ETV Bharat / entertainment

মুকলি হ’ল Bhool Bhulaiyaa 2 ৰ টিজাৰ

বৃহস্পতিবাৰে মুকলি হ’ল 'ভুল ভুলাইয়া ২'ৰ টিজাৰ (Bhool Bhulaiyaa 2)। ৫৩ ছেকেণ্ডৰ টিজাৰটোত কাৰ্তিক আৰিয়ান আৰু ৰাজপাল যাদৱৰ চৰিত্ৰ দুটা দেখোৱা হৈছে ৷ টিজাৰটোত মঞ্জুলিকাৰো আভাসৰ দিয়া হৈছে ৷

author img

By

Published : Apr 14, 2022, 7:34 PM IST

Bhool Bhulaiyaa 2
মুকলি হ’ল ভুল ভুলাইয়া ২ ৰ টিজাৰ

চিটাৰা ডেস্ক, 14 এপ্ৰিল : কাৰ্তিক আৰিয়ান আৰু কিয়াৰাৰ অনুৰাগী সকললৈ সুখবৰ ৷ দুয়োজন জনপ্ৰিয় তাৰকা চলচ্চিত্ৰ প্ৰেমী দৰ্শকৰ মাজলৈ আহিব ভুল ভুলাইয়া ২ ৰ জৰিয়তে ৷ বৃহস্পতিবাৰে মুকলি কৰা হয় ছবিখনক টিজাৰ ৷ ৰুহ বাবা ৰূপত কাৰ্তিকক এক অন্য চৰিত্ৰত দেখিবলৈ পোৱা যাব ছবিখনত ৷

অভিনেতা কাৰ্তিক আৰিয়ানে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে ছবিখনৰ টিজাৰটো ৷ ভুল ভুলাইয়া ২ য়ে চলিত বৰ্ষৰ 22 মে’ ত মুক্তি লাভ কৰিব (Bhool Bhulaiyaa 2 release date) ৷ 25 মাৰ্চত মুক্তি লাভ কৰিব লগীয়া ছবিখনৰ মুক্তিৰ তাৰিখ কিবা কাৰণত 22 লৈ পিছুৱাই দিয়া হয় ৷

টিজাৰটো শ্বেয়াৰ কৰি কাৰ্তিকে লিখে, 'ৰুহ বাবা আহি আছে, সাৱধান মঞ্জুলিকা' ৷ টিজাৰটোত ক’লা সাজত দেখা গ’ল কাৰ্তিকক ৷ 53 চেকেণ্ডৰ এই ভিডিঅ’টোত কাৰ্তিকৰ পিছে পিছে খোজকাঢ়ি থাকিলে ৰাজপাল যাদৱে ৷ টিজাৰটোত মঞ্জুলিকাৰো কিছু আভাস পোৱা গ’ল (Bhool Bhulaiyaa 2 cast) ৷

চলচ্চিত্ৰখন আনিস বাজমীৰ দ্বাৰা পৰিচালিত এখন হৰৰ কমেডি ৷ টাবুৱেও অভিনয় কৰিছে ছবিখনত ৷ ছবিখন টি-চিৰিজ আৰু চিনে 1 ষ্টুডিঅজ'ৰ বেনাৰত ভূষণ কুমাৰ, মুৰাদ খেতানি আৰু কৃষ্ণ কুমাৰে প্ৰযোজনা কৰিছে । ফাৰহাদ চামজী আৰু আকাশ কৌশিকৰ দ্বাৰা লিখা ভুল ভুলাইয়া ২ হৈছে চলচ্চিত্ৰ নিৰ্মাতা প্ৰিয়দৰ্শনৰ ২০০৭ চনৰ ভুল ভুলাইয়া চিকুৱেল য'ত অক্ষয় কুমাৰ আৰু বিদ্যা বালানে অভিনয় কৰিছিল (Bhool Bhulaiyaa 2 remake of which movie) ।

প্ৰিয়দৰ্শনৰ দ্বাৰা পৰিচালিত ভুল ভুলাইয়া ১৯৯৩ চনৰ মালায়ালম চলচ্চিত্ৰ মণিচিত্ৰাথজুৰ পুনঃৰ্নিৰ্মাণ আছিল । ছবিখনত আমিশা পেটেল, পৰেশ ৰাৱাল, মনোজ যোশী, আসৰাণী, ৰাজপাল যাদৱ আৰু বিক্ৰম গোখলেও অভিনয় কৰিছিল । ভুল ভুলাইয়াত বিদ্যাৰ অভিনয় এতিয়াও আইকনিক বুলি গণ্য কৰা হয় আৰু ইয়াক এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে গণ্য কৰা হৈছে ।

লগতে পঢ়ক: Sonam Kapoor latest news: সোনম কাপুৰৰ ঘৰত চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ নাৰ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.