চিটাৰা ডেস্ক, 22 জুন: বলীউড জগতত প্ৰায়ে দেখা পোৱা যায় যে যেতিয়া কোনো চেলিব্ৰিটিৰ সম্পৰ্কত বিভাজন হয় তেতিয়া তেওঁলোকে আন কাৰোবাৰ সৈতে জীৱনত আগবাঢ়ি যায় । কিন্তু, আজি আমি আপোনাক ক’ম সেইকেইগৰাকী অভিনেত্ৰীৰ বিষয়ে যিকেইগৰাকীয়ে নিজৰ ইচ্ছামতে বিয়া হৈছিল যদিও সেই বিবাহ দীৰ্ঘসময় নচলিল আৰু পিচত বিবাহ বিচ্ছেদ হয় । অৱশ্যে বিবাহ বিচ্ছেদৰ পিচত এইকেইগৰাকী অভিনেত্ৰীয়ে সিদ্ধান্ত লয় যে আৰু কেতিয়াও বিয়া নহয় । জানো আহক কোন সেইকেইগৰাকী অভিনেত্ৰী ৷
অমৃতা সিং
জনপ্ৰিয় অভিনেত্ৰী অমৃতা সিঙে নিজৰ উৎকৃষ্ট অভিনয়ৰে বলীউডত এসময়ত শাসন কৰিছিল ৷ বহুকেইখন হিট ছবি উপহাৰ দিছিল দৰ্শকক ৷ কিন্তু অভিনয়ৰ লগতে ব্যক্তিগত জীৱনৰ বাবেই চৰ্চিত হৈছিল অভিনেত্ৰীগৰাকী ৷ পৰিয়াল আৰু সমাজৰ বিৰুদ্ধে অমৃতা সিঙে ছাইফ আলী খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । কিন্তু, ১৩ বছৰৰ পাচত দুয়োৰে মাজত বিভাজন ঘটিল আৰু তাৰ পিচত দুয়ো পৃথক হয় । ইয়াৰ পিচত ছাইফ আলী খানে যদিও দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল কিন্তু অমৃতা সিং এতিয়াও অবিবাহিত ।
কৰিশ্মা কাপুৰ
৯০ দশকৰ অন্যতম শীৰ্ষ অভিনেত্ৰী কৰিশ্মা কাপুৰে নিজৰ কেৰিয়াৰত বহু ছুপাৰহিট ছবি দৰ্শকক উপহাৰ দিছিল । উৎকৃষ্ট অভিনয়েৰে অনুৰাগীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱনৰ কথা ক’বলৈ ২০০৩ চনত অভিনেত্ৰীগৰাকীয়ে সঞ্জয় কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় । কিন্তু বিবাহৰ ১৩ বছৰৰ পাচতে দুয়োৰে বিবাহ বিচ্ছেদ হয় । ইয়াৰ পিচত সঞ্জয়ে পুনৰ বিয়া পাতিলেও কৰিশ্মা কাপুৰে কেতিয়াও কাকো নিজৰ সংগী বাছি নল’লে ।
মনীষা কৈৰালা
৯০ দশকৰ শীৰ্ষ অভিনেত্ৰী মনীষা কৈৰালা তেওঁৰ যুগৰ অন্যতম সুন্দৰ অভিনেত্ৰী আছিল । যদিও অভিনেত্ৰীগৰাকীৰ নাম বহু অভিনেতাৰ সৈতেও জড়িত আছিল, কিন্তু তেওঁ নেপালৰ ব্যৱসায়ী সম্ৰাট দহলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । কিন্তু দুয়োৰে বিবাহ দীৰ্ঘসময় নচলিল আৰু মাত্ৰ ২ বছৰতে বিবাহ বিচ্ছেদ হয় ।
পূজা ভাট
মহেশ ভাটৰ কন্যা পূজা ভাটে নিজৰ কেৰিয়াৰত এই পৰ্যন্ত বহু ছবিত অভিনয় কৰিছে । পূজা ভাটে এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও তেওঁ এগৰাকী পৰিচালকো । পূজা ভাটৰ ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’ল মহেশ মাখিজাৰ সৈতে পূজাৰ বিবাহ হৈছিল । কিন্তু বিবাহৰ ১১ বছৰ পিচতে দুয়োগৰকীয়ে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লয় ৷ এই অসফল বিবাহৰ পিচত অভিনেত্ৰীগৰাকীয়ে পুনৰ কাৰো লগত বিয়াত নবহিল।