ETV Bharat / entertainment

সোণৰ গহনাৰে ভৰপূৰ কইনা লিন, বগা ধুতি-কুৰ্তা পৰিহিত দৰা ৰণদ্বীপ, চাওক বিয়াৰ ফটো

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 10:28 AM IST

Randeep Hooda-Lin Laishram Wedding Pics: বিবাহপাশত আৱদ্ধ হ’ল বলীউডৰ অভিনেতা ৰণদ্বীপ হুড্ডা আৰু লিন লাইশ্ৰম । তেওঁলোকৰ বিয়াৰ কিছু ভিডিঅ’ আৰু ফটো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

Bollywood actor Randeep Hooda ties the knot with Lin Laishram
বিবাহপাশত আৱদ্ধ হ’ল ৰণদ্বীপ হুড্ডা-লিন লাইশ্ৰম

চিটাৰা ডেস্ক, ৩০ নৱেম্বৰ: ২৯ নৱেম্বৰত প্ৰেমিকা লিন লাইশ্ৰমৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল বলীউড অভিনেতা ৰণদ্বীপ হুড্ডা । মণিপুৰী ৰীতি-নীতি অনুসৰি ইম্ফলত যুগ্ম জীৱনৰ পাতনি মেলে এই দম্পতীয়ে । ইফালে বিয়াৰ কিছু ভিডিঅ’ আৰু ফটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । অৱশ্যে তেওঁলোকৰ বিবাহৰ সাজপাৰ বলীউডৰ চেলিব্ৰিটিসকলৰ বিবাহৰ সাজতকৈ সম্পূৰ্ণ ব্যতিক্ৰম আছিল ৷ যাৰ বাবে এই বিবাহে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

বগা কুৰ্তা-ধুতি পৰিধান কৰিছিল ৰণদ্বীপে

ৰণদ্বীপ হুড্ডা আৰু লিন লাইশ্ৰমৰ বিয়াৰ প্ৰথম ভিডিঅ’ ANI য়ে নিজৰ X একাউণ্টত শ্বেয়াৰ কৰিছিল । প্ৰথমটো ভিডিঅ’ত বগা ধুতি-কুৰ্তা পৰিধান কৰি বিবাহ মণ্ডপলৈ যোৱা দেখা গৈছে ৰণদীপ হুড্ডাক । অভিনেতাগৰাকীয়ে বগা ধুতি-কুৰ্তাৰ লগতে মূৰত একে ৰঙৰ পাগুৰিৰে সম্পূৰ্ণ কৰিছিল নিজৰ লুকটো । ৰণদ্বীপৰ এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

মণিপুৰী কইনাৰ সাজত লিনকো খুব ধুনীয়া দেখা গৈছে

অৱশ্যে তেওঁলোকৰ বিবাহৰ বহুকেইটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ আন এটা ভিডিঅ’ত ৰণদ্বীপ আৰু লিনক মণিপুৰী ৰীতি-নীতি অনুসৰি বিয়াৰ সকলো নিয়ম পালন কৰা দেখা গৈছে ।

  • #WATCH | Manipur | Wedding rituals underway at Chumthang Shannapung resort in Imphal as actors Randeep Hooda and Lin Laishram tie the knot in a traditional Meitei wedding ceremony here. pic.twitter.com/86g6TPFPWG

    — ANI (@ANI) November 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰণদ্বীপ হুড্ডাই শ্বেয়াৰ কৰিলে বিয়াৰ ছবি

বুধবাৰে পৰিয়াল তথা বন্ধবৰ্গৰ উপস্থিতিত ৰণদ্বীপ হুড্ডা আৰু লিন লাইশ্ৰমে বিবাহপাশত আৱদ্ধ হয় ৷ বিয়াৰ পিচতে ৰণদ্বীপ হুড্ডাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত বিয়াৰ শেহতীয়া ফটো শ্বেয়াৰ কৰিছে । এই ফটোসমূহ শ্বেয়াৰ কৰি ৰণদ্বীপে কেপচনত লিখিছে,‘‘আজিৰ পৰা আমি এক ৷’’ ফটোসমূহত ৰণদ্বীপে বগা ৰঙৰ ধুতি-কুৰ্তা পৰিধান কৰাৰ বিপৰীতে লিন লাইশ্ৰমক মণিপুৰৰ পৰম্পৰাগত বিবাহ সাজ পোটলাই পৰিধান কৰা দেখা গৈছে । কইনাৰ সাজ-পোছাকত অতি ধুনীয়া দেখা গৈছে লিন লাইশ্ৰমক ।

ৰণদ্বীপ আৰু লিনৰ বিয়াৰ এই ফটোসমূহ ভাইৰেল হোৱাৰ পাচতে অনুৰাগী তথা বহু চেলিব্ৰিটিয়ে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে ৷

উল্লেখ্য যে, ৰণদ্বীপ হুড্ডা আৰু লিন লাইশ্ৰমৰ বিবাহ মণিপুৰৰ মেইটেই সাংস্কৃতিক নীতি-নিয়মৰ জৰিয়তে সম্পন্ন হয় । ৰণদ্বীপ আৰু লিনৰ বিয়াৰ সাজ-পোছাক চাই এই কথা সহজেই অনুমান কৰিব পাৰি । মেইটাই বিবাহ মণিপুৰৰ এক অতি পুৰণি প্ৰথা ।

যাৰ বাবে ছ’চিয়েল মিডিয়াত ৰণদীপ হুড্ডা আৰু লিন লাইশ্ৰমৰ বিবাহৰ বিষয়ে যথেষ্ট চৰ্চা আৰম্ভ হৈছে । বিয়াৰ পিচত এই দুয়োৰে বিবাহ অভ্যৰ্থনা মুম্বাইত অনুষ্ঠিত হ’ব, য’ত উপস্থিত থাকিব পাৰে বহু তাৰকা ।

লগতে পঢ়ক: অৰ্জুন-চিত্ৰাংগদাৰ বিয়াৰ সৈতে বিশেষ সংযোগ ৰণদীপ-লিনৰ বিয়াৰ, আঁৰৰ সম্পূৰ্ণ কাহিনী জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.