চিটাৰা ডেস্ক, 26 আগষ্ট : তামিল চিনেমাৰ অন্যতম চুপাৰষ্টাৰ বিক্ৰমৰ বহু প্ৰত্যাশিত ছবি ‘কোব্ৰা’ৰ ট্ৰেইলাৰ মুকলি হ’ল (Vikram Chiyaan new film) । ছবিখনৰ ট্ৰেইলাৰটো দৰ্শকে খুব পছন্দ কৰিছে ৷ অভিনেতাজনৰ শক্তিশালী অৱতাৰ দেখিবলৈ পোৱা গৈছে । ‘কোব্ৰা’ এখন সম্পূৰ্ণ এক্সনধৰ্মী থ্ৰীলাৰ চিনেমা । ট্ৰেইলাৰটো চোৱাৰ পিছত ছবিখনৰ বাবে অধিক আগ্ৰহী হৈ পৰিছে দৰ্শক। জানিব পৰা মতে এই ছবিখনত বিক্ৰমক 25 টা ভিন্ন অৱতাৰত দেখা যাব ।
- " class="align-text-top noRightClick twitterSection" data="">
অজয় আৰ জ্ঞানমুথুৱে এই ছবিখন পৰিচালনা কৰাৰ লগতে ছবিখনৰ কাহিনীও লিখিছে । ছবিখনৰ ট্ৰেইলাৰটো চাই বিক্ৰমৰ অৱতাৰবোৰ পছন্দ কৰিছে দৰ্শকে । ইয়াৰ পূৰ্বে ছবিখনৰ টিজাৰ মুক্তি পাইছিল ৷ দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছিল টিজাৰে আৰু এতিয়া ছবিখনৰ ট্ৰেইলাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।
ট্ৰেইলাৰত দেখা গৈছে বিক্ৰমৰ 25 টা ভিন্ন অৱতাৰ । ছবিখনত বিক্ৰমে এজন মহান গণিতজ্ঞৰ চৰিত্ৰত অভিনয় কৰিছে ।
ছবিখনৰ বিশেষ বৈশিষ্ট্যটো হ’ল এই ছবিখনত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ইৰফান পাঠানেও অভিনয় কৰিছে । ছবিখনত তেওঁ এজন আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে । ব্লকবাষ্টাৰ ছবি ‘কে জি এফ’ৰ খ্যাতিসম্পন্ন অভিনেত্ৰী শ্ৰীনিধি শেট্টী মুখ্য চৰিত্ৰত আছে । 31 আগষ্টত তেলুগু, তামিল আৰু হিন্দী ভাষাত মুক্তি লাভ কৰিব ছবিখনে ।
বিক্ৰমৰ পৰৱৰ্তী ছবিখন হ’ল দক্ষিণৰ প্ৰবীণ চলচ্চিত্ৰ পৰিচালক মণি ৰত্নমৰ পৰিচালনাত নিৰ্মিত ‘পন্নিয়িন চেলভান 1’। ঐশ্বৰ্য ৰায় বচ্চন, কাৰ্থী, জয়ম ৰবি, তৃষা, প্ৰকাশ ৰাজ আৰু শোভিতা ধুলিপালাই গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ন কৰিছে এই পিৰিয়ড ড্ৰামা ফিল্মখনত ।
লগতে পঢ়ক : বলীউড বনাম দাক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগক লৈ হোৱা বিতৰ্কত মত দিলে অনুপম খেৰে