰ বাবে সদায় বিশেষ হৈ থাকিবা, তুমি যাতে শান্তি আৰু মৰম বিচাৰি পোৱা, তুমি আমাৰ হৃদয়ত সদায় থাকিবা ৷ ওম শান্তি '৷ দিয়াৰ পোষ্টটোত অনুৰাগী সকলৰ লগতে চেলেব্ৰিটী সকলেও শোক প্ৰকাশ কৰিছে ।

তান্যা কাকড়ে কংগ্ৰেছ নেতা ফিৰোজ খানৰ কন্যা । সংবাদ মাধ্যমৰ মতে, গাড়ী দূৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটে তান্যাৰ । জানিব পৰা মতে তান্যা চাৰিজন বন্ধুৰ সৈতে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উভতি অহাৰ সময়তে দূৰ্ঘটনাগ্ৰস্ত হয় । ততাতৈয়াকৈ পৰিয়ালৰ লোকক এই দূৰ্ঘটনা আৰু তেওঁৰ মৃত্যুৰ বিষয়ে অৱগত কৰা হয় ।

তান্যাই এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ কেনেকৈ দিয়াক তেওঁৰ কামৰ বাবে প্ৰেৰণা হিচাপে গণ্য কৰে । তেওঁ কৈছিল, "মই মোৰ জীৱনৰ সকলো শক্তিশালী নাৰী, মোৰ মা, মোৰ আইতা, মোৰ আম্মা, দীপা দাদী আৰু মোৰ মাহী, দিয়া মিৰ্জা তেওঁলোকক চাই আৰু শিকি ডাঙৰ হৈছো" ।

সমান্তৰালকৈ টিভি আৰু বলীউডৰ বহু চেলেব্ৰিটীৰ লগতে সুনিল শেট্টী, গৌহৰ খান, ফাৰাহ খান আলী, ৰিদ্ধিমা কাপুৰ, ভাৱনা পাণ্ডেই দিয়াৰ এই পোষ্টত শোক প্ৰকাশ কৰিছে (Dia Mirza news) ।

লগতে পঢ়ক : শ্বমছেৰাৰ ব্যৰ্থতাৰ প্ৰসংগত কৰণ মলহোত্ৰাই ক’লে,‘ইমানখিনি ঘৃণা সহ্য কৰিব নোৱাৰো’!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.