চিটাৰা ডেস্ক, 3 আগষ্ট: 'বিগ বছ OTT' ৰ দ্বিতীয় ছিজন বৰ্তমান ছ’চিয়েল মিডিয়াৰ চৰ্চিত বিষয় ৷ শ্ব’টোৰ টি আৰ পি বাকী সকলো শ্ব’তকৈ আগবাঢ়ি আছে । ইয়াৰ লগে লগে ছলমান খানে আতঁ ধৰা এই শ্ব’টো এতিয়া ফাইনেলৰ বহু ওচৰ চাপিছে । একে সময়তে ‘বিগ বছ অ’টিটি ২’ৰ বাবে অনুৰাগীৰ উত্তেজনাও দিনক দিনে বাঢ়িছে । এই ছিজনত আকৰ্ষণীয় টুইষ্ট এণ্ড টাৰ্ণে ইয়াক আৰু অধিক মনোৰঞ্জনদায়ক কৰি তুলিছিল যিয়ে দৰ্শকক শ্ব’টোৰ প্ৰতি আকৃষ্ট কৰি ৰাখিছিল । গতিকে জানো আহক কোন দিনা Bigg Boss OTT 2 ৰ finale হ’ব লগতে এইবাৰ পুৰস্কাৰৰ ধন কিমান হ’ব ৷
কেতিয়া হ’ব Bigg Boss OTT 2 ৰ finale ?
‘বি বি অ’ টি টি ২’ৰ finale পূৰ্বে জুলাই মাহৰ শেষৰ সপ্তাহতেই হ’বলগীয়া আছিল । কিন্তু শ্ব’টোৰ আকাশলংঘী টি আৰ পিৰ বাবে আয়োজক ছলমান খানে শ্ব’টো দুসপ্তাহৰ বাবে বৃদ্ধিৰ কথা ঘোষণা কৰি আগষ্টৰ দ্বিতীয় সপ্তাহলৈকে বৃদ্ধি কৰে । এনে পৰিস্থিতিত ১২ বা ১৩ আগষ্টত গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হ’ব পাৰে । অৱশ্যে ‘বিগ বছ অ’টিটি ২’ৰ গ্ৰেণ্ড ফিনালেৰ আনুষ্ঠানিক তাৰিখ এতিয়াও নিৰ্মাতাসকলে ঘোষণা কৰা নাই ।
বিগ বছ অ টি টি 2 ফাইনেল প্ৰতিযোগী কোন কোন হ’ব ?
বিগ বছ অ’টিটি ২ৰ ফাইনেল টাস্কত পূজা ভাটক পৰাস্ত কৰি অভিষেক মালহান হৈ পৰিছে প্ৰথম ফাইনালিষ্ট । একে সময়তে ফিনালেত বাকী থকা দুগৰাকী প্ৰতিযোগীৰ বাবে ছ’চিয়েল মিডিয়াত এলভিছ যাদৱ আৰু মনীষা ৰাণী বা জিয়া শংকৰৰ নাম চৰ্চাত আছে ৷
বিগ বছ অ’টিটি ২ৰ বিজয়ী-ৰানাৰ্ছ আপ কোন হ’ব পাৰে?
খবৰ অনুসৰি অভিষেক বা এলভিছে বিগ বছ অ’টিটি ২ ৰ খিতাপ দখল কৰিব পাৰে আৰু জিয়াই ৰানাৰ্ছ আপৰ খিতাপ দখল কৰিব পাৰে যিহেতু এগৰাকী জনপ্ৰিয় টিভি মুখ । অৱশ্যে এই ছিজনৰ বিজয়ী আৰু ৰানাৰ্ছ আপ কোন হ’ব সেয়া সময়েহে ক’ব ।
বিগ বছ অ’টিটি ২ৰ পুৰস্কাৰৰ ধন কিমান হ’ব ?
শেহতীয়াকৈ মনীষা ৰাণী আৰু অভিষেক মালহানে লাইভ ফিডত বিজয়ীৰ পুৰস্কাৰৰ ধনৰ কথা পাতি থকা দেখা গৈছিল । এই সময়ত মনীষাই কয়, "মই যদি শ্ব’টোৰ বিজয়ী হওঁ তেন্তে ২৫ৰ ভিতৰত ৫ লাখ তোমাক দিম... যিয়েই নহওক, তোমাৰ টকাৰ প্ৰয়োজন নাই । যদি তুমি বিজয়ী হোৱা তেন্তে মোক ২৫ লাখৰ ভিতৰত ১২ লাখ টকা দিব লাগিব. . . তেতিয়া মোৰ সম্পত্তি মুম্বাইত হৈ যাব ৷ '' অভিষেকে এই কথাত উত্তৰ দিয়ে, ''হম্ম..ঠিক আছে'' ৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বিগ বছ অ’টিটিৰ প্ৰাইজ মানি ২৫ লাখ টকা হ’ব পাৰে ।
উল্লেখ্য যে বিগ বছ অ’টিটি ছিজন ১ ৰ বিজয়ী দিব্যা আগৰৱালে ২০২১ চনত একে পৰিমাণৰ পুৰস্কাৰৰ ধন লাভ কৰিছিল ।