চিটাৰা ডেস্ক, 29 অক্টোবৰ: শেহতীয়াকৈ কৰণ জোহৰৰ টক শ্ব’ ‘কফী উইথ কৰণ ৮’ত দেখা গৈছিল বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনক । ইফালে, শ্ব’টোত ৰণবীৰ সিঙৰ সৈতে সম্পৰ্কক লৈ অভিনেত্ৰীগৰাকীয়ে কিছু গোপন কথা প্ৰকাশ কৰিছিল ৷ ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীক ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল কৰা হৈছে । এতিয়া দীপিকাই ট্ৰ’লাৰক দিলে উপযুক্ত উত্তৰ ।
দীপিকা পাডুকনে ট্ৰ’লাৰক দিলে উপযুক্ত উত্তৰ
শেহতীয়াকৈ দীপিকা পাডুকনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিটো ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । ভাইৰেল মিমত দীপিকাই নিজৰ এটা ধেমেলীয়া ভিডিঅ' বনাইছে, য’ত তেওঁ নিজকে কৈছে 'Just looking like a wow ৷’
ভিডিঅ’টোত ৰণবীৰ সিঙে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া
দীপিকাৰ এই ধেমেলীয়া ভিডিঅ’টোত অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইফালে অনুৰাগীৰ লগতে স্বামী ৰণবীৰ সিঙেও এই ভিডিঅ’টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ৰণবীৰে কমেন্টত লিখিছে, ‘‘HAHAHAHAHAHAHAHAHAAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHA !!!!! DEDD !!!!!’’
কিয় ট্ৰ’ল কৰা হৈছিল দীপিকাক ?
উল্লেখ্য যে শেহতীয়াকৈ কফী উইথ কৰণ ৮ ত দীপিকাই ৰণবীৰ সিঙৰ সৈতে থকা সম্পৰ্কৰ কথা মুকলিকৈ কৈছিল । অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘প্ৰথম অৱস্থাত মই ৰণবীৰ সিঙক গুৰুত্বসহকাৰে লোৱা নাছিলো । সেই সময়ত মই এটা বেয়া সম্পৰ্কৰ পৰা ওলাই আহিছিলোহে । গতিকে তেনে সময়ত মই কাৰো লগত চিৰিয়াচ হোৱাৰ মন নাছিল, মই কেৱল ফূৰ্তি কৰিব বিচাৰিছিলো । সেয়ে মই ৰণবীৰৰ উপৰিও বেলেগ লোককো চাইছিলো ৷ কিন্তু মই পুনৰ ৰণবীৰৰ ওচৰলৈ ঘূৰি আহিছিলো ৷’’
এই প্ৰকাশৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে সমালোচিত হয় দীপিকা ৷ একাংশই কয় যে ৰণবীৰে দীপিকাতকৈ ভাল সংগী প্ৰাপ্যৰ যোগ্য ৷ আন একাংশই আকৌ দীপিকা আৰু ৰণবীৰৰ এই সম্পৰ্কক ভুৱা বুলি আখ্যা দিয়ে ।
লগতে পঢ়ক: Koffee With Karan 8: দীপিকা-ৰণবীৰৰ বিয়াৰ ভিডিঅ’ চাই অকলশৰীয়া অনুভৱ কৰিলে কৰণে, প্ৰকাশ কৰিলে মনৰ কথা