ETV Bharat / entertainment

Anushka Sharma instagram:বিৰাটৰ বাহিৰেও আন কাৰোবাৰো প্ৰিয় অনুষ্কা শৰ্মা ! - ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ ওপৰত চিনেমা

বুধবাৰে ক্ৰিকেটাৰ ঝুলন গোস্বামীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট “আস্ক মি এনিথিং” চেছন আৰম্ভ কৰে (Jhulan Goswami instagram) য’ত এজন অনুৰাগীয়ে তেওঁক অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বাবে এটা শব্দ ক’বৰ বাবে অনুৰোধ জনাই, যাৰ উত্তৰত তেওঁ কয়, “ফেভৰিট” ।

Anushka Sharma
অনুষ্কা শৰ্মা
author img

By

Published : Nov 17, 2022, 2:47 PM IST

চিটাৰা ডেস্ক, 17 নৱেম্বৰ : বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা নিঃসন্দেহে হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী ৷ অভিনয় প্ৰতিভা আৰু সহজ প্ৰকৃতিৰ স্বভাৱেৰে লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰি আজি অনুষ্কা এই স্থানত উপনীত হৈছে । ৰোমান্টিক কমেডীৰ পৰা হাৰ্ডক’ৰ চাছপেন্স থ্ৰিলাৰলৈকে অনুষ্কাই এই দীঘলীয়া সময়ছোৱাত কেইবাটাও প্ৰভাৱশালী চৰিত্ৰত অভিনয় কৰিছে আৰু পৰৱৰ্তী সময়ত তেওঁক দেখিবলৈ পোৱা যাব ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ বায়’পিকত ।

বুধবাৰে ক্ৰিকেটাৰ ঝুলন গোস্বামীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত “আস্ক মি এনিথিং” চেছন আৰম্ভ কৰে য’ত এজন অনুৰাগীয়ে তেওঁক অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বাবে এটা শব্দ ক’বলৈ কয়, যাৰ উত্তৰত তেওঁ কয়, “ফেভৰিট”।

Anushka Sharma
বিৰাটৰ বাহিৰেও আন কাৰোবাৰো প্ৰিয় অনুষ্কা শৰ্মা !

অনুষ্কাই নিজৰ ইনষ্টা ষ্ট’ৰীত ঝুলনৰ আপডেটটো শ্বেয়াৰ কৰি নিজৰ সুখ অনুৰাগীৰ আগত প্ৰকাশ কৰে । অলপতে অনুষ্কাক অলপতে মুম্বাই বিমানবন্দৰত তেওঁৰ স্বামী বিৰাট কোহলীৰ সৈতে দেখা গৈছিল য'ত দুয়োজনে একেই সাজ পিন্ধিছিল ৷ পিছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল বিৰাটৰ চুৱেটাৰত লিখা থকা 'A' আখৰটোৱে ।

ৱৰ্ক ফ্ৰণ্টত অনুষ্কাক শ্বাহৰুখ খান আৰু কেটৰিণা কাইফৰ সৈতে ৰোমান্টিক নাট্য ছবি ‘জিৰ’ত দেখা গৈছিল । পৰৱৰ্তী সময়ত তেওঁক দেখা যাব ‘চকড়া এক্সপ্ৰেছ’ত । প্ৰজিত ৰয়ৰ পৰিচালনাত নিৰ্মিত ‘চকড়া এক্সপ্ৰেছ’ ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ জীৱনৰ আধাৰত নিৰ্মিত এখন বায়’পিক ছবি, যিখন ছবি একচেটিয়াভাৱে নেটফ্লিক্সত প্ৰচাৰ হ’ব । কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ক্ৰিকেটাৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে অনুষ্কাই ।

লগতে পঢ়ক : ‘ছাৰা দা চাৰা সচ বোল দিয়া’, ছাৰাৰে সম্পৰ্ক সন্দৰ্ভত এই মন্তব্য সুবমন গীলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.