ETV Bharat / entertainment

Tejas Collection : 4 খন ফ্লপ ছবি দিয়াৰ পিচত ভাঙি পৰিব নেকি কংগনা ? এতিয়া আন এখন ফ্লপ হোৱাৰ পথত

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 2:24 PM IST

কংগনা ৰানাৱটৰ একচন ছবি ‘তেজস’ ধৰাশায়ী হ’ল বক্স অফিচত । ছবিখনৰ এই পৰ্যন্তৰ বক্স অফিচ সংগ্ৰহ জানি লওক ৷

Back to back flop Kangana Ranauts film, Know Tejas Box Office Collection
তেজস ধৰাশায়ী হ’ল বক্স অফিচত

চিটাৰা ডেস্ক, 29 অক্টোবৰ : বক্স অফিচত হতাশাজনক আৰম্ভণিৰ পিচত কংগনা ৰানাৱটৰ একচন ছবি ‘তেজস’ গতি লাভ কৰাত ব্যৰ্থ হৈছে । 27 অক্টোবৰত অৰ্থাৎ শুকুৰবাৰে ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিছিল এই ছবিখন ৷ ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ সেকনিল্কৰ মতে, প্ৰথম দিনা ছবিখনে 1.25 কোটি টকাৰে বক্স অফিচত খাতা খোলে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে শনিবাৰে ছবিখনৰ উন্নতিৰ কোনো লক্ষণ দেখা নগ’ল ।

‘তেজস’ ছবিখনে বিধু বিনোদ চোপ্ৰাৰ ছবি ‘12th fail’ ৰ সৈতে কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছে, যাৰ সংগ্ৰহ বক্স অফিচত 100% বৃদ্ধি পাইছিল । তেজসৰ দৰে ‘12th fail’ ছবিখনো বক্স অফিচত লেহেমীয়া আৰম্ভণি হৈছিল আৰু শুকুৰবাৰে 1.10 কোটি টকা উপাৰ্জন কৰিছিল । অৱশ্যে শনিবাৰে 2.20 কোটি টকা উপাৰ্জন কৰি তেজসৰ সংগ্ৰহ অতিক্ৰম কৰিবলৈ সক্ষম হয় ।

তেজসৰ এই পৰ্যন্তৰ উপাৰ্জন কিমান হৈছে ?

'তেজস'ৰ মুকলি দিনটোত দেশজুৰি 1.25 কোটি টকা সংগ্ৰহ কৰে । দ্বিতীয় দিনা 1.31 কোটি টকা সংগ্ৰহ কৰে । ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ সেকনিল্কৰ মতে ছবিখনে তৃতীয় দিনটোত 1.50 কোটি টকা উপাৰ্জন কৰিব পাৰে । যদি এনে হয় তেন্তে ইয়াৰ লগে লগে ছবিখনৰ মুঠ তিনিদিনীয়া সংগ্ৰহ হ’বগৈ 4.06 কোটি টকা ।

ইয়াৰ পূৰ্বে 4 খন ছবি ফ্লপ হৈছিল কংগনাৰ

উল্লেখ্য যে, তেজস ছবিখনৰ ডাঙৰ বাজেট আৰু প্ৰচাৰৰ পিচতো আশা কৰা ধৰণে সফলতা লাভ কৰিব নোৱাৰিলে । কংগনা ৰানাৱট আৰু তেজসৰ প্ৰযোজক আৰ এছ ভি পি মুভিজৰ বাবে এইটো এটা ডাঙৰ ক্ষতি কাৰণ ছবিখন বৃহৎ বাজেটেৰে নিৰ্মাণ কৰা হৈছিল । বক্স অফিচত ধাৰাবাহিকভাৱে ফ্লপৰ সৈতে যুঁজি থকা কংগনাৰ বাবে এয়া ডাঙৰ হতাশাজনক খবৰ ।

ঢাকাড় (2022), থালাইভি (2021), পাংগা (2020) আৰু জজমেণ্টেল হে কিয়া (2019) কে ধৰি তেওঁৰ শেষৰ পাঁচখন ছবিয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে ৷ যাৰ বাবে বক্স অফিচত ফ্লপ ৰূপে পৰিগণিত হৈছিল ।

অনুৰাগীক তেজস চাবলৈ অনুৰোধ জনালে কংগনাই

শনিবাৰে সন্ধিয়া কংগনাই নিজৰ অনুৰাগীসকলৰ বাবে এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেজস চাবলৈ চিনেমা হললৈ আমন্ত্ৰণ জনায় । অভিনেত্ৰীগৰাকীয়ে ভিডিঅ’টোৰ কেপচনত লিখিছে,‘‘ বহু থিয়েটাৰ বন্ধ হৈ আছে আৰু বিনামূলীয়া টিকট আৰু বহু যুক্তিসংগত অফাৰৰ পিচতো দৰ্শকৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাইছে । চিনেমা হলত চিনেমা চাবলৈ আৰু পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে উপভোগ কৰিবলৈ অনুৰোধ জনাইছো, অন্যথা তেওঁলোক (থিয়েটাৰ) জীয়াই থাকিব নোৱাৰিব । ধন্যবাদ ৷ "

তেজস চিনেমাৰ বিষয়ে

তেজস ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কংগনা ৰানাৱটে । সৰ্বেশ মেৱাদাৰে লেখা আৰু পৰিচালনা কৰা ছবিখন ৰনি স্ক্ৰুভালাৰ প্ৰযোজনা কৰিছে । কংগনাৰ উপৰিও এই ছবিখনত অংশুল চৌহান, বৰুণ মিত্ৰ, আশীষ বিদ্যাৰ্থী, বিষক নাইৰ, কাশ্যপ শংগাৰী, সুনীত টণ্ডন, ৰিঅ’ কাপাদিয়া, মোহন আগশে আৰু মুস্তাক কাক আদি অভিনেতাই অভিনয় কৰিছে ।

লগতে পঢ়ক: Kangana Ranaut Appeals To Fans : অনুৰাগীলৈ কংগনা ৰানাৱটৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.