চিটাৰা ডেস্ক, 26 নৱেম্বৰ : বলীউডৰ মোহময়ী অভিনেত্ৰী বিপাশা বসুৱে 12 নৱেম্বৰত এটি কন্যা সন্তানৰ জন্ম দিয়ে । অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত অনুৰাগীসকলৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰি ভৰি দুখনৰ সৈতে জীয়েকৰ প্ৰথম খন ফটো আপলোড কৰে । এতিয়া বিপাশাই সম্পূৰ্ণ তিনিজনীয়া পৰিয়ালৰ এখন ফটো শ্বেয়াৰ কৰিছে । এই ফটোখনত, কৰণ সিং গ্ৰোভাৰ আৰু বিপাশাৰ মুখত পিতৃ-মাতৃ হোৱাৰ আনন্দ স্পষ্টকৈ দেখা পোৱা গৈছে । আলফুলে কোলাত তুলি পিতৃ-মাতৃ দুয়োৱে দেৱীক মৰমসনা দৃষ্টিৰে চাই আছে । বিয়াৰ 6 বছৰৰ পিছত বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰৰ পৰিয়াললৈ তৃতীয়টি সদস্যৰ আগমণ ঘটে (Bipasha Basu Karan Singh Grover baby)। 2016 চনত বিবাহ পাশত আৱদ্ধ হৈছিল বিপাশা-কৰণ ।
ফটোখন শ্বেয়াৰ কৰি বিপাশাই কেপছনত লিখিছে,
আমাৰ মিঠা বেবী এঞ্জেল বনোৱাৰ ৰেচিপি👼🧿
1) আপোনাৰ কোৱাৰ্টাৰ কাপ
2) মোৰ কোৱাৰ্টাৰ কাপ
3) আধা কাপ মা’ৰ আশীৰ্বাদ আৰু মৰম
4) শীৰ্ষত যাদু আৰু অসাধাৰণতা
5) 3 টোপাল ৰামধেনু ৰস, এঞ্জেল ডাষ্ট, ইউনিকৰ্ণ স্পাৰ্কল আৰু সকলো ঐশ্বৰিক বস্তু
6) চিজনিং: সোৱাদ অনুসৰি মৰমলগা আৰু সুস্বাদু ❤️
- " class="align-text-top noRightClick twitterSection" data="
">
বিপাশাৰ এই পোষ্টটোত অনুৰাগীসকলে অভিনন্দন জ্ঞাপন কৰিছে । সমান্তৰালকৈ অনুৰাগীৰ লগতে বলীউড তাৰকাসকলেও দম্পতীহালক অভিনন্দন জনাইছে । বিয়াৰ ছবছৰৰ পিছত এই খবৰে পোহৰাই তুলিছে কৰণ আৰু বিপাশাৰ ঘৰ ৷ দুয়োৰে পৰিয়ালবৰ্গ যথেষ্ট সুখী ৷ বিপাশাই গৰ্ভধাৰণৰ কথা ঘোষণা কৰাৰে পৰা অনুৰাগীসকলে আগ্ৰহেৰে সন্তানৰ জন্মৰ বাবে অপেক্ষা কৰি আছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
বিপাশাইও গোটেই গৰ্ভাৱস্থাত নিজৰ ভালদৰে যত্ন লৈছিল আৰু মাজে মাজে ভিডিঅ’ আৰু কেতিয়াবা ছবিও নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি নিজৰ অৱস্থাৰ বিষয়ে জ্ঞাত কৰি ৰাখিছিল । কৰণ আৰু বিপাশাই একেলগে বহু প্ৰসূতি ফটোশ্বুটও কৰিছিল, যাৰ বাবে বিপাশা ট্ৰ’লো কৰিছিল নেটিজেনে । 2015 চনত ‘এল’ন’ ছবিৰ শ্বুটিঙৰ সময়ত লগ পোৱাৰ পিছত দুয়োৰে প্ৰেম হয় ৷ 2016 চনত দুয়োৰে বিবাহ হয় ।
লগতে পঢ়ক : ষ্টাৰকিডৰ তালিকাত নতুন সংযোজন ৰণবীৰ-আলিয়াৰ কন্যা ‘ৰাহা’