ETV Bharat / entertainment

Dharmendra: মুছলিম হোৱাৰ পূৰ্বে এইগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰিছিল ধৰ্মেন্দ্ৰ, কিন্তু কেনেকৈ ভাঙিছিল প্ৰেমৰ সম্পৰ্ক ?

author img

By

Published : Aug 6, 2023, 2:09 PM IST

বলীউডৰ চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰ ৷ অভিনেতাগৰাকী যেনেকৈ নিজৰ অভিনয়ৰ বাবে এটা সময়ত চৰ্চাত আছিল, ঠিক তেনেকৈ ব্যক্তিগত কাৰণতো চৰ্চাত আছিল ধৰ্মেন্দ্ৰ ৷ জানো আহক অভিনেতাগৰাকীৰ প্ৰেম জীৱনৰ কিছু নজনা কথা ৷

Dharmendra and meena kumari broke up due to this reason
বলীউডৰ চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰ

চিটাৰা ডেস্ক, 6 আগষ্ট: কৰণ জোহৰৰ ছবি ৰকি অৰ ৰাণী কি প্ৰেম কাহানীত শ্বাবানা আজমীৰ সৈতে লিপকিছৰ দৃশ্যৰ বাবে বৰ্তমান লাইমলাইটত আছে বলীউডৰ চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰ । ৮৭ বছৰীয়া ধৰ্মেন্দ্ৰই এই দৃশ্য সন্দৰ্ভত এক বিবৃতি দিছে আৰু তেওঁ কয় যে, এই দৃশ্যটো তেওঁ উপভোগ কৰিছিল । আপুনি জানেনে যে ডেকা বয়সত ধৰ্মেন্দ্ৰৰ প্ৰেম জীৱনৰ বিষয়ে বহুতো উৰা বাতৰি ওলাইছিল ৷ হেমা মালিনীক নিজৰ কৰি ল’বলৈ ইছলাম গ্ৰহণ কৰাৰ পূৰ্বেও তেওঁ এগৰাকী মুছলমান অভিনেত্ৰীৰ প্ৰেমত পৰিছিল । গতিকে জানো আহক ধৰ্মেন্দ্ৰৰ প্ৰেম জীৱনৰ বিষয়ে ।

মীনা কুমাৰীৰ প্ৰেমত পৰিছিল ধৰ্মেন্দ্ৰ

বলীউডৰ চিৰসেউজ ৰোমান্টিক নায়কৰ কথা ক’লে ধৰ্মেন্দ্ৰৰ কথা নিশ্চয় কোৱা হয় । ছবিৰ জগতখনত তেওঁৰ ইমানেই মনোমোহা আছিল যে বিবাহিত হোৱাৰ পিচতো সেই যুগৰ অভিনেত্ৰীসকল ধৰ্মেন্দ্ৰৰ প্ৰেমত পৰিছিল । আপুনি জানি আচৰিত হ’ব যে যেতিয়া ধৰ্মেন্দ্ৰই বলীউডত ভৰি দিছিল, সেই সময়ছোৱাত সেই যুগৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী মীনা কুমাৰীৰ সৈতেও প্ৰেমৰ সম্পৰ্ক আছিল । মীনা কুমাৰীৰ প্ৰকৃত নাম আছিল মেহজাবীন । তেওঁ মুছলমান সম্প্ৰদায়ৰ আছিল ।

দুয়োৰে প্ৰথম সাক্ষাৎ কেনেকৈ হৈছিল ?

১৯৬৫ চনৰ কথা । পূৰ্ণিমা ছবিখনত মীনা কুমাৰীৰ সৈতে চুক্তিবদ্ধ হৈছিল ধৰ্মেন্দ্ৰ । এই সময়ছোৱাত কমল আমৰোহী আৰু মীনা কুমাৰীৰ বিবাহিত জীৱন ভালদৰে চলা নাছিল । তেওঁলোকৰ সম্পৰ্কত ইমানেই বিভাজন ঘটিছিল যে মীনাই নিজকে অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে । এনে অৱস্থাত ধৰ্মেন্দ্ৰৰ প্ৰেমত পৰিছিল মীনা ।

মীনা কুমাৰীৰ বাবেই ধৰ্মেন্দ্ৰই লাভ কৰিছিল সফলতা

আপুনি জানেনে ধৰ্মেন্দ্ৰই বহুবাৰ ৰাজহুৱাভাৱে উল্লেখ কৰিছে যে তেওঁৰ সফলতাৰ আঁৰত মীনা কুমাৰী আছিল । আচলতে তেওঁ এই ছবিজগতখনত নতুন আছিল তেতিয়া মীনা কুমাৰী আছিল এগৰাকী ছুপাৰষ্টাৰ । কোৱা হয় যে, ধৰ্মেন্দ্ৰ আৰু মীনা কুমাৰৰ প্ৰেমৰ সম্পৰ্ক প্ৰায় তিনি বছৰ চলিছিল । কিন্তু এই কথা মানুহে তেতিয়া গম পাই যেতিয়া ধৰ্মেন্দ্ৰই মদ্যপানৰ অৱস্থাত বিমানবন্দৰত মীনা-মীনা বুলি চিঞৰিবলৈ ধৰিলে । সেই সময়ত তেওঁ বিমানবন্দৰত বিমানবন্দৰত কৈছিল, ‘‘মই বম্বেলৈ উভতি যাব লাগিব । মীনাই মোৰ বাবে অপেক্ষা কৰি আছে ।’’

ধৰ্মেন্দ্ৰই মীনা কুমাৰীক পূৰ্ণহতীয়া চৰ সোধাইছিল

এবাৰ মীনা কুমাৰী পিকনিকলৈ গৈছিল, য’ত ধৰ্মেন্দ্ৰও উপস্থিত আছিল । কিন্তু উভতি অহাৰ সময়ত ভুলবশতঃ বেলেগ গাড়ীত বহিছিল ধৰ্মেন্দ্ৰ যাৰ বাবে মীনা কুমাৰী চিন্তিত হৈ পৰিছিল ৷ মীনাই চিঞৰিবলৈ ধৰিলে যে মোৰ ধৰ্ম ক’ত ? মোৰ ধৰ্ম ক’ত ? উল্লেখ্য যে এনে বহু অনুষ্ঠানত ধৰ্মেন্দ্ৰ আৰু মীনা কুমাৰীক একেলগে দেখা গৈছিল । এটা সময় আহিল যেতিয়া ধৰ্মেন্দ্ৰই মীনা কুমাৰীক সমাবেশত চৰ মাৰিলে । এই ঘটনাৰ পিচতে দুয়োৰে বিচ্ছেদ হৈছিল ।

লগতে পঢ়ক: Hema Malini: বিবাহিত ধৰ্মেন্দ্ৰৰ সৈতে সম্পৰ্ক ৰখাৰ বাবে হেমা মালিনীৰ ওপৰত ক্ষুব্ধ হৈ পৰিছিল পিতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.