ETV Bharat / entertainment

G20 Summit: ভাৰতৰ RRR ৰ প্ৰশংসাত পঞ্চমুখৰ হ’ল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি; ৰাজামৌলিয়ে এইদৰে ধন্যবাদ জনালে

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 4:37 PM IST

জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইছ ইনাচিঅ’ই এছ এছ ৰাজামৌলিৰ ছবি ‘আৰ আৰ আৰ’ৰ প্ৰশংসাত পঞ্চমুখৰ হৈ পৰে ৷ এতিয়া ইয়াকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজামৌলীয়েও ।

Brazilian President Luiz Inacio lula da silva praised film RRR during g20 summit in India
RRR ৰ প্ৰশংসা কৰিলে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে

চিটাৰা ডেস্ক, ১০ ছেপ্টেম্বৰ: দক্ষিণৰ জনপ্ৰিয় পৰিচালক এছ এছ ৰাজামৌলিৰ ছবি ‘আৰ আৰ আৰ’ পুনৰবাৰ দখল কৰিছে বাতৰিৰ শিৰোনাম । দৰাচলতে ভাৰতত চলি থকা জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ই শেহতীয়াকৈ ছবিখনৰ প্ৰশংসা কৰি কয় যে ছবিখনে তেওঁক মন্ত্ৰমুগ্ধ কৰিছে । এতিয়া ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্য়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজামৌলীয়ে ।

জি-২০ সন্মিলনত ‘আৰ আৰ আৰ’ৰ প্ৰশংসা কৰিলে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে

জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইছ ইনাচিঅ’ই ‘আৰ আৰ আৰ’ ছবিখনৰ প্ৰশংসা কৰি কয়- ‘আৰ আৰ আৰ’ তিনি ঘণ্টীয়া বৈশিষ্ট্যপূৰ্ণ ছবি । য’ত আচৰিত নৃত্যৰ লগতে বহুতো ধেমেলীয়া দৃশ্যও দিয়া হৈছে । ছবিখনত ভাৰতীয়ৰ ওপৰত ব্ৰিটিছৰ নিয়ন্ত্ৰণক গভীৰ সমালোচনা কৰা হৈছে । মোৰ বিশ্বাস এই ছবিখন সমগ্ৰ বিশ্বতে ব্লকবাষ্টাৰ হ’ব লাগিছিল, কাৰণ যিয়েই মোৰ লগত কথা পাতে, মই তেওঁকে কওঁ, আপুনি তিনি ঘণ্টীয়া ছবি ৰিভল্ট ৰিবেলিয়ন এণ্ড ৰিভল্যুচন চাইছেনে ? ছবিখনৰ পৰিচালক আৰু অভিনেতা-অভিনেত্ৰীক অভিনন্দন জনাইছোঁ ৷ কাৰণ এই ছবিখনে মোক মন্ত্ৰমুগ্ধ কৰি তুলিছিল ৷

লুইছ ইনাচিঅ’ক ধন্যবাদ জনালে এছ এছ ৰাজামৌলিয়ে

  • Sir… @LulaOficial 🙏🏻🙏🏻🙏🏻

    Thank you so much for your kind words. It’s heartwarming to learn that you mentioned Indian Cinema and enjoyed RRR!! Our team is ecstatic. Hope you are having a great time in our country. https://t.co/ihvMjiMpXo

    — rajamouli ss (@ssrajamouli) September 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লুইছ ইনাচিঅ’ৰ এই প্ৰশংসাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছবিখনৰ পৰিচালক এছ এছ ৰাজামৌলিয়ে । লুইছক ধন্যবাদ জনাই তেওঁ ক’লে, "ছাৰ @LulaOfficial..আপোনাৰ সুন্দৰ কথাৰ বাবে বহুত বহুত ধন্যবাদ । জানি সুখী হৈছো যে আপুনি ভাৰতীয় চিনেমাৰ কথা উল্লেখ কৰিছে আৰু RRR উপভোগ কৰিছে !! আমাৰ দলটো বৰ সুখী..আশাকৰোঁ আপুনি আমাৰ দেশত বহুত ভাল সময় পাৰ কৰিব ।"

ছবিখনত দেখুওৱা হৈছিল তেওঁলোকৰ কাহিনী

উল্লেখ্য যে ‘RRR’ ছবিখনত দুগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰাম ৰাজু (ৰাম চৰণ) আৰু কোমাৰম ভীম (জুনিয়ৰ এন টি আৰ)ৰ কাহিনী দেখুওৱা হৈছিল। য’ত তেওঁক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া দেখা গৈছিল ।

লগতে পঢ়ক: James Gunn: জুনিয়ৰ এন টি আৰৰ অভিনয়ত স্তম্ভিত হৈ পৰিল হলিউডৰ এজন পৰিচালক, ক’লে- মই কাম কৰিব বিচাৰো

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.