ETV Bharat / entertainment

Bambai Meri Jaan Trailer: ভোক আৰু সততাৰ মাজত সংঘৰ্ষ, বম্বাই মেৰী জানৰ ট্ৰেইলাৰ মুকলি - Bambai Meri Jaan Trailer Released

প্ৰাইম ভিডিঅ’ই ঘোষণা কৰিছে নিজৰ শেহতীয়া প্ৰজেক্ট বম্বাই মেৰী জান । আজি মুকলি হ’ল ধাৰাবাহিকখনৰ ৰোমাঞ্চকৰ ট্ৰেইলাৰ । চাওক ট্ৰেইলাৰ ৷

Bambai Meri Jaan trailer: Kay Kay Menon and Avinash Tiwary find themselves in a timeless conflict between good and evil
বম্বাই মেৰী জানৰ ট্ৰেইলাৰ মুকলি
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 4:58 PM IST

চিটাৰা ডেস্ক, 4 ছেপ্টেম্বৰ: অ’টিটি প্লেটফৰ্মত শীঘ্ৰেই আহি আছে অপৰাধ সম্পৰ্কীয় আন এখন ৱেব ছিৰিজ । কিছুদিন পূৰ্বে মুকলি কৰা হৈছিল ‘বম্বে মেৰী জান’ ধাৰাবাহিকখনৰ পোষ্টাৰ । আনহাতে, এতিয়া মুকলি কৰা হৈছে ট্ৰেইলাৰ, য’ত ১৯৭০ চনত বম্বেত দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা মাফিয়া ৰাজৰ কাহিনী দেখুওৱা হৈছে ।

'বম্বে মেৰী জান'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কে কে মেনন আৰু অবিনাশ তিৱাৰীয়ে । কে কে এজন সৎ আৰক্ষী বিষয়া ‘ইছমাইল কাদ্ৰী’ৰ চৰিত্ৰত অভিনয় কৰিছে, আনহাতে অবিনাশে ইছমাইল কাদ্ৰীৰ পুত্ৰ ‘দাৰা কাদ্ৰী’ৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে ক্ষমতা আৰু ধনৰ জগতখন বাছি লৈ মাফিয়া হৈ পৰে, পিতৃৰ পথ অনুসৰণ নকৰে ।

'বম্বে মেৰী জান'ৰ ট্ৰেইলাৰ কেনেকুৱা ?

  • " class="align-text-top noRightClick twitterSection" data="">

ট্ৰেইলাৰৰ আৰম্ভণিতে প্ৰথম সংলাপটো আৰম্ভ হৈছে “যেতিয়া সততাই ভোকৰ সৈতে সংঘৰ্ষ কৰে তেতিয়া ই সদায় পৰাজয় বৰণ কৰে ৷ সৎ আছিলোঁ যদিও ভয় খাই ভোকত আছিলোঁ ।” ইয়াৰ পিছত প্ৰৱেশ কৰে ইছমাইল কাদ্ৰী, যাৰ সমগ্ৰ বম্বেৰ পৰা অপৰাধ নিৰ্মূল কৰাৰ লক্ষ্য থাকে । একে সময়তে দৰিদ্ৰতা আৰু ভোকত অশান্তিগ্ৰস্ত দাৰা কাদ্ৰীৰৰ বাবে পিতৃৰ নীতিৰ কোনো গুৰুত্ব নাই।

সততাৰ ওপৰত প্ৰাধান্য পায় ভোকাতুৰ পেটে

ইফালে বম্বেৰ ৰাজপথত ক্ৰমাৎ বৃদ্ধি পোৱা গেং ৱাৰ আৰু অপৰাধে তেওঁক আকৰ্ষণ কৰে । এতিয়া অপৰাধৰ জগতখনত গভীৰভাৱে ডুব যোৱা এজন সৎ পুলিচ আৰু তেওঁৰ পুত্ৰৰ মাজত সংঘৰ্ষ হয়। ইছমাইল কাদ্ৰীয়ে পুত্ৰৰ অন্ত পেলাব পাৰিব নে নাই এই টুইষ্টৰ সৈতে ধাৰাবাহিকখন আগবাঢ়িছে ।

কেতিয়া মুক্তি পাব ধাৰাবাহিকখন ?

অহা ১৪ ছেপ্টেম্বৰত আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পাব ‘বম্বে মেৰী জান’ৰ গ্ল’বেল প্ৰিমিয়াৰ । ধাৰাবাহিকখনৰ ১০টা খণ্ড থাকিব । বম্বে মেৰী জান ছবিখনৰ তাৰকা অভিনেতাৰ কথা ক’বলৈ গ’লে ধাৰাবাহিকখনত অবিনাশ তিৱাৰী আৰু কে কে মেননৰ লগতে কৃতিকা কামৰা, নিবেদিতা ভট্টাচাৰ্য আৰু অমিৰা দস্তুৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

ধাৰাবাহিকখনৰ পৰিচালক

‘বম্বে মেৰী জান’ পৰিচালনা কৰিছে শুজাত সৌদাগৰে । একে সময়তে এক্সেল মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্টৰ ৰিতেশ সিধৱানী, কাছিম জগমাগিয়া আৰু ফাৰহান আখতাৰে এই ধাৰাবাহিকখন প্ৰযোজনা কৰিছে। ধাৰাবাহিকখনৰ কাহিনী লিখিছে এছ হুছেইন জাইদীয়ে ৷

লগতে পঢ়ক: Dono Trailer out: ছানী দেওলৰ পদাংক অনুসৰণ কৰি ডাঙৰ পৰ্দাত পদাৰ্পন কণিষ্ঠ পুত্ৰ ৰাজবীৰৰ; ডোনোৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.