ETV Bharat / entertainment

Puneet Superstars Instagram: ডিলিট হ’ল পুনীত ছুপাৰষ্টাৰৰ ইনষ্টাগ্ৰাম একাউণ্ট, অনুৰাগীয়ে দোষাৰোপ কৰিছে এম চি ষ্টেন অনুৰাগীক

author img

By

Published : Jul 28, 2023, 1:52 PM IST

ডিলিট হ’ল ছলমান খানৰ ৰিয়েলিটি শ্ব’ বিগ বছ অ’টিটি ২ৰ পৰা 24 ঘন্টাৰ ভিতৰত বহিষ্কাৰ হোৱা পুনীত ছুপাৰষ্টাৰৰ ইনষ্টাগ্ৰাম একাউণ্ট ।

Bigg Boss OTT 2: Puneet Superstars Instagram account disabled; fans furious
পুনীত ছুপাৰষ্টাৰৰ ইনষ্টাগ্ৰাম একাউণ্ট ডিলিট হ’ল

চিটাৰা ডেস্ক, 28 জুলাই: হঠাৎ ডিলিট হ’ল ছলমান খানৰ ৰিয়েলিটি শ্ব’ বিগ বছ অ’টিটি ছিজন ২ত অংশগ্ৰহণ কৰা পুনীত ছুপাৰষ্টাৰৰ ইনষ্টাগ্ৰাম একাউণ্ট । ইনষ্টাগ্ৰামত প্ৰত্যেক দিনা ভিডিঅ’শ্বেয়াৰ কৰা পুনীতৰ একাউন্ট হঠাৎ বন্ধ হৈ পৰাত বিচলিত হৈ পৰিছে তেওঁক ফ’ল’ অনুৰাগীসকল ৷ অনুৰাগীয়ে টুইটাৰত পুনীতৰ ইনষ্টাগ্ৰাম একাউন্ট সন্দৰ্ভত টুইট কৰিছে ৷

আনকি একাংশ ইউজাৰে দাবী কৰিছে যে, পুনীতৰ ইনষ্টাগ্ৰাম ডিলিট কৰাৰ আঁৰত এম চি ষ্টেনৰ অনুৰাগী আছে । যদিও ইয়াৰ সত্যসত্যতা এতিয়াও প্ৰমাণিত হোৱা নাই ৷ কিন্তু তেওঁৰ অনুৰাগীসকলৰ বাবে সকাহৰ কথাটো হ’ল যে পুনীতৰ ইনষ্টাগ্ৰামত আন এটা একাউণ্ট আছে, যিটো সক্ৰিয় হৈ আছে । এই একাউন্টত প্ৰায় ৯০ হাজাৰ ফ’ল’ৱাৰ আছে ৷

ইনষ্টাগ্ৰামত নিজৰ ঠাট্টা-মস্কৰাৰে সকলোকে মনোৰঞ্জন দিয়া পুনীত ছুপাৰষ্টাৰ যোৱা কিছুদিনৰ পৰা অধিক চৰ্চা লাভ কৰিছে । চৰ্চাৰ কাৰণ হৈছে ছলমানৰ বিগ বছত অংশগ্ৰহণ কৰা ৷ কিন্তু বিগ বছৰ ঘৰত তেওঁ কৰা কিছু কাৰ্যৰ বাবে বিগ বছৰ ঘৰৰ পৰা 24 ঘন্টাৰ ভিতৰতে বাহিৰ হ’বলগীয়া হয় ৷ বিগ বছৰ পৰা ওলাই অহাৰ পিচত পুনীত ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ আছিল আৰু অহৰহ শ্ব’টোৰ বিষয়ে আৰু শ্ব’টোৰ কিছুমান প্ৰতিযোগীক লৈ টাৰ্গেট কৰি আছিল । এইখিনিতে উল্লেখ কৰিব লাগিব যে যিটো একাউণ্ট ডিলিট কৰা হৈছে সেইটো একাউন্টত তিনি মিলিয়নতকৈ অধিক ফ’ল’ৱাৰ আছিল পুনীতৰ ।

বিগ বছৰ প্ৰিমিয়াৰৰ দিনা জনসাধাৰণে পুনীতক দ্বিতীয় স্থানত ৰাখিছিল যদিও জনসাধাৰণৰ কণ্ঠ হিচাপে শ্ব’টোত উপনীত হোৱা এম চি ষ্টেনকে ধৰি একাংশ বিচাৰকে তেওঁক দশম স্থানত ৰাখিছিল । এই কথাতে খং উঠিছিল পুনীতৰ । কেৱল ইমানেই নহয়, এম চি ষ্টেনে পুনীতৰ কন্টেন্টক Cringe বুলিও কৈছিল । এম চিৰ এই বক্তব্যত ক্ষুব্ধ হৈ পৰে পুনীত। শ্ব’টোৰ পৰা বাহিৰ হোৱাৰ পাচত পুনীতে এম চিক তীব্ৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰে । এম চিক সমালোচনা কৰি ইনষ্টাগ্ৰামত বহুকেইটা ভিডিঅ’ পোষ্ট কৰে পুনীতে ৷ এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়াতো দুয়োৰে অনুৰাগীৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয় ।

এম চি ষ্টেনৰ অনুৰাগীৰ ওপৰত অভিযোগ

পুনীতৰ একাউণ্ট ডিলিট হোৱাৰ পাচত এজন ব্যৱহাৰকাৰীয়ে পোনপটীয়াকৈ এম চি ষ্টেনৰ অনুৰাগীক দোষাৰোপ কৰিছে । ৰাজা চক্ৰৱৰ্তী নামৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “এম চি ষ্টেনৰ অনুৰাগীয়ে একাউন্ট ৰিপ’ৰ্ট কৰাৰ বাবে পুনীত ছুপাৰষ্টাৰৰ ইনষ্টাগ্ৰাম একাউণ্ট ডিলিট হৈছে ।”

লগতে পঢ়ক: Prabhas FB Account Hacked: হেক হ’ল প্ৰভাসৰ ফেচবুক পেজ, টুইট কৰি অনুৰাগীক জনালে এই খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.