ETV Bharat / entertainment

Shah Rukh khan birthday: জন্মদিনত কিং খানৰ ফটোৰে জিলিকিল বুৰ্জ খালিফা

author img

By

Published : Nov 3, 2022, 5:22 PM IST

ডুবাইৰ বিখ্যাত বুৰ্জ খালিফা শ্বাহৰুখৰ ফটোৰে জিলিকি উঠিল ৷ জনপ্ৰিয় অভিনেতাজনৰ জন্মদিনত এইদৰে শুভেচ্ছা জ্ঞাপন কৰা হ’ল বলীউডৰ বাদশ্বাহ গৰাকীক (Shah Rukh khan birthday) ৷

Burj Khalifa
জন্মদিনত কিং খানৰ ফটোৰে জিলিকি উঠিল বুৰ্জ খালিফা

চিটাৰা ডেস্ক, 3 নৱেম্বৰ : শ্বাহৰুখৰ জন্মদিন উপলক্ষে অনুৰাগীৰ মাজত কেইবাদিনৰ পৰাও উছাহ দেখিবলৈ পোৱা গৈছিল । অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত প্ৰিয় তাৰকাগৰাকীক জন্মদিনৰ শুভেচ্ছা জনোৱাই নহয়, তেওঁৰ এপলক পাবলৈ ঘৰৰ সন্মুখতো সমবেত হয় । ডুবাইত কিং খানৰ জন্মদিনৰ শুভেচ্ছা প্ৰেৰণ কৰি তেওঁৰ ফটোৰে জিলিকি উঠে বুৰ্জ খালিফা (Burj Khalifa on Srk birthday) ।

অভিনেতাগৰাকীৰ জন্মদিনত বুৰ্জ খালিফাক বিশেষ পোহৰৰ সজ্জাৰে সজাই তোলা হয় ৷ শ্বাহৰুখৰ জন্মদিনৰ দিনটোতে বিশ্বৰ এই আটাইতকৈ ওখ অট্টালিকাটোত এক বিশেষ পোহৰৰ অনুষ্ঠানৰ আয়োজন কৰা হয় "হেপ্পী বাৰ্থডে শ্বাহৰুখ, হেপি বাৰ্থডে পাঠান । আমি তোমাক ভাল পাওঁ", এইদৰে লিখি তেওঁৰ এখন ফটোৰ সৈতে আলোকিত কৰি তোলা হয় বুৰ্জ খালিফা ।

বুধবাৰে নিশা বুৰ্জ খালিফা কৰ্তৃপক্ষই এটা ভিডিঅ’ পোষ্ট কৰে ৷ এই পোহৰেৰে খেলা কৰা ভিডিঅ’টোত ‘তুঝে দেখা তো য়েহ জানা চনম’ গীতটোও বাজি উঠে । শ্বাহৰুখৰ বিখ্যাত ছবি ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ৰ গীতটি আজিও সকলোৰে মুখে মুখে । শ্বাহৰুখে নিজৰ বাংলো মন্নতৰ বাহিৰত গোট খোৱা নিজৰ অনুৰাগীৰ সৈতে চেলফি তুলি পোষ্ট কৰি সকলোকে ধন্যবাদ জনায় তেওঁক ইমান মৰম যচাৰ বাবে ।

মৰমৰ তাৰকাগৰাকীৰ জন্মদিনত বুৰ্জ খালিফাৰ এই পদক্ষেপত শ্বাহৰুখ অনুৰাগীসকলো সুখী ৷ এজন নেটিজেনে লিখিছে, "শ্বাহৰুখ এজন গ্ল'বেল ষ্টাৰ । অভিনন্দন কিং" ৷ ইয়াৰ পূৰ্বেও বুৰ্জ খালিফাই শ্বাহৰুখক জন্মদিনৰ শুভেচ্ছা জনাইছিল ৷ শ্বাহৰুখ ডুবাই পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰ পিছত 2020 চনত সংস্থাটোৱে গ্ৰহণ কৰা এইটোৱেই প্ৰথম পদক্ষেপ । তাৰ পিছত কিং খানৰ 56 সংখ্যক জন্মদিনত বিশ্বৰ আটাইতকৈ ওখ অট্টালিকাটো সম্পূৰ্ণ হৈ উঠিছিল ৷

সূদীৰ্ঘ চাৰি বছৰৰ মূৰত ৰূপালী পৰ্দালৈ উভতি আহিবলৈ সাজু হৈছে শ্বাহৰুখ ৷ জন্মদিনতে তেওঁৰ আগন্তুক ছবি পাঠানৰ টিজাৰ মুকলি কৰা হয় ৷ পাঠানৰ টিজাৰে যথেষ্ট যোগাত্মক সঁহাৰি লাভ কৰিবলৈ হৈছে ৷ এতিয়া অনুৰাগীসকলে মাথো অপেক্ষা কৰিছে আগন্তুক বৰ্ষৰ 25 জানুৱাৰীলৈ ৷ পাঠানৰ বাহিৰেও শ্বাহৰুখৰ হাতত আন আন নতুন প্ৰজেক্টো আছে ৷

লগতে পঢ়ক : Shah Rukh Khan instagram:মন্নতৰ বাহিৰত সমবেত হোৱা অনুৰাগীৰে সৈতে চেলফি তুলি ধন্যবাদ জনালে বাদশ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.