চিটাৰা ডেস্ক, 6 অক্টোবৰ : দক্ষিণৰ চুপাৰষ্টাৰ ধনুষ তেওঁৰ পেছাদাৰী জীৱনৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনৰ বাবেও কিছু সময় ধৰি চৰ্চাত আছে ৷ কেইমাহমান আগতে তেওঁ আৰু তেওঁৰ পত্নী ঐশ্বৰ্যা ৰজনীকান্তে পৃথক হোৱাৰ কথা ঘোষণা কৰাৰ ফলত হতবাক হৈ পৰিছিল অনুৰাগী ৷ ভাগি পৰিছিল ঐশ্বৰ্যাৰ পিতৃ তথা দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্ত ৷ সেই সময়ত প্ৰায়ে বাতৰিৰ শিৰোনামত আছিল ধনুষ আৰু ঐশ্বৰ্যা ৷ কিন্তু এতিয়া বাতৰি আহিছে যে দুয়োৱে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত স্থগিত ৰাখিছে ৷ তেওঁলোকৰ সম্পৰ্কটোক আন এটা সুযোগ দিয়াৰ কথা ভাবিছে দুয়োৱে (Dhanush and Aishwaryaa reunited) ।
নহ’বও পাৰে ধনুষ আৰু ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদ
ধনুষ আৰু ঐশ্বৰ্যা আকৌ এবাৰ তেওঁলোকৰ সম্পৰ্কৰ সন্দৰ্ভত বাতৰিলৈ আহিছে । টলীউড নেটত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে তেওঁলোক দুয়োজনে বিবাহ বিচ্ছেদৰ সলনি সম্পৰ্কটোক আন এটা সুযোগ দিবলৈ মন স্থিৰ কৰিছে । ঐশ্বৰ্যাৰ দেউতাক তথা দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে তেওঁলোক দুয়োকে একেলগে আনিবলৈ বহু চেষ্টা কৰি আছিল যেতিয়া তেওঁলোকে ইজনে সিজনৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰিছিল । বৰ্তমানে যদি প্ৰতিবেদনবোৰ বিশ্বাস কৰা হয় তেনেহ’লে ক’ব পাৰি যে ৰজনীকান্তৰ প্ৰচেষ্টা সফল হৈছে ।
প্ৰাপ্ত খবৰ অনুসৰি, ধনুষ আৰু ঐশ্বৰ্যাৰ পৰিয়ালৰ লোকে একেলগে বহি তেওঁলোকৰ মাজৰ সমস্যা সমাধানৰ চেষ্টা চলাইছিল । শেষত এই সিদ্ধান্ত লোৱা হয় যে এই দুয়োজন বিবাহ বিচ্ছেদ নকৰি তেওঁলোকৰ সম্পৰ্কক আৰু এটা সুযোগ দিব । অৱশ্যে এই সন্দৰ্ভত ধনুষ-ঐশ্বৰ্যা বা তেওঁলোকৰ পৰিয়ালৰ লোকৰ পৰা আনুষ্ঠানিকভাৱে কোনেও একো মন্তব্য দিয়া নাই ।
ধনুষ আৰু ঐশ্বৰ্যা ৰজনীকান্তে 2004 চনত বিবাহ পাশত আৱদ্ধ হৈছিল ৷ দুটিকৈ সন্তানৰ পিতৃ-মাতৃ হোৱা সুখো দুয়োৱে লাভ কৰে । এই বছৰৰ জানুৱাৰীত ছ'চিয়েল মিডিয়াত দুয়োজনে তেওঁলোকৰ 18 বছৰীয়া সম্পৰ্ক সমাপ্ত কৰাৰ পোষ্ট শ্বেয়াৰ কৰিছিল । তেওঁলোক দুয়োজনৰ অনুৰাগীসকল হঠাতে এই বাতৰিটো শুনি আচৰিত হৈ পৰিছিল ।
লগতে পঢ়ক : Kareena kapoor khan video: বিমানবন্দৰত অনুৰাগীয়ে হাৰাশাস্তি কৰিলে বেবোক