ETV Bharat / entertainment

১ ডিচেম্বৰত বক্স অফিচত হ’ব সংঘৰ্ষ, এডভান্স বুকিঙত এনিমেলতকৈ পিচ পৰি আছে ‘ছেম বাহাদুৰ’

Sam Bahadur Advance Booking: আৰম্ভ হ’ল বিকি কৌশলৰ অভিনীত ছেম বাহাদুৰৰ এডভান্স বুকিং ৷ এডভান্স বুকিঙত কিমান উপাৰ্জন কৰিলে জানি লওক এই প্ৰতিবেদনত ৷

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 1:48 PM IST

Clash of Titans: Animal and Sam Bahadur box office clash ? Advance booking trend hints so
ছেম বাহাদুৰৰ এডভান্স বুকিং

চিটাৰা ডেস্ক, ২৬ নৱেম্বৰ : ১ ডিচেম্বৰত বক্স অফিচত দেখা যাব এক বৃহৎ সংঘৰ্ষ । কিয়নো ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব ৰণবীৰ কাপুৰৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘এনিমেল’ ৷ আনহাতে একেদিনাই ছবিগৃহত মুক্তি লাভ কৰিব বিকি কৌশলৰ অভিনীত ছবি ‘ছেম বাহাদুৰ’ । ইতিমধ্যেই আৰম্ভ হৈছে দুয়োখন ছবিৰ এডভান্স বুকিং । ছেম বাহাদুৰৰ এডভান্স বুকিং চালে ক’ব পাৰি যে এনিমেল ছবিখনে ছেম বাহাদুৰৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান ৰূপে থিয় দিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

‘ছেম বাহাদুৰ’ ছবিখন ভাৰতৰ প্ৰথমজন ফিল্ড মাৰ্শ্বালৰ কাহিনীৰ আধাৰত নিৰ্মিত

‘ছেম বাহাদুৰ’ ভাৰতৰ প্ৰথম ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ কাহিনী । এই ছবিখনত বিকি কৌশলক পুনৰবাৰ দেখা যাব সেনা বিষয়াৰ চৰিত্ৰত । নিজৰ চৰিত্ৰটোক প্ৰকৃত ৰূপ দিবলৈ বিকিয়ে মাৰাথা ৰেজিমেণ্টৰ সৈতে প্ৰশিক্ষণ লৈছিল ৷ বিকিয়ে এই চৰিত্ৰটোত প্ৰাণ ঢালিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে ।

বিকিৰ এই লুক দেখি আপ্লুত হৈ পৰিছে অনুৰাগী ৷ কিন্তু ছবিখনৰ মুক্তিৰ তাৰিখ বেয়া সময়ত পৰিছে ৷ কিয়নো একেদিনাই ছবিগৃহত মুক্তি পাব সন্দীপ ৰেড্ডী ভাংগাৰ এনিমেল আৰু মেঘনা গুলজাৰৰ ছেম বাহাদুৰ ৷ এডভান্স বুকিঙত ‘এনিমেল’তকৈ বহু পিছ পৰি আছে ‘ছেম বাহাদুৰ’ ।

ছেম বাহাদুৰৰ এডভান্স বুকিং ৰিপোৰ্ট

Sacknilk ৰ প্ৰতিবেদন অনুসৰি শনিবাৰে ছবিখনৰ ১২,৮৭৬ টা টিকট বিক্ৰী হৈছিল । আগতীয়াকৈ বুকিঙত ছবিখনে এই পৰ্যন্ত উপাৰ্জন কৰিছে ৪৪.৭১ লাখ টকা । ছেম বাহাদুৰৰ ১৭১৯ টা শ্ব’ চলোৱা হ’ব ।

এনিমেলতকৈ বহু পিছ পৰি আছে ছেম বাহাদুৰ

এডভান্স বুকিঙৰ ক্ষেত্ৰত বিকি কৌশলৰ ছবিখন ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ পৰা বহু পিছ পৰি আছে । সেকনিল্কৰ প্ৰতিবেদন অনুসৰি এডভান্স বুকিঙৰ প্ৰথম দিনাই ১ লাখ ১১ হাজাৰ ৩১৭ টা টিকট বিক্ৰী হৈছে এনিমেলৰ ৷ ইয়াৰ লগে লগে ছবিখনে উপাৰ্জন কৰিছে ৩.৪ কোটি টকা । আনকি ছবিখনৰ প্ৰতিটো টিকট বহু ঠাইত হাজাৰ হাজাৰ টকাতো বিক্ৰী হৈ আছে ।

লগতে পঢ়ক : এনিমেলৰ এডভান্স বুকিং আৰম্ভ, প্ৰথম দিনা কিমান উপাৰ্জন কৰিলে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.