ETV Bharat / entertainment

National Cinema Day 2023: ৰাষ্ট্ৰীয় চিনেমা দিৱসত বৃহৎ অভিলেখ; ৬০ লাখৰো অধিক লোকে চালে এই ছবি

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 6:12 PM IST

কালি অৰ্থাৎ ১৩ অক্টোবৰত আছিল ৰাষ্ট্ৰীয় চিনেমা দিৱস । এই বিশেষ অনুষ্ঠানত সকলো বয়সৰ লোকে চিনেমা হললৈ গৈ চিনেমা উপভোগ কৰে । বহু ঠাইত ছবিগৃহৰ বাহিৰত হাউচফুল বৰ্ড দেখা গৈছিল । এনে পৰিস্থিতিত মাল্টিপ্লেক্স এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই ৰাষ্ট্ৰীয় চিনেমা দিৱসক ইমান বৃহৎ সফলতা প্ৰদান কৰাৰ বাবে ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে ।

Box office got big benefit from National Cinema Day, more than 60 lakh people watched this film
ৰাষ্ট্ৰীয় চিনেমা দিৱসত বৃহৎ অভিলেখ; ৬০ লাখৰো অধিক লোকে চালে এই ছবি

চিটাৰা ডেস্ক, 14 অক্টোবৰ: কালি অৰ্থাৎ ১৩ অক্টোবৰত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় চিনেমা দিৱস পালন কৰা হয় ৷ মাত্ৰ ৯৯ টকাত লক্ষাধিক লোকে চিনেমা হললৈ গৈ ‘জৱান’ৰ পৰা আৰম্ভ কৰি ‘গাদৰ ২’লৈকে নিজৰ প্ৰিয় চিনেমাখন উপভোগ কৰে ৷

এতিয়া ভাৰতীয় মাল্টিপ্লেক্স এছ’চিয়েশ্যনে জনোৱা মতে, ২০২৩ চনৰ ১৩ অক্টোবৰ শুকুৰবাৰে ৰাষ্ট্ৰীয় চিনেমা দিৱস উপলক্ষে অভিলেখ ভংগকাৰী সংখ্যক চিনেমাপ্ৰেমীয়ে চিনেমা চাবলৈ ছবিগৃহলৈ গৈছিল ৷ এই সময়ছোৱাত চিনেমাপ্ৰেমীৰ এক প্ৰচণ্ড উন্মাদনা ছবিগৃহত দেখা গৈছিল আৰু ইয়াৰ লগতে সকলোতে ভৰপূৰ ভিৰৰ পৰিৱেশ বিৰাজ কৰিছিল ৷

মাল্টিপ্লেক্স এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই শ্বেয়াৰ কৰিছে এই তথ্য

মাল্টিপ্লেক্স এছ’চিয়েশ্যন অৱ ইণ্ডিয়াইও এই চিনেমা উৎসৱৰ সময়ত ৪০০০ৰো অধিক পৰ্দা অন্তৰ্ভুক্ত কৰা বুলি জনাইছে ৷ ইয়াত পিভিআৰ আইনক্স, চিনেপলিছ, মিৰাজ, চিটিপ্ৰাইড, মুক্তা এ২, মুভি টাইম, ৱেভ, এম টু কে, মুভিমেক্স, ৰাজহান্স, এন ৱাই চিনেমা, ডিলাইটকে ধৰি বহুতো মাল্টিপ্লেক্স আৰু থিয়েটাৰ অন্তৰ্ভুক্ত কৰা হৈছিল ৷

সকলো বয়সৰ মানুহে চাইছিল ছবি

প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিটোত এম এ আইয়ে কয় যে, দ্বিতীয়টো ৰাষ্ট্ৰীয় চিনেমা দিৱসক সমগ্ৰ দেশৰ চিনেমাপ্ৰেমীসকলে অতিশয় শলাগ লৈছে ৷ ইয়াৰ শ্ব’বোৰো পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছিল ৷ সকলো বয়সৰ লাখ লাখ চলচ্চিত্ৰ অনুৰাগীক একত্ৰিত কৰি ডাঙৰ পৰ্দাত ছবি উপভোগ কৰাৰ ক্ষেত্ৰতো ই এক বৃহৎ সফলতা লাভ কৰিছিল ৷ এইবাৰ ৰাষ্ট্ৰীয় চিনেমা দিৱস উদযাপন কৰি তেওঁলোকৰ ওচৰৰ চিনেমা হলবোৰলৈ আহিছিল ৬০ লাখতকৈ অধিক চলচ্চিত্ৰ দৰ্শক ৷

তেওঁ আৰু লিখিছে, ‘একেৰাহে বছৰ বছৰ ধৰি ৰাষ্ট্ৰীয় চিনেমা দিৱসৰ সফলতাই আমি চিনেমা হললৈ গৈ কিমান ভাল পাওঁ তাৰ সোঁৱৰণী ৷ এইবাৰৰ ৰাষ্ট্ৰীয় চিনেমা দিৱসক বিপুল সফল কৰি তোলা লাখ লাখ চলচ্চিত্ৰ অনুৰাগীলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ৷

বহু ছবিয়ে কৰিলে ভাল সংগ্ৰহ

ৰাষ্ট্ৰীয় চিনেমা দিৱসৰ বাবেই ‘গদৰ ২’, শ্বাহৰুখ খানৰ ‘জৱান’, অক্ষয়ৰ ‘মিছন ৰাণীগঞ্জ’কে ধৰি বহু নতুন-পুৰণি ছবিৰ সংগ্ৰহ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Rajkummar Rao Patralekhaa Video: ৰাজকুমাৰ ৰাও-পত্ৰলেখাৰ অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.