চিটাৰা ডেস্ক, 5 এপ্ৰিল: অলপ বিৰতিৰ পিচত পুনৰ কৰ্মক্ষেত্ৰলৈ ঘূৰি আহিছে মেগাষ্টাৰ অমিতাভ বচ্চন । মেগাষ্টাৰ গৰাকীয়ে নিজৰ ব্লগৰ জৰিয়তে কয় যে তেওঁ বৰ্তমান কিছু সুস্থ হৈ উঠিছে আৰু সেয়াহে তেওঁ পুনৰ কাম আৰম্ভ কৰিছে । প্ৰভাসৰ আগন্তুক ছবি প্ৰজেক্ট কেৰ দৃশ্যগ্ৰহণৰ সময়ত অভিনেতাগৰাকী আহত হৈছিল ৷ ছ’চিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় হৈ থকা অভিনেতাগৰাকী আহত হোৱাৰ খবৰ অনুৰাগীক ছ’চিয়েল মিডিয়াযোগেই জনাইছিল (Bollywood actor Amitabh Bachchan) ৷
![Big B shares pictures from set as he resumes work after rib injury](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18172821_ig.jpg)
আহত হোৱাৰ পিচত হায়দৰাবাদৰ চিকিৎসকে ৮০ বছৰীয়া বচ্চনক চিটি স্কেন কৰি কামৰ পৰা বিৰতি লৈ ঘৰতে জিৰণি ল’বলৈ পৰামৰ্শ দিছিল । সেই পৰামৰ্শ মতেই বহুদিনৰে পৰা জিৰণি লৈ আছিল মেগাষ্টাৰগৰাকী ৷ অসুস্থতাৰ বাবেই বলীউডৰ তাৰকাগৰাকীয়ে সেইসময়ত অনুৰাগীৰ সৈতে মত বিনিময় কৰাৰো কথা আছিল কিন্তু আহত হোৱাৰ বাবেই মিটআপ বাতিল কৰিবলগীয়া হৈছিল (Amitabh Bachchan back to work after recovery) ৷
কিন্তু সম্প্ৰতি সুস্থ হৈ উঠিছে বিগ বি (Amitabh bhachchan back to work on Project K) ৷ বুধবাৰে বিগ বিয়ে নিজৰ ছবিৰ চেটৰ নিজৰ কেইখনমান ছবি পোষ্ট কৰিছে ৷ ছবি পোষ্ট কৰি বিগ বিয়ে কয় যে, তেওঁ পুনৰ কামলৈ আহিছে (Amitabh to work after recovering from injury) । অভিনেতাগৰাকীয়ে কয়, "মই কামলৈ উভতি আহিছো ৷" ছবিসমূহৰ সবিশেষ বৰ্ণনা কৰি অভিনেতাগৰাকীয়ে কেপচনত লিখিছে, "মুখখন.. টাচ আপ.. আৰু শ্বট.."
![Big B shares pictures from set as he resumes work after rib injury](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18172821_bn.jpg)
তেওঁ লগতে কয়, "লেখাৰ ওপৰত সংশোধন আৰু আলোচনা.. সৌহাৰ্দ্যপূৰ্ণ আৰু অন.." আৰু, "কৰ্মৰ সন্মুখত মেজাজ অলপ গ্ৰিম হওক... আৰু সেইটো পেজত প্ৰতিফলিত হয়..." তাৰকাগৰাকীয়ে নিজৰ পোষ্টটোৰ সামৰণি মাৰি কয়, " আৰু আৰম্ভণিতে ৰুটিন.. ৰুটলৈ যোৱা পথত.. পৰিৱেশটো ইমানেই আওকাণ কৰা হৈছিল যে সময়ৰ বাবে পুনৰ আবিৰ্ভাৱ হ'ব আৰু আশ্বাসৰ মুখত অনুভৱ.. সকলোৰে প্ৰতি মোৰ মৰম.."৷ তেওঁ লগতে কয়, "লিখনিৰ ওপৰত সংশোধন আৰু আলোচনা ।" সৌহাৰ্দ্যপূৰ্ণ আৰু অন..." আৰু, "কামৰ ক্ষেত্ৰত মনোভাৱ কিছু গম্ভীৰ ৷ সেইটো পৃষ্ঠাত প্ৰতিফলিত হৈছে ৷ "
লগতে পঢ়ক: Amitabh Bachchan: নিজৰ স্বাস্থ্যৰ বিষয়ে কি ক’লে অমিতাভ বচ্চনে ?